বহুদিন পূৰ্বে প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক জ্যোতিষীয়ে দিছিল সতৰ্কবাণী!

বহুদিন পূৰ্বে প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক জ্যোতিষীয়ে দিছিল সতৰ্কবাণী!

সত্য প্ৰমাণিত হ’ল জ্যোতিষীৰ বাণী ! বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাকলৈ জ্যোতিষীয়ে কৰা ভৱিষ্যত বাণী এতিয়া যেন সঁচা বুলি প্ৰমাণিত হ’ল।
Published on

ডিজিটেল ডেস্ক : সত্য প্ৰমাণিত হ’ল জ্যোতিষীৰ বাণী ! বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাকলৈ জ্যোতিষীয়ে কৰা ভৱিষ্যত বাণী এতিয়া যেন সঁচা বুলি প্ৰমাণিত হ’ল। এই কথা নিজেই সামাজিক মাধ্যমত ৰাজহুৱা কৰিলে জ্যোতিষীগৰাকীয়ে।

প্ৰখ্যাত জ্যোতিষী প্ৰশান্ত কিনিয়ে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ বৰ্তমানৰ পৰিস্থিতি সম্পৰ্কে ২০২৩ চনতে সতৰ্ক কৰি দিছিল। ২০২৩ৰ ১৪ ডিচেম্বৰত এক্সযোগে কৰা এটা পোষ্টত লিখিছিল যে ২০২৪ বৰ্ষৰ মে, জুন, জুলাই আৰু আগষ্ট এইকেইটা মাহ শ্বেখ হাছিনাৰ বাবে ভাল নহয়।

গতিকে প্ৰধানমন্ত্ৰীগৰাকীয়ে এইকেইটা দিনত সাৱধানে চলা-ফুৰা কৰিব লাগিব। তাৰোপৰি এইকেইটা মাহত হাছিনাক সতৰ্ক হৈ থাকিবলৈ পৰামৰ্শ আগবঢ়াইছিল জ্যোতিষী প্ৰাশান্ত কিনিয়ে।

শ্বেখ হাছিনাই প্ৰধানমন্ত্ৰী পদ ত্যাগ কৰাৰ পাছতে জ্যোতিষীগৰাকীয়ে নিৰ্দিষ্ট পোষ্টটো ৰাজহুৱা কৰি এই কথা উল্লেখ কৰে –

User

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে আন্দোলনকাৰীৰ ৰুদ্ৰমুৰ্তি দেখি সোমবাৰে শ্বেখ হাছিনাই প্ৰধানমন্ত্ৰী পদ ত্যাগ কৰিবলৈ বাধ্য হৈছিল। পদ এৰিবলৈ প্ৰধানমন্ত্ৰী হাছিনাক সেনাই দিছিল মাত্ৰ ৪৫ মিনিট সময়। ইমান কম সময়ৰ ভিতৰতে বাংলাদেশৰ প্ৰধানমন্ত্ৰী হাছিনাই পদত্যাগ কৰি সেনাৰ হেলিকপ্টাৰেৰে আগৰতলাত উপস্থিত হৈছিল।

অৱশ্যে ইয়াৰ পাছত কোনোমতে গাজিয়াবাদত বায়ুসেনাৰ বিমানকোঠত উপস্থিত হৈছিল শ্বেখ হাছিনা। হাছিনাৰ পদত্যাগৰ পাছতে পট পৰিৱৰ্তন ঘটাই বাংলাদেশৰ সমস্ত ক্ষমতা চমজি লৈছিল সেনাই।

বহুদিন পূৰ্বে প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক জ্যোতিষীয়ে দিছিল সতৰ্কবাণী!
বাংলাদেশত শ্বেখ হাছিনা চৰকাৰৰ ছন্দপতনঃ প্ৰধানমন্ত্ৰীৰ বাসভৱনত হাজাৰ হাজাৰ লোকৰ প্ৰৱেশ...
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in