ডিজিটেল ডেস্ক : পৃথিৱীত প্ৰায় ৭০০০ হেজাৰৰো অধিক কথিত ভাষা আছে । এই ভাষা সমূহৰ কোনোবাটোৰ যদি আন কোনোবা এটাৰ সৈতে সাদৃশ্য আছে, তেন্তে আন কোনোবাটো আকৌ সম্পূৰ্ণ বেলেগ । কোনো এক সভ্যতা-সংস্কৃতিৰ বাবে যি কলা, সি হয়তো আন কাৰোবাৰ বাবে অশ্লীলতা । মুঠৰ ওপৰত কেৱল ভাষাই নহয় বৰং ৰাজনৈতিক, ভৌগোলিক সকলো ধৰণৰ সীমাৰ মাজতেই আৱদ্ধ মানৱ জাতি । কিন্তু এই সকলোবোৰক অতিক্ৰম কৰি সকলোৰে বাবে আছে এক বিশ্বজনীন ভাষা । ই হৈছে বোলছবি । বোলছবিৰ ভাষা সকলোৰে বাবে একেই । প্ৰথমে উপভোগ আৰু কলাত্মক শৈলীৰে নিৰ্মাণ কৰা হ'লেও সন্তৰ্পণে এই সমূহৰ মাজত সোমাই পৰিল একাডেমী এৱাৰ্ডছ অথবা অস্কাৰ । ১৯২৯ চনত দা হলীউড ৰুছভেল্ট হোটেলত আয়োজিত এক ব্যক্তিগত পাৰ্টীৰ পৰা আৰম্ভ হৈছিল বিশ্বৰ আটাইতকৈ বেছি চৰ্চিত অস্কাৰ বঁটা ।
২০২৩ চনত ৯৫ সংখ্যক অস্কাৰ বঁটা ঘোষণা কৰা হ'ল ১২ মাৰ্চত । অৱশ্যে বিশ্ববাসীয়ে এই বঁটাৰ তালিকা লাভ কৰিলে পৰৱৰ্তী দিনা পুৱা ৫ বজাতহে । অৰ্থাৎ ১৩ মাৰ্চত ।
শ্ৰেষ্ঠ বোলছবি :
"Everything, Everywhere All At Once"
শ্ৰেষ্ঠ পৰিচালক :
ডেনিয়েল ৱান (Daniel Kwan) আৰু ডেনিয়েল শ্বেইনাৰ্ট (Daniel Scheinert),"Everything, Everywhere All At Once" ৰ বাবে
শ্ৰেষ্ঠ অভিনেত্ৰী :
মিছেল ইয়হ (Michelle Yeoh) "Everything, Everywhere All At Once" ৰ বাবে
শ্ৰেষ্ঠ অভিনেতা :
ব্ৰেণ্ডন ফ্ৰেচাৰ (Brendan Fraser) "The Whale" ৰ বাবে
শ্ৰেষ্ঠ সহ অভিনেত্ৰী :
জেমী লী কাৰ্টিছ ( Jamie Lee Curtis) “Everything Everywhere All at Once” ৰ বাবে
শ্ৰেষ্ঠ সহ অভিনেতা :
কে হ্যু কুৱান (Ke Huy Quan), “Everything Everywhere All at Once” ৰ বাবে
শ্ৰেষ্ঠ মৌলিক ছবি
এভ্ৰী থিং, এভ্ৰী হুৱেৰ অ'ল এট ৱান্স (Everything, Everywhere All At Once)
শ্ৰেষ্ঠ এড'প্টেড ছবি
ৱ'মেন টকিং (Women Talking)
শ্ৰেষ্ঠ এডিটিং :
এভ্ৰী থিং, এভ্ৰী হুৱেৰ অ'ল এট ৱান্স (Everything, Everywhere All At Once) ৰ বাবে প'ল ৰজাৰ্ছ (Paul Roge
শ্ৰেষ্ঠ মৌলিক সংগীত :
নাটু নাটু (Naatu Naatu) ৰ বাবে এম এম কীৰাৱানী (M. M. Keeravani) আৰু চন্দ্ৰবোস (Chandrabose)
শ্ৰেষ্ঠ মৌলিক আৱহ সংগীত
অ'ল কুৱাইট অন দা ৱেষ্টাৰ্ণ ফ্ৰন্ট (All Quiet On The Western Front) ৰ বাবে ভোল্কাৰ বাৰ্টালমন (Volker Bertelmann)
শ্ৰেষ্ঠ এনিমেটেড চুটি ছবি
দা বয়, দা ম'ল, দা ফক্স এণ্ড দা হৰ্ছ (The Boy, The Mole, The Fox and The Horse)
শ্ৰেষ্ঠ কষ্টিউম ডিজাইন
ব্লেক পেন্থাৰ : ৱাকাণ্ডা ফ'ৰেভাৰ (Black Panther : Wakanda Forever) ৰ বাবে ৰুথ ই কাৰ্টাৰ (Ruth E. Carter)
শ্ৰেষ্ঠ প্ৰসাধন আৰু চুলিৰ সজ্জা
দা হুৱেল (The Whale) ৰ বাবে এড্ৰিয়ান ম'ৰ'ট (Adrien Morot), জুডী চিন (Judy Chin) আৰু এনিমেৰী ব্ৰেডলী (Annemarie Bradley)
শ্ৰেষ্ঠ চিনেমেট'গ্ৰাফী :
অ'ল কুৱাইট অন দা ৱেষ্টাৰ্ণ ফ্ৰন্ট (All Quiet On The Western Front) ৰ বাবে জেমছ ফ্ৰেণ্ড (James Friend)
শ্ৰেষ্ঠ লাইভ-একশ্ব্যন চুটি ছবি :
এন আইৰিশ্ব গুডবাই (An Irish Goodbye) ৰ বাবে টম বাৰ্কেলেই (Tom Berkeley) আৰু ৰছ হুৱাইট (Ross White)
শ্ৰেষ্ঠ ভিজুৱেল এফেক্ট :
অৱতাৰ : দা ৱে অৱ ৱাটাৰ (Avatar : The Way of Water) ৰ বাবে জ' লেট্টেৰী (Joe Letteri), ৰিচাৰ্ড বেনেহাম (Richard Baneham), এৰিক চেইনডম (Eric Saindon) আৰু ডেনিয়েল বেৰেট (Daniel Barette)
আন্ত:ৰাষ্ট্ৰীয় ফিচাৰ ছবি :
অ'ল কুৱাইট অন দা ৱেষ্টাৰ্ণ ফ্ৰন্ট (All Quiet On The Western Front)
শ্ৰেষ্ট শব্দ সম্পাদনা :
টপ গান : মেভৰিক (Top Gun : Maverick) ৰ বাবে মাৰ্ক ৱেইগাৰ্টেন (Mark Weingarten), জেমছ মেদাৰ (James Mather), আল নেলছন (Al Nelson), খ্ৰীছ বাৰ্ডন (Chris Burdon) আৰু মাৰ্ক টেইলৰ (Mark Taylor)
শ্ৰেষ্ঠ প্ৰডাকশ্বন ডিজাইন :
অ'ল কুৱাইট অন দা ৱেষ্টাৰ্ণ ফ্ৰন্ট (All Quiet On The Western Front) ৰ বাবে খ্ৰিষ্টিয়ান এম. গ'ল্ডবেক (Chirstian M. Goldbeck) আৰু আৰ্নেষ্টাইন হিপ্পাৰ (Ernestine Hipper)
শ্ৰেষ্ঠ ফিচাৰ তথ্যচিত্ৰ :
নাভালনী (Navalny)
শ্ৰেষ্ঠ চুটি তথ্যচিত্ৰ :
দা এলিফেন্ট হুইস্পাৰাৰ্ছ (The Elephant Whisperers)G
শ্ৰেষ্ঠ এনিমেটেড ফিচাৰ :
গিলেৰ্মো ডেল ট'ৰ'জ পিনোক্কিঅ' (Guileermo del Torro's Pinocchio)