ভয়াৱহ হৈ পৰিছে মধ্য প্ৰাচ্যৰ পৰিৱেশ : এয়াৰ ইণ্ডিয়াই বাতিল কৰিছে ইজৰাইল অভিমুখী বিমান

ভাৰতীয় নাগৰিকসকলক চলাচল সীমিত কৰিবলৈ অনুৰোধ জনাইছে ভাৰতীয় দূতাবাসে

author-image
Asomiya Pratidin
New Update
ভয়াৱহ হৈ পৰিছে মধ্য প্ৰাচ্যৰ পৰিৱেশ : এয়াৰ ইণ্ডিয়াই বাতিল কৰিছে ইজৰাইল অভিমুখী বিমান

ডিজিটেল ডেস্ক : ভয়ংকৰ হৈ পৰিছে মধ্য প্ৰাচ্যৰ পৰিৱেশ। ইজৰাইল আৰু হামাছৰ মাজত হোৱা যুদ্ধৰ প্ৰভাৱ পৰিছে ভাৰতত ! এইক্ষেত্ৰত আন্তৰ্জাতিক ভ্ৰমণতো বাধা আহি পৰিছে বিমান যাত্ৰীসকলৰ।

শুকুৰবাৰে এই সন্দৰ্ভত এয়াৰ ইণ্ডিয়াই এক বিবৃতি ৰাজহুৱা কৰে। বিবৃতিটোত বিমান সংস্থাটোৱে উল্লেখ কৰে যে মধ্য প্ৰাচ্যত চলি থকা উত্তপ্ত পৰিস্থিতিৰ বাবে ইজৰাইললৈ যোৱা এয়াৰ ইণ্ডিয়াৰ সকলো বিমান বাতিল কৰা হৈছে। অহা ৮ আগষ্টলৈকে তাৎক্ষণিকভাৱে স্থগিত ৰখা হৈছে ইজৰাইল অভিমুখী বিমান।

অৱশ্যে যিসকল যাত্ৰীয়ে অগ্ৰীম টিকট বুক কৰিছিল অথবা ক্ৰয় কৰিছিল, সেইসকল যাত্ৰীৰ টিকৰ মূল্য ৰেহাই দিব বুলিও বিবৃতিটোত উল্লেখ কৰে। ভাৰতীয় যাত্ৰীসকলৰ নিৰাপত্তাৰ কথা চিন্তা কৰিয়েই এয়াৰ ইণ্ডিয়াই বিমানসমূহ স্থগিত ৰাখিছে বুলি উল্লেখ কৰে।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে হামাছ নেতাক হত্যাৰ পাছতেই মধ্য প্ৰাচ্যত বৃদ্ধি পাইছে তীব্ৰ উত্তেজনা। তেহৰাণৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখিয়েই লেবাননত থকা ভাৰতীয়সকললৈ সতৰ্কবাণী জাৰি কৰিছে ভাৰতীয় দূতাবাসে।

ভাৰতীয় নাগৰিকসকলক চলাচল সীমিত কৰিবলৈ অনুৰোধ জনাইছে ভাৰতীয় দূতাবাসে।  নিৰাপত্তাৰ কথা ভাবিয়েই এই সতৰ্কবাণী জাৰি কৰিছে দূতাবাসে।

Also Read: বাংলাদেশতো নিষিদ্ধ হ'ল জামাত-ই-ইছলামী আৰু ইয়াৰ ছাত্ৰ সংগঠন...
 

Air India Flights