চীনৰ নিৰ্দেশনাক অমান্য কৰি তিব্বতৰ তৃতীয় সৰ্বোচ্চ ধৰ্মীয় পদত ৮ বছৰীয়া এটি শিশু

চীনৰ নিৰ্দেশনাক অমান্য কৰি তিব্বতৰ তৃতীয় সৰ্বোচ্চ ধৰ্মীয় পদত ৮ বছৰীয়া এটি শিশু
Published on
Updated on

ডিজিটেল ডেস্ক : চীনা অধীকৃত তিব্বতৰ কাহিনী সকলোৰে জ্ঞাত । কিদৰে চীনা আগ্ৰাসনৰ পৰা প্ৰাণ বচাই ভাৰতত উপস্থিত হৈছিল তিব্বতৰ বৌদ্ধ ধৰ্মগুৰু দালাই লামা । যি সময়ত তিব্বতৰ মতে এইয়া আছিল চীনৰ ৰাজনৈতিক, ধৰ্মীয় আৰু সাংস্কৃতিক আগ্ৰাসন, সেই সময়তেই আকৌ চীনৰ দাবী আছিল এইয়া তিব্বতক ধৰ্মীয় গুৰুসকলৰ হাতোৰাৰ পৰা উদ্ধাৰ কৰাৰ প্ৰচেষ্টা । কমিউনিষ্ট চীনৰ একাংশৰ মতে, তিব্বতত ধৰ্মীয় গুৰুসকলে নাগৰিকৰ অৱচেতন মনৰ সুবিধা গ্ৰহণ কৰি লুটি আহিছিল দেশখনক । খেতিৰ পৰা আৰম্ভ কৰি উৎপাদিত সকলো বস্তুৰ শ্ৰেষ্ঠভাগ আহিছিল দালাই লামাৰ বাবে । যাৰ তীব্ৰ বিৰোধিতা কৰিছিল চীনে । অৱশ্যে পৰৱৰ্তী সময়ত দুয়োখন দেশে নিজেই প্ৰমাণ কৰিলে কোন শুদ্ধ, কোন ভুল ।

কিন্তু দালাই লামাই তিব্বত এৰিবলৈ বাধ্য হোৱাৰ পাছতেই চীনে তিব্বতত জাৰি কৰিলে এক নতুন নিয়ম । চীনা চৰকাৰে মানি লোৱা ধৰ্মীয় নেতাসকলক হে আনুষ্ঠানিকভাৱে ধৰ্মীয় নেতা বোলা হ'ব তিব্বতত । এই নিয়ম আছিল তিব্বতৰ ধৰ্মীয় অনুভুতিৰ বাবে এক বৃহৎ আঘাত । কিন্তু তিব্বতে যেন চীনৰ সেই নীতি উফৰাই পেলাবৰ এক নতুন যো-জা আৰম্ভ কৰিছে ।

মাৰ্চৰ ৮ তাৰিখে ভাৰতৰ হিমাচল প্ৰদেশত অনুষ্ঠিত হোৱা এক ধৰ্মীয় অনুষ্ঠানত দেখা গ'ল তিব্বতৰ ধৰ্মগুৰু দালাই লামাক । লগত আছিল এটি ৮ বছৰীয়া শিশু । বিশ্বৰ অগ্ৰণী সংবাদ প্ৰতিষ্ঠান সমূহৰ ভাষ্য অনুসৰি, এই শিশুটিক দালাই লামাই দিলে তিব্বতৰ তৃতীয় সৰ্বোচ্চ ধৰ্মীয় গুৰুৰ পদবী ।

এই অনুষ্ঠানটিত আনন্দৰ মাজতেই আছিল কিন্তু এক সংশয় । কিয়নো ১৯৯৫ চনত দালাই লামাই ঝেতিয়া তিব্বতৰ দ্বিতীয় সৰ্বোচ্চ ধৰ্মীয় পদ অৰ্থাৎ পঞ্চেম লামাৰ নাম ঘোষণা কৰিছিল, চীনে অতি সন্তৰ্পনে সেই গৰাকী লামাক অপহৰণ কৰি তাৰ সলনি চীনা চৰকাৰে নিৰ্বাচন কৰা এগৰাকীক পঞ্চেম লামাৰ পদত অধিষ্ঠিত কৰাইছিল । তাৰ পাছত কোনো দিনেই বিচাৰি পোৱা নগ'ল সেই শিশুটি তথা তেওঁৰ পৰিয়ালৰ লোকক ।

পুনৰ তেনে ঘটনাই সংঘটিত হ'বলৈ গৈ আছে ৮ বছৰীয়া শিশুটিৰ সৈতে । এতিয়া এই শিশুটিৰ সুৰক্ষাৰ কথা চিন্তা কৰিবলৈ হ'ল বিশ্ববাসীৰ । অন্যথা, দুখনকৈ দেশৰ ধৰ্মীয় আৰু ৰাজনৈতিক কন্দলত নিৰ্দোষী শিশু এটিয়েৱ পৰিণাম ভূগিব লগীয়া হ'ব ।

চীনৰ নিৰ্দেশনাক অমান্য কৰি তিব্বতৰ তৃতীয় সৰ্বোচ্চ ধৰ্মীয় পদত ৮ বছৰীয়া এটি শিশু
ভুৱা তথ্যৰে আৰক্ষীক মাটি বিক্ৰী কৰিলে বিজেপি নেতাই, গোচৰ ৰুজু...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in