ফিফাত নিষিদ্ধ হ’ল AIFF : সন্মুখত ১৭ অনূৰ্ধ্ব মহিলা বিশ্বকাপ, কি হ’ব ভৱিষ্যত….

ফিফাত নিষিদ্ধ হ’ল AIFF : সন্মুখত ১৭ অনূৰ্ধ্ব মহিলা বিশ্বকাপ, কি হ’ব ভৱিষ্যত….

author-image
asomiyapratidin
New Update
ফিফাত নিষিদ্ধ হ’ল AIFF : সন্মুখত ১৭ অনূৰ্ধ্ব মহিলা বিশ্বকাপ, কি হ’ব ভৱিষ্যত….

ডিজিটেল ডেস্কঃ চলিত বছৰৰ অক্টোবৰত ভাৰতৰ মাটিত অনুষ্ঠিত হোৱাৰ কথা আছিল ফিফাৰ অনুৰ্ধ্ব-১৭ মহিলা বিশ্বকাপক। পিছে এই প্ৰতিযোগিতালৈ এতিয়া নামি আহিছে অনিশ্চয়তা। কিয়নো প্ৰতিযোগিতাৰ বাবে ভাৰতীয় ফুটবল ফেডাৰচনে প্ৰস্তুতি চলোৱাৰ মাজতেই ফিফাই নিলম্বন কৰিলে ভাৰতীয় ফুটবল ফেডাৰেচনক।

ভাৰতীয় ফুটবল ফেডাৰেচনৰ কাম-কাজত তৃতীয় পক্ষৰ হস্তক্ষেপ উল্লেখ কৰি এই নিষেধাজ্ঞা আৰোপ কৰিছে। ফলত অনুৰ্ধ্ব-১৭ মহিলা বিশ্বকাপলৈ নামি আহিছে অনিশ্চয়তা। যদিহে অতি শীঘ্ৰেই ভাৰতীয় ফুটবল ফেডাৰচনে তৃতীয় পক্ষৰ হস্তক্ষেপৰ পৰা মুক্ত নহয় অথবা পৰিস্থিতি উন্নত নহয় তেন্তে ভাৰতে এই মেগা ইভেণ্টখন অনুষ্ঠিত কৰাৰ কৰ্তৃত্ব হেৰুৱাব।

অৱশ্যে এই পৰ্যন্ত মেগা ইভেণ্টখনক লৈ কোনোধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা নাই ফিফাই। উল্লেখ্য যে ফিফাই ভাৰতীয় ফুটবল ফেডাৰচনক নিষেধাজ্ঞা আৰোপ কৰাৰ ফলত কেৱল যে, এই মেগা ইভেণ্টখন অনুষ্ঠিত কৰাৰ কৰ্তৃত্ব হেৰুৱাব তেনে নহয়, ভাৰতীয় ফুটবল দলেও কোনো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ মেচত অংশ ল'ব নোৱাৰিব।

ফিফাৰ দ্বাৰা জাৰি কৰা এক প্ৰেছ বিজ্ঞপ্তিত সৰ্বভাৰতীয় ফুটবল ফেডাৰচনত তৃতীয় পক্ষৰ হস্তক্ষেপক উপৰিও ফিফাৰ সংবিধান উলংঘন কৰাৰ অভিযোগত গ্ৰহণ কৰা এই সিদ্ধান্তই এতিয়া ভাৰতীয় ক্ৰীড়া ক্ষেত্ৰত জোকাৰণিৰ সৃষ্টি কৰিছে। ফিফাই এতিয়াও আশা কৰে যে সৰ্বভাৰতীৰ ফুটবল ফেডাৰচনে তৃতীয় পক্ষৰ হস্তক্ষেপৰ পৰা মুক্ত হ'ব পাৰিব। ফিফাই ভাৰতীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰণালয়ৰ সৈতেও এই সম্পৰ্কে যোগাযোগ অব্যাহত ৰাখিছে।

ফিফাৰ আইন অনুসৰি ইয়াৰ সদস্য সংগঠনসমূহ তেওঁলোকৰ নিজ নিজ দেশৰ আইনী আৰু ৰাজনৈতিক হস্তক্ষেপৰ পৰা মুক্ত হ'ব লাগে। কিন্তু ভাৰতীয় ফুটবল ফেডাৰচনৰ খেল পৰিচালনা কৰিবলৈ আৰু ১৮ মাহলৈকে নিৰ্বাচন স্থগিত ৰখাৰ বাবে ফেডাৰেচনৰ সংবিধান সংশোধন কৰিবলৈ তিনিজনীয়া এক কমিটী নিয়োগ কৰিছিল ভাৰতীয় উচ্চ ন্যায়ালয়ে।

ভাৰতীয় ফুটবল ফেডাৰচনৰ দীৰ্ঘকালীন সভাপতি প্ৰফুল পেটেলক আঁতৰাবলৈ যোৱা মে' উচ্চ ন্যায়ালয়ে গঠন কৰি দিছিল কমিটী অৱ এডমিনিচট্ৰেটৰ । প্ৰফুল্ল পেটেল ২০০৯ চনতেই সৰ্ব ভাৰতীয় ফুটবল ফেডাৰেচনৰ সভাপতি নিৰ্বাচিত হৈছিল। ২০২০ চনতেই তেওঁৰ তৃতীয় কাৰ্যকালৰ অন্ত পৰিছে। তথাপিও এই পৰ্যন্ত অনুষ্ঠিত হোৱা নাই ভাৰতীয় ফুটবল ফেডাৰেচনৰ সভাপতিৰ নিৰ্বাচন।

football FIFA fifa world cup aiff All India Football Federation