ডিজিটেল সংবাদ বেকাজানঃ গোষ্ঠীগত সংঘৰ্ষই পুৰি ছাই কৰা মণিপুৰত শেহতীয়াকৈ ভাইৰেল হোৱা দুগৰাকী মহিলাৰ ওপৰত যৌন নিৰ্যাতন আৰু উলংগ কৰি পেৰেড কৰা ঘটনাৰ ভিডিঅ’ দেখি আমেৰিকা হতভম্ব হৈ পৰিছে। মণিপুৰত সংঘটিত এনে লিংগ বৈষম্যত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বাইডেন প্ৰশাসনে।
নিৰ্যাতিতাৰ বাবে ন্যায় বিচাৰি ভাৰত চৰকাৰে কৰা প্ৰচেষ্টাক সমৰ্থন কৰিছে বুলি বাইডেন প্ৰশাসনৰ এজন জ্যেষ্ঠ বিষয়াই জনাইছে। উল্লেখযোগ্য যোৱা ৪ মে’ত কাংপকপি জিলাত দুগৰাকী মহিলাক উলংগ কৰি পেৰেড কৰি পুৰুষৰ দলে নিৰ্যাতন চলোৱাৰ ভিডিঅ’টো ১৯ জুলাইত পোহৰলৈ আহিছিল।
এই জঘণ্য ঘটনাক দেশজুৰি গৰিহণাৰ দিয়া হৈছিল। বাইডেন প্ৰশাসনৰ ফালৰ পৰা এই সন্দৰ্ভত কয়- ‘মণিপুৰত দুগৰাকী মহিলাৰ ওপৰত এই চৰম আক্ৰমণৰ ভিডিঅ’ দেখি আমি স্তম্ভিত আৰু আতংকিত হৈ পৰিছো। লিংগভিত্তিক হিংসাৰ এই কাৰ্য্যৰ পৰা ৰক্ষা পোৱা লোকসকলৰ প্ৰতি আমি গভীৰ সহানুভূতি প্ৰকাশ কৰিছো আৰু তেওঁলোকৰ বাবে ন্যায় বিচাৰি ভাৰত চৰকাৰৰ প্ৰচেষ্টাক সমৰ্থন জনাইছো।’
মঙলবাৰে ৰাষ্ট্ৰ বিভাগৰ উপ-মুখপাত্ৰ বেদান্ত পেটেলে দৈনিক সংবাদমেলত সাংবাদিকৰ আগত এইদৰে কয়। মণিপুৰত সংঘটিত হিংসাত্মক ঘটনা সন্দৰ্ভত পাকিস্তানী সাংবাদিক এজনে সোধা প্ৰশ্নৰ উত্তৰ দিছিল পেটেলে।
পেটেলে লগতে কয়, ‘আমি পূৰ্বে কোৱাৰ দৰে মণিপুৰৰ হিংসাৰ শান্তিপূৰ্ণ আৰু সৰ্বাংগীন সমাধানক বিচাৰো আৰু কৰ্তৃপক্ষক মানৱীয় প্ৰয়োজনীয়তাৰ প্ৰতি সঁহাৰি জনাই আৰু সকলো গোটৰ জীৱন আৰু সম্পত্তি সুৰক্ষিত কৰিবলৈ অনুৰোধ জনাও।
Also Read: ঘোচ লোৱা আৰক্ষী বিষয়াক DGP ৰ 'উপহাৰ' ! ASI ৰ পৰা চিপাহীলৈ পদৰ অৱনতি...