ডিজিটেল ডেস্ক: আমেৰিকাৰ ৰাষ্ট্ৰপতি জ' বাইডেনে ভাবুকি প্ৰদান কৰিছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমীৰ পুটিনক। বাইডেনে কয় যে যদিহে পুটিনে নাটোৰ দেশ সমূহত আক্ৰমণ কৰে তেন্তে আমেৰিকাই হস্তক্ষেপ কৰিব।যদিহে তেওঁলোকক এতিয়াই বাধা দিয়া নহয় তেন্তে তেওঁলোকৰ সাহস আৰু বাঢ়িব।
বাইডেনে বৃহস্পতিবাৰে হোৱাইট হাউচৰ এক সংবাদমেলত কয় যে যদি পুটিনে নাটোৰ দেশ সমূহৰ ভিতৰত সোমাই তেন্তে আমেৰিকাই হস্তক্ষেপ কৰিব।মই কেৱল এটা কথাত বিশ্বাস কৰো যে যদিহে মই এতিয়াই তেওঁলোকক বাধা নিদিও তেন্তে তেওঁলোকৰ সাহস আৰু বাঢ়িব।সেইবাবে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ প্ৰতিবন্ধ লগোৱাটো জৰুৰী।
বাইডেনে কয় যে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ সৈতে আলোচনা কৰাৰ বাবে তেওঁৰ কোনো পৰিকল্পনা নাই কিন্তু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি বোলোদিমীৰ জেলেস্কীৰ সৈতে তেওঁ কথা পাতি আশ্বাস দিছে যে আমেৰিকাই ইউক্ৰেইনৰ নাগৰিক সকলৰ বাবে মানৱতাৰ খাতিৰত সহায় কৰিব।
উল্লেখ্য যে, ৰাছিয়াই অহৰহ আক্ৰমণ কৰি গৈছে ইউক্ৰেইনক। ইতিমধ্যে ইউক্ৰেইনত ধ্বংস লীলা চলাইছে ৰাছিয়াই। বিভিন্ন দেশে বাধা দিয়াৰ পাছটো পিচুৱাই অহা নাই ৰাছিয়া।