৭,৪০,০০০ কোটি টকাৰ আমেৰিকান কোম্পানীৰ নেতৃত্বত ভাৰতীয় মহিলা

৭,৪০,০০০ কোটি টকাৰ আমেৰিকান কোম্পানীৰ নেতৃত্বত ভাৰতীয় মহিলা
Published on
Updated on

ডিজিটেল ডেস্কঃ উপাৰ্জনৰ ক্ষেত্ৰখনত এখোজ এখোজকৈ আগবাঢ়ি গৈছে মহিলা। প্ৰযুক্তি, বিজ্ঞান বা ব্যৱসায়েই হওঁক যিকোনো ক্ষেত্ৰতেই বৰ্তমান সময়ত মহিলাই সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে। সফলতাৰ দিশত আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰখনত ভাৰতীয় মহিলাইয়ো বিগত সময়ত স্থান দখল কৰিবলৈ সক্ষম হৈছে।

তেনে এগৰাকী ভাৰতীয় মহিলা হ'ল ৰেশ্মা কেৱালৰমণী। যিয়ে বিদেশত সফলতা অৰ্জন কৰি ভাৰতক গৌৰৱান্বিত কৰিছে। ৰেশ্মা কেৱালৰমণী হৈছে ইতিহাসৰ প্ৰথমগৰাকী মহিলা যিয়ে ৭,৪০,০০০ কোটি টকাৰ ৰাজহ থকা আমেৰিকান বায়োফাৰ্মাচিউটিকেল কোম্পানী ভাৰ্টেক্সৰ মুৰব্বী। ৱেষ্টনস্থিত জৈৱ প্ৰযুক্তি প্ৰতিষ্ঠান ভাৰ্টেক্স ফাৰ্মাচিউটিকেলছৰ মুখ্য কাৰ্যবাহী বিষয়া তথা অধ্যক্ষ ৰেশ্মাই জৈৱ চিকিৎসা বিজ্ঞান কেৰিয়াৰ কাৰ্যসূচীৰ পৰিচালক সদস্য হিচাপেও কাম কৰি আহিছে। তদুপৰি তেওঁ ৱেষ্টন ইউনিভাৰ্চিটি স্কুল অফ মেডিচিনৰ ডিন পৰামৰ্শদাতা বোৰ্ডতো সেৱা আগবঢ়াইছে। উল্লেখ্য ৰেশ্মাই কিডনী হেল্থ ইনিশিয়েটিভৰ প্ৰথম পৰিচালক হিচাপেও সেৱা আগবঢ়ায়। লগতে আমেৰিকান চছাইটি অফ নেফ্ৰোলজীৰ গৱেষক হিচাপেও কাম কৰে।

মুম্বাইত জন্মগ্ৰহণ কৰা ৰেশ্মা কেৱালৰমণীয়ে ১১ বছৰ বয়সতে পৰিয়ালৰসতে আমেৰিকাযুক্তলৈ প্ৰব্ৰজন কৰিছিল। ইয়াৰ পাছতেই তেওঁৰ শিক্ষা জীৱন আৰম্ভ হৈছিল ৱেষ্টন ইউনিভাৰ্চিটি স্কুল অৱ মেডিচিনত। উক্ত শিক্ষানুষ্ঠানৰ পৰাই মেডিকেল ডিগ্ৰী লাভ কৰি হাৰ্ভাৰ্ড বিজনেছ স্কুলৰ সাধাৰণ ব্যৱস্থাপনা কাৰ্যসূচী সম্পূৰ্ণ কৰে। ২০১৭ চনত ভাৰ্টেক্সত যোগদান কৰি তেওঁ মুখ্য চিকিৎসা বিষয়া আৰু গ্লোবেল মেডিচিনবিকাশ আৰু চিকিৎসা বিষয়ৰ কাৰ্যবাহী উপ-সভাপতিৰ পদত অধিষ্ঠিত হয়।

২০২০ চনত, কেৱালৰমণীক ভাৰ্টেক্সৰ সভাপতি আৰু মুখ্য কাৰ্যবাহী বিষয়া হিচাপে মনোনীত কৰে আৰু পৰিচালকৰ পদত নিযুক্তি দিয়ে। ইয়াৰ পাছতেই সলনি হয় ৰেশ্মাৰ পৰিচয়। ৭,৪০,০০০ কোটি টকাৰ আমেৰিকান বায়োফাৰ্মাচিউটিকেল কৰ্পোৰেচন চলাই থকা প্ৰথম গৰাকী মহিলা হিচাপে ইতিহাস সৃষ্টি কৰে ৰেশ্মাই।

উল্লেখ্য ৰেশ্মা কেৱালৰমণীয়ে ইতিমধ্যেই লাভ কৰিছে কেইবাটাও সন্মান। যাৰ ভিতৰত আছে হাৰ্ভাৰ্ড মেডিকেল স্কুল এক্সেলেন্স ইন টিচিং এৱাৰ্ড। তদুপৰি বিজনেছ ইনচাইডাৰৰ দ্বাৰা স্বাস্থ্যসেৱাত বিপ্লৱ অনা ১০ জন লোকৰ ভিতৰত ৰেশ্মাও এগৰাকী। আনহাতে ২০২৩ চনলৈকে ৰেশ্মাৰ আনুমানিক মুঠ সম্পত্তি হৈছে ৬৪.৬ নিযুত ডলাৰ।

৭,৪০,০০০ কোটি টকাৰ আমেৰিকান কোম্পানীৰ নেতৃত্বত ভাৰতীয় মহিলা
ইছৰোৰ মুৰব্বীৰ মন্তব্যঃ সফল হ'ব চন্দ্ৰযান-৩

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in