উদ্বেগজনকঃ আক্ৰমণকাৰীৰ হাতত ২০২৪ত ৪৭গৰাকী সাংবাদিকে হেৰুৱালে প্ৰাণ...

উদ্বেগজনকঃ আক্ৰমণকাৰীৰ হাতত ২০২৪ত ৪৭গৰাকী সাংবাদিকে হেৰুৱালে প্ৰাণ...
Published on
Updated on

ডিজিটেল ডেস্কঃ পুনৰ অচিনাক্ত আক্ৰমণকাৰীৰ গুলীৰ লক্ষ্য হ’ল এগৰাকী সাংবাদিক। চলিত বৰ্ষৰ ১৫মেত পাঞ্জাৱ প্ৰদেশৰ মুজাফ্ফৰগড় অঞ্চলত এগৰাকী নিৰ্ভীক সাংবাদিক মৃত্যু হোৱা ঘটনাই বিশ্বজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। সাংবাদিক নিগ্ৰহৰ এই ঘটনাক তীব্ৰ গৰিহনা দি ইয়াৰ উচিত তদন্তৰ দাবী কৰিছে প্ৰেছ এম্বেল কেম্পেইন  (Press Emblem Campaign) চমুকৈ পিইচি এ। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, বিশ্বব্যাপী সংবাদ মাধ্যমৰ সুৰক্ষা আৰু অধিকাৰৰ হকে নিৰ্ভীকভাৱে মাত মাতি অহা এটা সংস্থা হৈছে পি ই চি।

নিহত সাংবাদিক মেহৰ আশফাক চিয়াল এখন উৰ্দু দৈনিক বাতৰি কাকতৰ সৈতে জড়িত হৈ আছিল। সমগ্ৰ বিশ্বত চলিত বৰ্ষৰ মে মাহত নিহত হোৱা মেহৰ চিয়াল হৈছে দ্বিতীয়গৰাকী সাংবাদিক। ইয়াৰ পূৰ্বে যোৱা ৩মেত বেলুচিস্তানত সংঘটিত এক বিস্ফোৰণত নিহত হৈছিল মৌলানা মহম্মদ চিদ্দিক নামৰ এগৰাকী সাংবাদিক। চলিত ২০২৪বৰ্ষটোত বিশ্বজুৰি এতিয়ালৈকে ৪৭গৰাকীকৈ সাংবাদিকৰ মৃত্যু হৈছে।

সাংবাদিক নিগ্ৰহৰ এই সমগ্ৰ তথ্য ৰাজহুৱা কৰি অতি চিন্তা ব্যক্ত কৰিছে পি ই চিয়ে। সাংবাদিকৰ সুৰক্ষাৰ দাবী তুলি সংস্থাটোৱে শেহতীয়াকৈ মৃত্যু হোৱা মেহৰ আশফাক চিয়ালৰ উচিত তদন্ত কৰিবলৈ দাবী তুলিছে। লগতে সংস্থাটোৰ সভাপতি ব্লেজ লেম্পেনে পাকিস্তান ফেডাৰেল ইউনিয়ন অৱ জাৰ্নালিষ্ট (পিএফইউজে) আৰু পাকিস্তান বাতৰি কাকত সম্পাদক পৰিষদৰ (চিপিএনই) সৈতে মিলি সাংবাদিকৰ সুৰক্ষা আৰু ন্যায়ৰ হকে এখন যুঁজ আৰম্ভ কৰা বুলিও সদৰী কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in