ডিজিটেল ডেস্ক : সাম্ৰাজ্যবাদী ৰাছিয়াৰ ইউক্ৰেইন আগ্ৰাসনক অস্বীকাৰ অথবা বিৰোধিতা কৰা সকলোৰে বাবেই যেন এতিয়া সমস্যা হৈ দেখা দিছে ৰাছিয়া । এই সমস্যাৰ পৰা হাত সাৰি যাব পৰা নাই কণ কণ শিশু সকলো । যুদ্ধৰ অন্তৰালৰ ৰাজনীতি নুবুজিলেও যুদ্ধৰ ফলত হোৱা ধ্বংস, মৃত্যু সকলোৱে বুজি পাই আৰু সময়ে সময়ে ইয়াৰ বিৰোধিতাও কৰি আহিছে । কিন্তু শেহতীয়াকৈ ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত চলোৱা আগ্ৰাসনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা যেন কিছু কঠিন হৈ পৰিছে পূৱ ইউৰোপৰ ৰাষ্ট্ৰ সমূহৰ বাবে । এই ক্ষেত্ৰত ৰাছিয়াক হাত উজান দিছে বেলাৰুছে ।
২০২২ বৰ্ষৰ ফেব্ৰুৱাৰী মাহত আৰম্ভ হোৱা এই আগ্ৰাসনৰ বিৰুদ্ধে এখন ছবি অংকন কৰিছিল ৰাছিয়াৰেই ১২ বছৰীয়া এগৰাকী কণমানি মাশ্বা মছকালেভে । য'ত এটি কন্যা শিশু আৰু শিশুটিৰ মাতৃ এটি বিধ্বংসী মিছাইলৰ সন্মুখত থিয় হৈ আছিল বাধা দিবৰ বাবে । শিশুটিৰ পাছফালে আছিল এখন ইউক্ৰেনিয়ান পতাকা আৰু সন্মুখত লিখা আছিল "ন' টু ৱাৰ" । এই ছবিখন মাশ্বাই অংকন কৰিছিল বিদ্যালয়ত, যাৰ পাছতেই বিদ্যালয় কৰ্তৃপক্ষই মাশ্বাৰ বিৰুদ্ধে গোচৰ তৰিছিল । আৰু সেই গোচৰৰ ভিত্তিতেই মাশ্বাৰ পিতৃক গ্ৰেপ্তাৰ কৰাৰ নিৰ্দেশ আহিছিল চৰকাৰৰ তৰফৰ পৰা । কিন্তু সেই খবৰ লাভ কৰি পলায়ন কৰিছিল মাশ্বাৰ পিতৃয়ে । যাৰ ফলত বিগত প্ৰায় ৬-৭ মাহ নিখুজ হৈ আছিল পিতৃ । কিন্তু শেহতীয়াকৈ বেলাৰুছত গ্ৰেপ্তাৰ কৰা হয় মাশ্বাৰ পিতৃক ।
যিখন দেশে সমগ্ৰ বিশ্ববাসীক আগ্ৰাসনৰ প্ৰাক মুহুৰ্তত সকিয়াই দিছিল যে ইউক্ৰেইনৰ পক্ষত থিয় হ'লেই ৰাছিয়াৰ ৰোষত পৰিব, সেইখন দেশে এগৰাকী ১২ বছৰীয়া কণমানিৰ ছবিত এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাটো আচৰিত হ'লেও সত্য । এতিয়া প্ৰশ্ন হয়, যিগৰাকী শিশুৱে ১২ বছৰ বয়সতেই অনুধাৱন কৰিবলৈ সক্ষম হৈছিল যুদ্ধৰ ঋণাত্মক দিশবোৰ সেইগৰাকী শিশুই এতিয়া ৰাষ্ট্ৰৰ এনে ব্যৱহাৰ কিদৰে গ্ৰহণ কৰিব ?