হাতে হাত ধৰি আগুৱাব নাছা আৰু ইছৰোঃ চন্দ্ৰত স্থাপন কৰিব স্থায়ী বসতি !

হাতে হাত ধৰি আগুৱাব নাছা আৰু ইছৰোঃ চন্দ্ৰত স্থাপন কৰিব স্থায়ী বসতি !
হাতে হাত ধৰি আগুৱাব নাছা আৰু ইছৰোঃ চন্দ্ৰত স্থাপন কৰিব স্থায়ী বসতি !
Published on
Updated on

ডিজিটেল ডেস্কঃ চীনক প্ৰত্যাহ্বান জনাই এইবাৰ আমেৰিকাৰ সৈতে কান্ধত কান্ধ মিলাই ভাৰত প্ৰৱেশ কৰিব মহাকাশৰ প্ৰতিযোগিতাত। আমেৰিকাৰ সৈতে একেলগে ভাৰতে মহাকাশ অভিযানৰ কাম কৰিব।

আমেৰিকা ভ্ৰমণৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ইউ এছ প্ৰেছিডেণ্ট জ’ বাইডেনৰ সৈতে যৌথ ভাৱে সম্বোধন কৰা এক সংবাদ মেলত এই কথা জানিব পৰা গৈছে। মোডীয়ে সংবাদ মেলখনত কয়, আমি Artemis চুক্তিৰ বাবে সন্মত হৈছো। মহাকাশত আমাৰ পাৰস্পৰিক সহযোগিতাৰ এক নতুন পদক্ষেপ গ্ৰহণ কৰা হৈছে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে ভাৰত আৰু আমেৰিকাই যৌথভাৱে আৰ্থ অবজাৰভেশ্যন উপগ্ৰহ 'নিছাৰ' নিৰ্মাণৰ বাবে একেলগে কাম কৰিছিল । কিন্তু আৰ্টেমিছ চুক্তিৰ জৰিয়তে এই দুয়োখন দেশৰ মহাকাশ অভিযানৰ সম্বন্ধ আৰু অধিক কটকটীয়া হ'ল।

এতিয়াৰে পৰা দুয়ো দেশক একেলগে মহাকাশ অভিযান কৰা দেখিবলৈ পোৱা যাব। নাছাৰ সৈতে হাত মিলাই ইছৰোৱে চন্দ্ৰ অথবা মঙ্গল অভিযান চলাব। সেই পথ মুকলি কৰি দিলে এই চুক্তিয়ে। স্মৰ্তব্য ভাৰতৰ পূৰ্বে আৰু ২৩ খন দেশেও এই চুক্তি স্বাক্ষৰ কৰিছে।

এই চুক্তিৰ অৰ্থ হ'ল এখন দেশে আন এখন দেশক কেৱল যন্ত্ৰাংশৰে সহায় কৰাই নহয়, দুই দেশে তথ্য, প্ৰযুক্তি বিনিময় কৰাৰ উপৰিও চন্দ্ৰ অভিযানকে ধৰি আন অভিযানবোৰৰ সময়ত একেলগে কাম কৰিব। মনকৰিবলগীয়া যে মহাকাশ যাত্ৰাত আমেৰিকা আৰু ৰাছিয়াই একাধিপত্য বিস্তাৰ কৰি আছে।

শেহতীয়াকৈ চুবুৰীয়া চীনেও মহাকাশ অভিযানত অধিক গুৰুত্ব প্ৰদান কৰাই নহয় মহাকাশ যাত্ৰাৰ প্ৰতিযোগিতাত অংশ লৈছে। এনে পৰিস্থিতিত আমেৰিকাৰ সৈতে কান্ধত কান্ধ মিলাই মহাকাশ অভিযানৰ বাবে ভাৰতে আমেৰিকাৰ সৈতে যি চুক্তি সম্পন্ন কৰিলে সেই চুক্তিয়ে বেইজিঙক যে চাপত ৰাখিছে সেই কথা নিশ্চিত।

আৰ্টেমিছ চুক্তিৰ এটা অংশ হৈছে আৰ্তেমিছ কৰ্মসূচী। যাৰ ভিতৰত আছে চন্দ্ৰলৈ মানৱ পঠিওৱাৰ কাৰ্যসূচী। কেৱল চন্দ্ৰলৈ মানৱ পঠিওৱাই নহয় চন্দ্ৰত স্থায়ী বসতি স্থাপনৰো কথা ভাবিছে।

হাতে হাত ধৰি আগুৱাব নাছা আৰু ইছৰোঃ চন্দ্ৰত স্থাপন কৰিব স্থায়ী বসতি !
ভক্তৰ বাবে বন্ধ হ'ল কামাখ্যা মন্দিৰৰ দুৱাৰ, আৰম্ভ অম্বুবাচী মেলা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in