ভাৰতৰ কাষত আমেৰিকাঃ বেইজিঙক সকিয়নী দি হোৱাইট হাউচৰ বিবৃতি...

ভাৰতৰ কাষত আমেৰিকাঃ বেইজিঙক সকিয়নী দি হোৱাইট হাউচৰ বিবৃতি...
ভাৰতৰ কাষত আমেৰিকাঃ বেইজিঙক সকিয়নী দি হোৱাইট হাউচৰ বিবৃতি...
Published on
Updated on

ডিজিটেল ডেস্কঃ চীনক উভতি ধৰিলে মাৰ্কিন যুক্তৰাষ্ট্ৰই। উত্তৰ পূৰ্বাঞ্চলৰ অষ্টলক্ষ্মীৰ অংগ অৰুণাচল প্ৰদেশক নিজৰ ভূমি হিচাপে দাবী কৰা চীনৰ বিৰোধিতাৰে মাৰ্কিন যুক্তৰাষ্ট্ৰই বিবৃতি জাৰি কৰিছে।

কিছুদিন পূৰ্বে অৰুণাচল প্ৰদেশৰ ১১ টা অঞ্চল নতুনকৈ নামাকৰণ কৰি নিৰ্দেশনা প্ৰকাশ কৰিছিল চীনে। ৰঙা চীনৰ এনে আচৰণৰ তীব্ৰ বিৰোধিতা কৰিছিল ভাৰতে। তাৰ মাজতেই বেইজিঙে দাবী কৰিছিল সাৰ্বভৌম ৰাষ্ট্ৰ হিচাপে চীনে সেই সিদ্ধান্ত ল’ব পাৰে।

চীনৰ এনে আচৰণৰ তীব্ৰ বিৰোধিতা কৰিছে মাৰ্কিন যুক্তৰাষ্ট্ৰই। হোৱাইট হাউচৰ পৰা এই সন্দৰ্ভত জাৰি কৰা হৈছে এক বিবৃতি। মাৰ্কিন ৰাষ্ট্ৰপতি জো বাইডেনৰ দপ্তৰৰ প্ৰেছ সচিবগৰাকীয় এই সন্দৰ্ভত কয়, ভাৰতীয় ভূখণ্ড দখলৰ চেষ্টা কৰিছে চীনে।

ৰাষ্ট্ৰ হিচাপে মাৰ্কিন যুক্তৰাষ্ট্ৰই ভালকৈয়ে জানে সেই অঞ্চলবোৰ ভাৰতৰ অন্তৰ্ভুক্ত। কোনো শক্তিয়ে যদি সেই অংশৰ নাম একপক্ষীয় ভাৱে নতুনকৈ নামাকৰণ কৰে আৰু দখলৰ চেষ্টা কৰে তাৰ বিৰোধিতা কৰিব মাৰ্কিন যুক্তৰাষ্ট্ৰই

চীনৰ আভ্যন্তৰীণ দপ্তৰৰ ফালৰ পৰা প্ৰকাশিত এক বিবৃতিত দাবী কৰা হৈছিল যে, অৰুণাচল তীব্বতৰ দক্ষিণৰ ঝানগান প্ৰদেশৰ অংশ।চীনে যি ১১ টা অঞ্চলৰ নতুনকৈ নামাকৰণ কৰিছে তাৰ মাজৰ দুটা সমভূমি অঞ্চল, দুটি আবাসিক এলেকা, ৫ টা পৰ্বত, শৃংগ আৰু দুটা নদী অঞ্চল।

চীনৰ এই কাৰ্যৰ বিৰোধিতাৰে ভাৰতে ইতিমধ্যে বিবৃতি প্ৰকাশ কৰিছে। ভাৰতৰ বিদেশমন্ত্ৰী এছ জয়শংকৰে এক বিবৃতিত উল্লেখ কৰিছে যে, চীন সংক্ৰান্তিয় ৰিপ’ৰ্ট তেওঁ লাভ কৰিছে। পূৰ্বেও চীনে এনে আচৰণ কৰিছে। আমি তেওঁলোকৰ ৰিপ’ৰ্ট প্ৰত্যাখ্যান কৰিছো।

ভাৰতৰ কাষত আমেৰিকাঃ বেইজিঙক সকিয়নী দি হোৱাইট হাউচৰ বিবৃতি...
হে নেতা! কিয় ডিঙি চেপি ধৰা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in