ঢাকাৰ ছাত্ৰ বিপ্লৱৰ মাজতে আৰক্ষীৰ গুলীত সংবাদ কৰ্মীক নিহতঃ PEC ৰ প্ৰতিক্ৰিয়া...

সংবাদকৰ্মীৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবী
ঢাকাৰ ছাত্ৰ বিপ্লৱৰ মাজতে আৰক্ষীৰ গুলীত সংবাদ কৰ্মীক নিহতঃ PEC ৰ প্ৰতিক্ৰিয়া...
ঢাকাৰ ছাত্ৰ বিপ্লৱৰ মাজতে আৰক্ষীৰ গুলীত সংবাদ কৰ্মীক নিহতঃ PEC ৰ প্ৰতিক্ৰিয়া...
Published on
Updated on

ডিজিটেল ডেস্কঃবিশ্বব্যাপী সংবাদ মাধ্যমৰ সুৰক্ষা আৰু অধিকাৰ সংস্থা প্ৰেছ এম্বেল কেম্পেইন (পিইচি)য়ে বাংলাদেশত চৰকাৰী চাকৰিৰ সংৰক্ষণ ব্যৱস্থাৰ সংস্কাৰৰ বিৰুদ্ধে অব্যাহত থকা প্ৰতিবাদ মাজতে ঢাকাত এজন যুৱ সাংবাদিকক হত্যা কৰা ঘটনাত শোক প্ৰকাশ কৰিছে। ১৮ জুলাই, বৃহস্পতিবাৰে ঢাকাৰ যাত্ৰাবাৰী অঞ্চলত আৰক্ষী বাহিনী আৰু আন্দোলনকাৰী ছাত্ৰ-ছাত্ৰীৰ মাজত হোৱা সংঘৰ্ষৰ ঘটনাৰ বাতৰি সংগ্ৰহৰ সময়তে ‘ঢাকা টাইমছ’ৰ সাংবাদিক হাছান মেহেদী (৩৫) নিহত হয়। ঢাকা টাইমছৰ মেনেজমেণ্টে নিশ্চিত কৰিছে যে হাছানৰ মূৰত গুলীয়ে আঘাত কৰাৰ বাবে তেওঁৰ মৃত্যু হৈছে।

এই ঘটনা সন্দৰ্ভত পি ই চিয়ে এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে কয় যে, "ঢাকাত হাছান মেহেদীক হত্যা কৰাৰ ঘটনাৰ উচিত তদন্তৰ দাবী জনাইছো। যিহেতু জনবহুল দেশখন যুৱক-যুৱতীসকলৰ দ্বাৰা সংৰক্ষণ বিৰোধী প্ৰতিবাদত জ্বলি আছে আৰু এতিয়ালৈকে প্ৰায় ৪০ জন লোকক হত্যা কৰা হৈছে সেয়ে ‘গ্ৰাউণ্ড’ত কৰ্তব্যৰত সংবাদ কৰ্মীসকলৰ সুৰক্ষা দিয়াৰ লগতে কৰ্তৃপক্ষ তেওঁলোকৰ সাৱধানতাৰ অৱলম্বনৰ দিশটোকেো নিশ্চিত কৰিব লাগিব।

পি ই চিৰ দক্ষিণ এছিয়াৰ প্ৰতিনিধি নৱ ঠাকুৰিয়াই এই সন্দৰ্ভত কয়, যে বৃহস্পতিবাৰৰ পৰা দেশখনত ছাত্ৰসকলে ব্যাপক প্ৰতিবাদ অব্যাহত ৰখাৰ পাছতো বহুতো বাংলা সংবাদ মাধ্যম প্ৰতিক্ৰিয়াহীন হৈ আছে। মেহেদী এই বছৰ বাংলাদেশত নিহত হোৱা প্ৰথমজন সাংবাদিক।চুবুৰীয়া ম্যানমাৰত এই সময়ছোৱাত সামৰিক অত্যাচাৰৰ বাবে এজন লিপিকাৰে (Ko Myat Thu Tun) প্ৰাণ হেৰুৱাইছে। ভাৰতত শিৱশংকৰ ঝা আৰু আশুতোষ শ্ৰীবাস্তৱ নামৰ দুজন সাংবাদিকক হত্যা কৰা হৈছে। আনহাতে পাকিস্তানে এই বছৰ আক্ৰমণকাৰীৰ হাতত হাছান জাইব, খলিল আফ্ৰিদি জিব্ৰান, নছৰুল্লাহ গাদানী, কামৰান দাৱাৰ, মেহৰ আশ্বফাক চিয়াল, মৌলানা মহম্মদ ছিদ্দিক মেংগল, জাম চাগিৰ আহমেদ লাৰ আৰু তাহিৰা নোছিন ৰাণা নামৰ আঠজন সাংবাদিকক হেৰুৱাইছে।

ঢাকাৰ ছাত্ৰ বিপ্লৱৰ মাজতে আৰক্ষীৰ গুলীত সংবাদ কৰ্মীক নিহতঃ PEC ৰ প্ৰতিক্ৰিয়া...
সাংস্কৃতিক মন্ত্ৰী বিমল বৰাৰে 'আইৰন গাৰ্লছ' ৰ কলা-কুশলীৰ বৈঠক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in