ভাৰত চৰকাৰক বাংলাদেশৰ বিভিন্ন দল-সংগঠনৰ দাবী : শীঘ্ৰেই গ্ৰেপ্তাৰ কৰক শ্বেখ হাছিনা আৰু ভগ্নীক

ভাৰত চৰকাৰক বাংলাদেশৰ বিভিন্ন দল-সংগঠনৰ দাবী : শীঘ্ৰেই গ্ৰেপ্তাৰ কৰক শ্বেখ হাছিনা আৰু ভগ্নীক
Published on
Updated on

ডিজিটেল ডেস্ক : এতিয়াও শাম কটা নাই বাংলাদেশৰ হিংসাজৰ্জৰ পৰিস্থিতি। অশান্ত হৈয়ে আছে চুবুৰীয়া দেশখন। বাংলাদেশৰ শেহতীয়া এই পৰিস্থিতিৰ মাজতে শ্বেখ হাছিনাই ৫ আগষ্টত ভাৰতত লৈছিল সাময়িক আশ্ৰয়। বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক নতুন দিল্লীয়ে আশ্ৰয় দিয়াক লৈ নাৰাজ বাংলাদেশৰ বহু দল-সংগঠন।

প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা আৰু তেঁওৰ ভগ্নীক গ্ৰেপ্তাৰৰ দাবী তুলিছে বাংলাদেশৰ উচ্চতম ন্যায়ালয়ৰ বাৰ এছ'চিয়েশ্যনৰ সভাপতি এ এম মাহবুব উদ্দিনে। এক বিবৃতিযোগে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক উদ্দেশ্যি কয় যে শ্বেখ হাছিনা আৰু ভগ্নী শ্বেখ ৰেহানাক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰি বাংলাদেশলৈ ঘূৰাই পঠিওৱাৰ ব্যৱস্থা কৰিব লাগে।

লগতে তেঁও বিবৃতিটোত ভাৰত আৰু বাংলাদেশৰ সম্পৰ্কৰ কথাও আঙুলিয়াই দি কয়- আমি ভাৰত তথা দেশখনৰ জনসাধাৰণৰ সৈতে সুস্থ সম্পৰ্ক বৰ্তাই ৰাখিব বিচাৰোঁ। গতিকে অনুগ্ৰহ কৰি দেশৰ এৰি পলাই যোৱা প্ৰধানমন্ত্ৰী হাছিনা আৰু তেঁওৰ ভগ্নীক গ্ৰেপ্তাৰ কৰি স্বদেশলৈ ঘূৰি আহিবলৈ কওক।

হাছিনাক হত্যাকাৰী আখ্যা দি বাৰ এছ'চিয়েশ্যনৰ সভাপতিগৰাকীয়ে তেনে হত্যাকাৰী নেতাক চুবুৰীয়া দেশ ভাৰতে আশ্ৰয় দিয়াতো দুৰ্ভাগ্যজনক আখ্যা দিয়ে। উল্লেখযোগ্য যে বাংলাদেশৰ সদ্যপদত্যাগী প্ৰধানমন্ত্ৰীগৰাকীয়ে ইউৰোপকে ধৰি কেইবাখনো দেশত ৰাজনৈতিক আশ্ৰয় বিচাৰিছে যদিও কোনো দেশে এতিয়ালৈকে তেঁওক আশ্ৰয় প্ৰদানৰ বাবে সন্মত হোৱা নাই।

ইফালে শ্বেখ হাছিনাক ভাৰতত আশ্ৰয় দিয়াৰ বাবে হাছিনাৰ পুত্ৰ সজীৱ ৱাজেদ জয়ে ভাৰত চৰকাৰ তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ধন্যবাদ জ্ঞাপন কৰে। লগতে তেঁও কয়- মোৰ মাতৃয়ে কোনো দেশৰ আশ্ৰয় বিচৰা নাই। ৰাজনীতিৰ পৰা অৱসৰ লৈ স্বদেশতে তেঁও অৱসৰ জীৱন কটাব বিচাৰে।

ভাৰত চৰকাৰক বাংলাদেশৰ বিভিন্ন দল-সংগঠনৰ দাবী : শীঘ্ৰেই গ্ৰেপ্তাৰ কৰক শ্বেখ হাছিনা আৰু ভগ্নীক
অসম বিশ্ববিদ্যালয় চৌহদত প্ৰতিষ্ঠা কৰা হ'ব বীৰ টিকেন্দ্ৰজিতৰ প্ৰতিমূৰ্তি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in