Durga Puja, Bangladesh: বাংলাদেশত দুৰ্গা পূজা কমিটীয়ে বন্ধ ৰাখিব লাগিব পূজা মণ্ডপৰ মাইক !

মহম্মদ ইউনুছৰ চৰকাৰে জনাইছে বিশেষ আহ্বান
Durga Puja, Bangladesh: বাংলাদেশত দুৰ্গা পূজা কমিটীয়ে বন্ধ ৰাখিব লাগিব পূজা মণ্ডপৰ মাইক !
Durga Puja, Bangladesh: বাংলাদেশত দুৰ্গা পূজা কমিটীয়ে বন্ধ ৰাখিব লাগিব পূজা মণ্ডপৰ মাইক !
Published on
Updated on

ডিজিটেল ডেস্কঃ সমাগত দুৰ্গা পূজা। ভাৰতৰ লগতে চুবুৰীয়া বাংলাদেশতো মহা ধুমধামেৰে আয়োজন হৈ আহিছে দুৰ্গা পূজা। কিন্তু এইবাৰ পৰিবেশ, পৰিস্থিতি বহু সলনি হৈছে।

বাংলাদেশ (Bangladesh) ৰ ৰাজনৈতিক অস্থিৰ পৰিবেশে এতিয়া দেশখনত আগন্তক দুৰ্গা পূজা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰতো হিন্দুধৰ্মীয় লোকসকসকলক চিন্তিত কৰি তুলিছে। তাৰ মাজতে দেশখনৰ অন্তৱৰ্তীকালীন চৰকাৰে হিন্দু ধৰ্মীয় লোকসকলক নামাজ পঢ়াৰ সময়ত আৰু আজান দিয়াৰ সময়ত দুৰ্গা পূজা (Durga Puja)ৰ আঁৰতি তথা ঢাক বজোৱাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে।

অন্তৱৰ্তীকালীন চৰকাৰৰ এনে আহ্বানৰ পিছতে এতিয়া দেশখনৰ হিন্দু ধৰ্মীয় লোকসকলৰ অধিকাৰক লৈ ভাৰতৰ একাংশ হিন্দু ধৰ্মীয় লোক তথা সংগঠনে প্ৰশ্ন উত্থাপন কৰিছে। পিছে বাংলাদেশৰ হিন্দু ধৰ্মীয় লোকসকলে চৰকাৰৰ এনে আহ্বানৰ প্ৰতি সহাৰি দিয়াহে পৰিলক্ষিত হৈছে।

উল্লেখ্য যে, আৱামী লীগৰ চৰকাৰ পতনৰ পাছতেই দেশখনত হিন্দু ধৰ্মীয় লোকৰ ওপৰত নিৰ্যাতনৰ সংখ্যা বৃদ্ধি হোৱাৰ অভিযোগ উত্থাপন হৈ আহিছে। তাৰ মাজতেই নবেল বিজয়ী মহম্মদ ইউনুছ (Muhammad Yunus) ৰ নেতৃত্বাধীন চৰকাৰৰ এই আহ্বানে এতিয়া বিষয়টোত যথেষ্ট চৰ্চাৰ মাজলৈ লৈ আহিছে।

সাংবাদিকৰ আগত বাংলাদেশ চৰকাৰৰ গৃহ সংক্ৰান্তীয় উপদেষ্টা মহম্মদ জাহাঙ্গীৰ আলম চৌধুৰীয়ে কয়, দুৰ্গা পূজাৰ আয়োজকসকললৈ আমাৰ চৰকাৰে বিশেষ অনুৰোধ জনাইছো। আমি কৈছো যি সময়ত নামাজ বা আজান হ’ব সেই সময়ত দুৰ্গা পূজাৰ সকলো শব্দ যন্ত্ৰ বন্ধ ৰখা হওঁক। গান-বাজনা বা ঢাক-মন্ত্ৰোচাৰণৰ শব্দ আদি পূজা মণ্ডপৰ পৰা যাতে বাহিৰলৈ নাযায়।

গৃহ উপদেষ্টাগৰাকীয়ে লগতে এই কথাও সদৰি কৰিছে যে, দুৰ্গা পূজা কমিটীসমূহে চৰকাৰৰ এই আহ্বান মানি লৈছে। মন কৰিবলগীয়া যে, বিগত বৰ্ষসমূহতকৈ এইবাৰ বাংলাদেশত দুৰ্গাপূজাৰ সংখ্যা হ্ৰাস পাব। যোৱা বছৰ দেশখনত ৩৩ হাজাৰ ৪৩১ টা পূজা মণ্ডপ আছিল। কিন্তু এইবাৰ এই সংখ্যা ৩২ হাজাৰ ৬৬৬ লৈ হ্ৰাস পাব।  

ঢাকা চহৰত এইবাৰ মুঠ দুৰ্গা পূজাস্থলীৰ সংখ্যা ১৫৭। এই সকলো পূজা মণ্ডপৰ নিৰাপত্তা কটকটীয়া কৰা হ’ব বুলিও জাহাহঙ্গীৰ আলম চৌধুৰীয়ে জানিবলৈ দিছে। উল্লেখ্য যে, চুবুৰীয়া দেশখনৰ ৰাজনৈতিক পট পৰিবৰ্তনৰ পাছতে হিন্দু ধৰ্মীয় লোকৰ ওপৰত আক্ৰমণ বৃদ্ধি পোৱাৰ সমান্তৰালকৈ বহু মন্দিৰো ভাঙিছে দুৰ্বৃত্তই।

তাৰ মাজতেই অৱশ্যে বহু ইছলাম ধৰ্মীয় লোকে এই মন্দিৰ আৰু হিন্দু পৰিয়ালসমূহক সুৰক্ষা প্ৰদান কৰিছে। সেয়ে হিংসাত্মক পৰিস্থিতিৰ মাজতো দেশখনত সাম্প্ৰদায়িক সম্প্ৰীতিৰো নিদৰ্শন স্পষ্ট হৈছে। এই সম্প্ৰীতিৰ এনাজৰী দুৰ্গা পূজাৰ সময়তো অটুট থাকিব বুলিয়েই ধাৰণা কৰা হৈছে। অন্তৱৰ্তীকালীন চৰকাৰেও দেশখনৰ শান্তি বজাই ৰাখিবলৈ সকলোকে আহ্বান জনাইছে।

Durga Puja, Bangladesh: বাংলাদেশত দুৰ্গা পূজা কমিটীয়ে বন্ধ ৰাখিব লাগিব পূজা মণ্ডপৰ মাইক !
প্ৰবীণ বাওঁপন্থী নেতা, CPI(M)ৰ সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰীৰ দেহাৱসান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in