আজি শপত ল'ব বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে...

দেশলৈ আজিয়েই উভতিব মহম্মদ ইউনুছ
আজি শপত ল'ব বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে...
আজি শপত ল'ব বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে...
Published on
Updated on

ডিজিটেল ডেস্কঃ বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে আজি শপত ল’ব। এই চৰকাৰৰ প্ৰধানমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিব নোবেল বিজয়ী অৰ্থনীতিবিদ মহম্মদ ইউনুছে। মহম্মদ ইউনুছৰ নেতৃত্বত গঠন হ’বলগীয়া এই চৰকাৰত মুঠ সদস্য ১৫ জন হোৱাৰ সম্ভাৱনাই অধিক।

এই সন্দৰ্ভত ৰাষ্ট্ৰখনৰ ৰাষ্ট্ৰপতি মহম্মদ ছাহাবুদ্দিনে কয়, দেশে ক্ৰান্তিকাল অতিক্ৰম কৰিছে। এই সংকটৰ পৰা উত্তৰণৰ বাবে যিমান পাৰি সোনকালে অন্তৱৰ্তীকালীন চৰকাৰ গঠন কৰাটো জুৰৰী। অন্তৱৰ্তীকালীন চৰকাৰৰ উপদেষ্টা মণ্ডলীত আৰু কাক কাক অন্তৰ্ভুক্তি কৰিব পাৰি সেই সন্দৰ্ভত তিনি ৰাজনৈতিক দলৰ সৈতে আলোচনা কৰি পৰামৰ্শ দিব। ইয়াৰোপৰি এই অন্তৱৰ্তীকালীন চৰকাৰত এজন মুক্তি যুদ্ধাকো স্থান দিয়াৰো পৰামৰ্শ দিছে ৰাষ্ট্ৰপতিগৰাকীয়ে। এই সংকটৰ পৰা পৰিত্ৰাণ পাবলৈ দেশবাসীক সহযোগ কৰিবলৈয়ো আহ্বান জনাইছে তেওঁ।

নোবেল বিজয়ী অৰ্থনীতিবিদ মহম্মদ ইউনুছৰ নেতৃত্বত অন্তৱৰ্তীকালীন চৰকাৰৰ সদস্য মুঠ ১৫ জন হ’ব বুলিয়েই প্ৰকাশ কৰিছে দেশখনৰ সেনাবাহিনীৰ প্ৰধান জেনেৰেল ৱাকাৰ উজ জামানে। বুধবাৰে সেনা দপ্তৰত এক সংবাদ মেলত তেওঁ এই বিষয়ে উল্লেখ কৰিছে। তেওঁ কয়, বৃহস্পতিবাৰে নিশা ৮ বজাত অন্তৱৰ্তীকালীন চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠান হ’ব পাৰে।

তেওঁ কয়, মহম্মদ ইউনুছ বৃহস্পতিবাৰে দেশলৈ আহিব। আমি তেওঁক বিমান বন্দৰত আদৰিম। মই তেওঁৰ সৈতে কথা পাতিছোঁ, তেওঁ আমাক এক সুন্দৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ মাজলৈ লৈ যাব। উল্লেখ্য যে, বৈষম্য বিৰোধী ছাত্ৰ আন্দোলনৰ নেতৃত্বই মহম্মদ ইউনুছৰ নেতৃত্বত অন্তৱৰ্তীকালীন চৰকাৰ গঠন কৰাৰ দাবী কৰিছিল।

এই আন্দোলনৰ সমন্বয়কে ৰাষ্ট্ৰপতিৰ হাতত ইতিমধ্যে অন্তৱৰ্তীকালীন চৰকাৰৰ এখন প্ৰাথমিক তালিকাও অৰ্পণ কৰিছে বুলি জানিব পৰা গৈছে। ছাত্ৰসকলৰ মাজৰ পৰা প্ৰস্তাৱ কৰা অনুসৰি এই চৰকাৰৰ অন্যান্য সদস্যসকলৰ ভিতৰত ড০ ছালেহউদ্দিন আহমেদ, ৱাহিদউদ্দিন মাহম্মুদ, আলী ইমাম মজুমদাৰ, ড০ শ্বাহদীন মালিক, ড০ তাছনিম আৰেফা ছিদ্দিকী,  মহম্মদ তৌহিদ হুছেইন, শ্বহীদুল্লাহ খান বাদল, অধ্যাপক আছিফ নজৰুল, আদিলুৰ ৰহমান, বেৰিষ্টাৰ ছাৰা হুছেইন, ছৈয়দা ৰিজৱান হাছান। ইয়াৰ বাহিৰেও ৰাষ্ট্ৰপতি আৰু এজন মুক্তিযুদ্ধাসহ দুজনক ৰখাৰ পৰামৰ্শ দিয়া হৈছে। এইসকলৰ উপৰিও এই এজন সংখ্যালঘু আৰু এজন আদিবাসী সদস্য থাকিব পাৰে।

আজি শপত ল'ব বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে...
১৫ বছৰত ১৫ লাখ কোটিতকৈ অধিক ঋণ লৈছিল হাছিনাইঃ এৰা নাছিল বিলাসীতা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in