মাছুম বিল্লাহ, ঢাকা: প্ৰায় ডেৰ দশক ধৰি পাকিস্তানৰে সম্পৰ্ক স্থবিৰ হৈ আছিল বাংলাদেশৰ। কিন্তু শেহতীয়াকৈ শ্বেইখ হাছিনাৰ চৰকাৰৰ পতনৰ লগে লগে এতিয়া সেই সম্পৰ্ক পুনৰ উজ্জীৱিত কৰিবলৈ তৎপৰ হৈছে পাকিস্তান। পাকিস্তানৰ এনে তৎপৰতালৈ যোগাত্মক সহাৰি দিছে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰেও।
সেই অনুসৰিয়েই দুয়োখন দেশৰ চৰকাৰে দ্বিপাক্ষিক সম্পৰ্ক পুনৰুদ্ধাৰৰ বাবে নীৰৱে কাম কৰিছে। একে সময়তে, পাকিস্তানেও যুটীয়া অৰ্থনৈতিক আয়োগৰ পুনৰুজ্জীৱিতকৰণ বিচাৰিছে। এই যুটীয়া অৰ্থনৈতিক আয়োগৰ যোৱা ডেৰ দশক ধৰি স্থবিৰ হৈ আছে।
বৰ্তমানৰ বাংলাদেশ অন্তৱৰ্তীকালীন চৰকাৰৰ প্ৰধান উপদেষ্টা মহম্মদ ইউনুছ আৰু পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ নিউয়ৰ্কত অনুষ্ঠিত হ'বলগীয়া ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ সময়তে আলোচনাত মিলিত হোৱাৰ সম্ভাৱনা আছে। ইছলামাবাদৰ এটা কূটনৈতিক সূত্ৰই সোমবাৰে এই সন্দৰ্ভত নিশ্চিত কৰিছে।
সূত্ৰ অনুসৰি, পাকিস্তান আৰু বাংলাদেশে দুয়োখন দেশৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্ক পুনৰুদ্ধাৰৰ বাবে কাম আৰম্ভ কৰিছে। প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ শাসনকালত এই সম্পৰ্ক সম্পূৰ্ণৰূপে স্থবিৰ হৈ পৰিছিল।
পাকিস্তানৰ এক সংবাদ মাধ্যমৰ মতে, শ্বেখ হাছিনাৰ কাৰ্যকালত পাকিস্তানী কূটনীতিবিদসকলৰ বাবে কোনো চৰকাৰী বিষয়াক লগ কৰাটো অতি কঠিন কাম আছিল। অৱশ্যে, ৰাজনৈতিক পট পৰিৱৰ্তনৰ পিছত এতিয়া যোৱা কেইসপ্তাহমানত বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ পৰামৰ্শদাতাসহ পাকিস্তানী কূটনীতিবিদ আৰু অন্যান্য সদস্যসকলৰ মাজত কেইলানীও বৈঠক অনুষ্ঠিত হৈছে।
পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ আৰু বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে ফোনযোগে বাৰ্তালাপ কৰিছে। ঢাকাত পাকিস্তানী উচ্চায়ুক্ত আৰু বাংলাদেশৰ বৈদেশিক উপদেষ্টাৰ মাজত শেহতীয়াকৈ এখন বৈঠক অনুষ্ঠিত হৈ গৈছে। এই বৈঠকত দুয়োপক্ষই দ্বিপাক্ষিক সম্পৰ্ক আৰু প্ৰক্ৰিয়া পুনৰুদ্ধাৰৰ সম্ভাৱনা সম্পৰ্কে আলোচনা কৰে।
বাংলাদেশ আৰু পাকিস্তানৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক সহযোগিতাৰ বাবে এক দ্বিপাক্ষিক প্ৰণালী আছিল। যুটীয়া অৰ্থনৈতিক আয়োগ হৈছে বাণিজ্য আৰু বাণিজ্যিক সম্পৰ্ক সন্দৰ্ভত আলোচনাৰ বাবে দুয়োখন দেশৰ মাজৰ শীৰ্ষ মঞ্চ। অৱশ্যে, শ্বেখ হাছিনাৰ চৰকাৰৰ কাৰ্যকালত এই আয়োগ প্ৰায় অপ্ৰয়োজনীয় হৈ পৰিছিল। দুয়োখন দেশৰ যুটীয়া অৰ্থনৈতিক আয়োগৰ অন্তিম খন বৈঠক ২০০৭ চনতে অনুষ্ঠিত হৈছিল।
পাকিস্তানে এতিয়া বাংলাদেশৰ সৈতে যুটীয়া অৰ্থনৈতিক আয়োগৰ পুনৰুজ্জীৱিতকৰণ বিচাৰিছে। ঢাকাত পাকিস্তানৰ উচ্চায়ুক্তই শেহতীয়াকৈ এই সন্দৰ্ভত অন্তৱৰ্তীকালীন চৰকাৰক আনুষ্ঠানিক অনুৰোধ জনাইছিল।
ঢাকাৰ সূত্ৰ অনুসৰি, বাংলাদেশত পাকিস্তানৰ উচ্চায়ুক্ত ছৈইদ আহমেদ মাৰুফে ১০ ছেপ্টেম্বৰত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ত বৈদেশিক পৰিক্ৰমা উপদেষ্টা তোৱিদ হোছেইনক সৌজন্যমূলক সাক্ষাৎ কৰিছিল। বৈঠকত পাকিস্তানী ৰাষ্ট্ৰদূতে দুয়োখন দেশৰ জনসাধাৰণৰ মাজৰ সম্পৰ্ক উন্নত কৰিবলৈ বাংলাদেশ ভ্ৰমণৰ বাবে ইচ্ছুক পাকিস্তানী নাগৰিকসকললৈ ভিছা প্ৰদানৰ সুবিধাৰো দাবী জনায়। পাকিস্তানেও দুয়োখন দেশৰ মাজত পোনপটীয়া বিমান চলাচল আৰম্ভ কৰিব বিচাৰিছে।
ইফালে, দুয়োখন দেশৰ মাজত সম্পৰ্ক শক্তিশালী কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি পাকিস্তানৰ উচ্চায়ুক্তই বৈদেশিক সচিব পৰ্যায়ৰ আলোচনা আৰু যুটীয়া অৰ্থনৈতিক আয়োগৰ কাৰ্যকলাপ পুনৰ আৰম্ভ কৰাৰ দৰে দ্বিপাক্ষিক প্ৰক্ৰিয়াসমূহ পুনৰ আৰম্ভ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।
একেদৰে, প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ আৰু অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা ড০ মহম্মদ ইউনুছে এই মাহৰ শেষৰ ফালেই নিউয়ৰ্কত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ অধিৱেশনৰ সময়ত দুয়ো দেশৰ সম্পৰ্ক উন্নত কৰাৰ বাবে চলি থকা প্ৰচেষ্টা ত্বৰান্বিত কৰিবলৈ বৈঠকত মিলিত হোৱাৰ সম্ভাৱনা আছে।
এই বৈঠক এক দীঘলীয়া সময়ৰ পাছত দুয়োখন দেশৰ মাজৰ প্ৰথম উচ্চ পৰ্যায়ৰ বৈঠক হ'ব। শ্বেখ হাছিনাই তেওঁৰ শাসনকালত পাকিস্তানৰ সৈতে এনে সম্পৰ্ক ৰক্ষা কৰা নাছিল। কূটনীতিবিদসকলৰ মতে বাংলাদেশৰ জনসাধাৰণৰ এই মুহূৰ্তত পাকিস্তানৰ প্ৰতি এক আন্তৰিক সদিচ্ছা গঢ় লৈ উঠিছে।
বাংলাদেশত প্ৰথমবাৰৰ বাবে মহম্মদ আলী জিন্নাৰ মৃত্যু বাৰ্ষিকী পালন কৰা বিষয়টোৱে তাৰ ইংগিত দিছে। শেহতীয়াকৈ, ঢাকা বিশ্ববিদ্যালয়ৰ এজন অধ্যাপকে ভাৰতীয় কূটনৈতিক স্থিতিৰ ওপৰত অধ্যয়ন কৰি পাকিস্তানৰ সৈতে বাংলাদেশৰ ঘনিষ্ঠ সম্পৰ্ক বজাই ৰখাৰ পৰামৰ্শ দিছে।
ঢাকাত এক অনুষ্ঠানত অধ্যাপক শ্বাহিদুজ্জামানে পাকিস্তান আৰু বাংলাদেশৰ মাজত পাৰমাণৱিক চুক্তিৰ প্ৰস্তাৱো দিছে। তেওঁ পাকিস্তানক "বাংলাদেশৰ আটাইতকৈ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য অংশীদাৰ" বুলি অভিহিত কৰিছে।
Also Read: ভাইৰেল ADRE ৰ প্ৰশ্নকাকতঃ ৯০ পৃষ্ঠাৰ প্ৰশ্ন কাকত বিয়পিছে হোৱাটছএপত...