বাংলাদেশত শ্বেখ হাছিনা চৰকাৰৰ ছন্দপতনঃ প্ৰধানমন্ত্ৰীৰ বাসভৱনত হাজাৰ হাজাৰ লোকৰ প্ৰৱেশ...

বাংলাদেশত শ্বেখ হাছিনা চৰকাৰৰ ছন্দপতনঃ প্ৰধানমন্ত্ৰীৰ বাসভৱনত হাজাৰ হাজাৰ লোকৰ প্ৰৱেশ...
Published on
Updated on

ডিজিটেল ডেস্কঃ বাংলাদেশত সংৰক্ষণবিৰোধী আন্দোলনে ছন্দপতন ঘটালে শ্বেখ হাছিনা চৰকাৰক। পৰিস্থিতি গৈ এনে পৰ্যায় পালে যে, প্ৰধানমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী আৱাসৰ পৰা হেলিকপ্টাৰ লৈ পলায়ন কৰাৰ পৰিস্থিতি উদ্ভৱ হ’ল। ৰাজধানী ঢাকাত প্ৰধানমন্ত্ৰীয়ে সংবাদংমেল সম্বোধন কৰাৰ কথা আছিল যদিও প্ৰতিবাদকাৰীৰ ৰূপ দেখি ততাতৈয়াকৈ পলায়ন কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে।

বাংলাদেশৰ পৰা পলায়ন কৰাৰ পাছত শ্বেখ হাছিনাই কত আশ্ৰয় লব, তাক লৈ এতিয়া চৰ্চা হৈছে। ৰাষ্ট্ৰীয় বহুকেইটা সংবাদমাধ্যমত প্ৰকাশ পাইছে যে, শ্বেখ হাছিনাই আশ্ৰয় লব ভাৰতত। ইতিমধ্যে ভাৰতৰ পৰা সহায় ভিক্ষা কৰিছে বাংলাদেশৰ সদ্য পদত্যাগী প্ৰধানমন্ত্ৰীগৰাকীয়ে। ইফালে বাংলাদেশত প্ৰধানমন্ত্ৰীয়ে পদত্যাগ কৰা পাছতে সামৰিক শাসনৰ অধীনত অন্তৱৰ্তীকালীন চৰকাৰ গঠন কৰাৰ কথা ঘোষণা কৰিছে সেনা প্ৰধানে।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, দেশখনত অস্থিৰ পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি বাংলাদেশ সেনা প্ৰধান ৱাকাৰ উজ জামানে সোমবাৰে শ্বেখ হাছিনাক ৪৫মিনিটৰ সময় বান্ধি দিছিল। এই ৪৫মিনিটৰ ভিতৰতে পদত্যাগ কৰি বাংলাদেশ প্ৰধানমন্ত্ৰীৰ আৱাস ঢাকা পেলেচৰ পৰা হেলিকপ্টাৰ লৈ দেশ এৰে।

উল্লেখ কৰা প্ৰয়োজন যে, বাংলাদেশত সংৰক্ষণবিৰোধী আন্দোলনত এতিয়ালৈকতে ৩০০ৰো অধিক লোকৰ মৃত্যু হৈছে। আন্দোলনৰ পৰিস্থিতিত সমগ্ৰ বাংলাদেশ এতিয়া এক জ্বলন্ত অগ্নিকুণ্ডলৈ পৰিণত হৈছে। ছাত্ৰ-ছাত্ৰীৰ মৃত্যুৰ খবৰ যিমানেই আহিছে ঢাকাৰ পৰিৱেশ সিমানেই অধিক উত্তপ্ত হৈ পৰিছে। ক্ষুব্ধ ছাত্ৰ-ছাত্ৰীসকলে বাংলাদেশৰ দুৰ্যোগ ব্যৱস্থাপনা ভৱন বিটিভি ভৱনত আক্ৰমণ কৰি জুই লগাই দিছে। তেওঁলোকে ফ্লাইঅভাৰ, বাছ আৰু আৰক্ষীৰ বাহনতো অগ্নি সংযোগ কৰিছে।

উল্লেখ্য যে, বিগত দেওবাৰে গণভৱনত এক সংবাদ মেল সম্বোধন কৰি প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাই সংৰক্ষণ সন্দৰ্ভত কৰা এক মন্তব্যক কেন্দ্ৰ কৰি ১৫জুলাইৰ নিশাৰ পৰাই ঢাকাৰ ৰাজপথত শিক্ষাৰ্থীসকলে প্ৰতিবাদ আৰম্ভ কৰিছিল। ইয়াৰ পিছত সোমবাৰে ঢাকাৰ কেইবাখনো বিশ্ববিদ্যালয় আৰু শিক্ষা প্ৰতিষ্ঠানৰ ওপৰত আন্দোলনকাৰী শিক্ষাৰ্থীৰ ওপৰত ছাত্ৰ লীগৰ কৰ্মীয়ে আক্ৰমণ কৰে।

এনে পৰিস্থিতিৰ মাজতে, ইয়াৰ মাজতে প্ৰতিবাদকাৰীসকলে ঢাকালৈ বৃহৎ আন্দোলনৰ ঘোষণা কৰিছে । আন্দোলনৰ সমন্বয়ক আচিফ মাহমুদে দেওবাৰে নিশা জাৰি কৰা এক প্ৰেছ বিজ্ঞপ্তিত কয় যে দেশত বৰ্ধিত উদ্বেগৰ মাজতে এক জৰুৰী বৈঠকত এই সিদ্ধান্ত লোৱা হয় ।

১৯৭১ চনত বাংলাদেশৰ স্বাধীনতা আন্দোলনত শ্বহীদ হোৱা লোকসকলৰ আত্মীয়ৰ বাবে ৩০ শতাংশ চৰকাৰী নিযুক্তি সংৰক্ষিত কৰাৰ বিতৰ্কিত সংৰক্ষণ প্ৰণালীৰ সমাপ্তিৰ দাবীত আৰক্ষী আৰু শিক্ষাৰ্থী প্ৰতিবাদকাৰীৰ মাজত হোৱা হিংসাত্মক সংঘৰ্ষত ৩০০ ৰো অধিক লোক নিহত হৈছে । এই ঘটনাৰ কিছুদিন পিচতে পুনৰ সংঘৰ্ষৰ সূত্ৰপাত হয় । তেতিয়াৰে পৰা দেশখনত ১১,০০০ ৰো অধিক লোকক গ্ৰেপ্তাৰ কৰা হৈছে ।

বিষয়াসকলে দাবী কৰা মতে দেওবাৰৰ প্ৰতিবাদত অচিনাক্ত লোক আৰু সোপন্থী ইছলামী শাসনতন্ত্ৰ আন্দোলনৰ কৰ্মীসকলে যোগদান কৰিছিল । কেইবাটাও মুখ্য ঘাইপথ আৰু ৰাজধানী চহৰৰ ভিতৰত বেৰিকেড স্থাপন কৰা হৈছিল । দেওবাৰে ৩৯ খন জিলাত জনপ্ৰতিনিধিৰ ঘৰ, আৱামী লীগৰ কাৰ্যালয়, আৰক্ষী থানা আৰু অন্যান্য চৰকাৰী প্ৰতিষ্ঠানসমূহত আক্ৰমণ কৰাৰ লগতে জ্বলাই দিয়া হয় ।

ইফালে সেনাই আইন-শৃংখলাৰ সকলো দায়িত্ব গ্ৰহণ কৰাৰ পাছতো উত্তপ্ত হৈয়েই আছে বাংলাদেশ। প্ৰধানমন্ত্ৰীৰ বাসভৱনত হাজাৰ হাজাৰ লোকে প্ৰৱেশ কৰি লণ্ডভণ্ড কৰিছে বাসভৱন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in