পদ্মাৰ ইলিছৰ সোৱাদৰ পৰা বঞ্চিত বংগবাসীলৈ পঠিয়াব ৩ হাজাৰ টন ইলিছ

বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ সিদ্ধান্ত

author-image
Asomiya Pratidin
New Update
পদ্মাৰ ইলিছৰ সোৱাদৰ পৰা বঞ্চিত বংগবাসীলৈ পঠিয়াব ৩ হাজাৰ টন ইলিছ

পদ্মাৰ ইলিছৰ সোৱাদৰ পৰা বঞ্চিত বংগবাসীলৈ পঠিয়াব ৩ হাজাৰ টন ইলিছ

ডিজিটেল ডেস্কঃ অৱশেষত সকলো জল্পনা-কল্পনাৰ অৱসান। দুৰ্গা পূজাত সোৱাদ ল'ব পাৰিব পদ্মাৰ ইলিছ মাছৰ। ৰাজনৈতিক পট পৰিবৰ্তনৰ পাছৰে পৰা বাংলাদেশৰ পৰা ভাৰতলৈ ইলিছৰ ৰপ্তানি বন্ধ হৈ আছে। ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিছে পশ্চিমবংগৰ মাছৰ বজাৰত।

পশ্চিমবংগৰ জনতাৰ বাবে ইলিছ অবিহনে অসম্পূৰ্ণ দুৰ্গা পূজাৰ আনন্দ। বাংলাদেশৰ পৰা ইলিছৰ যোগান বন্ধ থকাৰ বাবে যোৱা সময়ছোৱাত পশ্চিমবংগত হোৰাহোৰে বৃদ্ধি পাইছিল ইলিছৰ মূল্য।

বংগৰ বজাৰত এই সময়ত কম পৰিমানে যি ইলিছ উপলব্ধি হৈছে সেয়া আকৌ পদ্মাৰ ইলিছ নহয়। পদ্মাৰ ইলিছৰ সোৱাদেই সুকিয়া। এনে পৰিস্থিতিত বংগৰ জনতাই এইবাৰ পদ্মাৰ ইলিছ অবিহনে কিদৰে পূজাৰ আনন্দ উপভোগ কৰিব তাক লৈ চিন্তিত হৈ আছিল।

কিন্তু এতিয়া সেই চিন্তা দূৰ হ'ল। বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে দুৰ্গা পূজাৰ সময়ত ভাৰতলৈ ইলিছ যোগান ধৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। জানিব পৰা মতে বাংলাদেশৰ পৰা পূজাৰ বতৰত ভাৰতলৈ আহিব ৩ হাজাৰ টন ইলিছ।

২১ ছেপ্টেম্বৰ, শনিবাৰে এই সন্দৰ্ভত এক বিজ্ঞপ্তি জাৰি কৰি বাংলাদেশ চৰকাৰৰ বাণিজ্যিক মন্ত্ৰণালয়ে। এই বিজ্ঞপ্তিৰ জৰিয়তে জনাইছে যে পশ্চিমবংগলৈ তেওঁলোকে ৩ হাজাৰ টন ইলিছ মাছ প্ৰেৰণ কৰাৰ অনুমতি প্ৰদান কৰা হৈছে।

ভাৰতৰ ফিছ ইম্পোৰ্টছ এছোচিয়েছনৰ তৰফৰ পৰা অৱগত কৰিছে যে, উৎসৱৰ বাবে প্ৰতি বছৰে ১০ ছেপ্টেম্বৰৰ ভিতৰত পশ্চিমবংগলৈ বাংলাদেশৰ পৰা ইলিছ আহে। এই বছৰ এতিয়ালৈকে অহা নাই। উৎসৱৰ বতৰতো ভাৰতলৈ বাংলাদেশে ইলিছৰ ৰপ্তানি বন্ধ কৰি ৰাখিছিল।

জানিব পৰা মতে আভ্যন্তৰিণ চাহিদা পূৰণ কৰিবলৈকে বাংলাদেশ চৰকাৰে এই সিদ্ধান্ত লৈছে। ইয়াৰ নেপথ্যত আন কোনো বেলেগ কাৰণ নাই। কিন্তু শনিবাৰে বাংলাদেশৰ বাণিজ্যিক মন্ত্ৰণালয়ে জনাইছে দুৰ্গা পূজাৰ আগে আগে তেওঁলোকে ভাৰতলৈ ৩ হাজাৰ টন ইলিছ মাছৰ যোগান ধৰিব।

তাৰোপৰি বাণিজ্যিক মন্ত্ৰণালয়ে জনাইছে যে, ভাৰতৰ যিসকল মৎস্য ব্যৱসায়ীয়ে বাংলাদেশৰ পৰা ইলিছ মাছ আমদানি কৰিবলৈ আবেদন কৰিছিল তেওঁলোকে পুনৰ আকৌ আবেদন কৰাৰ প্ৰয়োজন নাই। যিসকলে আবেদন কৰা নাছিল, নতুনকৈ আবেদন কৰিব বিচাৰে তেওঁলোকে অহা ২৪ ছেপ্টেম্বৰৰ ভিতৰত আবেদন কৰিব পাৰিব।

অৱশ্যে বাংলাদেশে প্ৰেৰণ কৰিবলগীয়া এই ইলিছ মাছৰ মূল্য কিমান হ'ব সেয়া এতিয়াই ক'ব পৰা নাযাব। ইফালে বংগৰ জনতাই উৎসৱৰ বতৰতো ইলিছৰ সোৱাদৰ পৰা বঞ্চিত হৈ থাকিবলগীয়া হোৱা বিষয়টোত দুখ প্ৰকাশ কৰিছে বাংলাদেশৰ মৎস্য উপদেষ্টা ফৰিদা আখতাৰ।

তেওঁ সংবাদ মাধ্যমৰ আগত পশ্চিমবংগবাসীক শাৰদীয় শুভেচ্ছা জ্ঞাপন কৰি কয়, দেশৰ মানুহক বঞ্চিত কৰি এইবাৰ আমি সেই পাৰৰ বংগলৈ ইলিছ প্ৰেৰণ কৰিব নোৱাৰিম। তেওঁ জনাইছে বাংলাদেশৰ প্ৰতিজন লোকেই যাতে ইলিছ মাছ ক্ৰয় কৰি খাব পাৰে তাৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

তেওঁ জনাইছে কেৱল ভাৰতেই নহয়, কোনো দেশলৈকে তেওঁলোকে যোৱা সময়ছোৱাত ইলিছ মাছৰ ৰপ্তানি কৰা নাই। তেওঁ জনাইছে বাংলাদেশৰ বজাৰতো ইলিছৰ যোগান হ্ৰাস পাইছে। ফলত মূল্য বৃদ্ধি হৈছে। বহু চেষ্টা কৰিও এক কেজি ওজনৰ ইলিছৰ মূল্য ১০০০ টকাৰ তললৈ আনিব পৰা নাই।

এনে অৱস্থাত তেওঁলোকৰ অক্ষমতাৰ কথা উল্লেখ কৰি ফৰিদা আখতাৰে বংগবাসীৰ ওচৰত ক্ষমাও বিচাৰিছে। ইফালে ভাৰতত বহুতেই বাংলাদেশৰ পৰা ইলিছ যোগান বন্ধ হোৱা বিষয়টোক কূটনৈতিক দৃষ্টি কোণেৰে চোৱাৰ দিশটোৰ বিষয়েও দেশখনৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মাজত আলোচনা হৈছে।

মহম্মদ ইউনুছ চৰকাৰে দাবী কৰিছে ভাৰত-বাংলাদেশৰ কূটনৈতিক সম্পৰ্ক ইলিছ মাছৰ দৰে এটা ক্ষুদ্ৰ ইছ্যুৰ বাবে প্ৰভাৱিত নহয়। তেওঁলোকে ভাৰতৰ পৰা কণী, আলু, পিঁয়াজ আদি আমদানি অব্যাহত ৰখাৰ সিদ্ধান্ত লোৱাৰ সমান্তৰাললৈ ভাৰত চৰকাৰক এইসমূহ সামগ্ৰীৰ ৰপ্তানি অব্যাহত ৰাখিবলৈ আহ্বান জনাইছে।

সেয়া যিয়েই নহওঁক পূজাৰ বতৰত বংগলৈ ৩ হাজাৰ টন ইলিছ মাছৰ যোগান ধৰাৰ বাংলাদেশৰ এই সিদ্ধান্ত পূজাৰ উপহাৰ হিচাপেই চৰ্চা লাভ কৰিছে। পদ্মাৰ ইলিছৰ সোৱাদৰ পৰা বঞ্চিত হৈ থকা বংগবাসীয়ে এতিয়া নিচিন্তমনে পূজাৰ আয়োজন কৰাত মনোনিবেশ কৰিব পাৰিব। পূজাৰ বতৰত মাছৰ বজাৰৰ পৰা মন গ'লেই ক্ৰয় কৰিব পাৰিব পদ্মাৰ ইলিছ।

Also Read: থাইলেণ্ডত পুনৰ উজলিছে অম্বৰিশ নিং গগৈ...

বাংলাদেশ পশ্চিমবংগ পদ্মাৰ ইলিছ