অশান্ত বাংলাদেশ : প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ পদত্যাগৰ দাবীত ওলাই আহিল কেইবা সহস্ৰাধিক প্ৰতিবাদকাৰী

অশান্ত বাংলাদেশ : প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ পদত্যাগৰ দাবীত ওলাই আহিল কেইবা সহস্ৰাধিক প্ৰতিবাদকাৰী
Published on
Updated on

ডিজিটেল সংবাদ,ঢাকা : হিংসা, সন্ত্ৰাস তথা বঙহৰ যুঁজ অৱ্যাহত আছে বাংলাদেশত। ক্ৰমান্বয়ে উত্তপ্ত হৈ আহিছে চুবুৰীয়া ৰাষ্ট্ৰখনৰ সামগ্ৰীক পৰিৱেশ।

ইয়াৰ মাজতে দেওবাৰে প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ পদত্যাগৰ দাবী তোলে একাংশই। প্ৰধানমন্ত্ৰীগৰাকীৰ পদত্যাগৰ দাবীত 'সৰ্বাত্মক অসহযোগ আন্দোলন'ৰ প্ৰথম দিনাই প্ৰতিবাদৰ সূত্ৰপাত হয়।

জানিব পৰা মতে এই প্ৰতিবাদ চলি থকাৰ মাজতে আজি পুৱাৰে পৰা দুপৰীয়ালৈকে ২৫ জন লোকৰ মৃত্যুৰ খবৰ পোৱা গৈছে। তাৰোপৰি হাজাৰ হাজাৰ লোক আহত হৈছে। এতিয়াও অৱ্যাহত আছে সংঘৰ্ষ আৰু আক্ৰমণ।

নিহতসকলৰ ভিতৰত আছে পাবনাৰ তিনিজন, মুন্সিগঞ্জৰ দুজন, বাগুৰাত দুজন। একদৰে ৰংপুৰৰ দুজন, কুমিলাৰ এজন, ফেনীৰ এজন, চাভাৰৰ এজন, চিৰাজগঞ্জৰ এজন, মগুৰাৰ এজন।

উক্ত প্ৰতিবাদত বৰিচালৰৰ এজন, ঢাকাৰ এজন আৰু গাজীপুৰৰ এজনৰ লোকৰ মৃত্যু হয়। ইফালে আহতসকলৰ ভিতৰত ৫০ জনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

ইতিমধ্যে ঘটনাস্থলীত উপস্থিত থকা আৰক্ষীৰ সহযোগত আতহতসকলক ঢাকা চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে। ইয়াৰোপৰি দেওবাৰে সন্ধিয়া ৬ বজাৰ পৰা বাংলাদেশত সান্ধ্য আইন জাৰি কৰা হৈছে।

ৰাজধানী ঢাকাকে ধৰি সকলো জিলা সদৰ, বিভাগীয় মুখ্য কাৰ্যালয়, মহকুমা, পৌৰসভা আৰু উপজিলাত সান্ধ্য আইন জাৰি কৰা হৈছে। প্ৰশাসনে জাৰি কৰা এই সান্ধ্য আইন পৰৱৰ্তী জাননী নোপোৱালৈ অব্যাহত থাকিব।

অশান্ত বাংলাদেশ : প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ পদত্যাগৰ দাবীত ওলাই আহিল কেইবা সহস্ৰাধিক প্ৰতিবাদকাৰী
ভৱামতে নহ'লঃ বীৰদৰ্পে যুঁজ দিও পেৰিছ অলিম্পিকত যাত্ৰা সামৰিলে লাভলীনাই...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in