স্বদেশলৈ উভতিব লাগিব শ্বেইখ হাছিনাঃ বিচাৰ হ'ব সকলো হত্যাকাণ্ডৰ...

স্বৈৰাছাৰী শ্বেইখ হাছিনা ভাৰতৰ পৰা বাংলাদেশলৈ ঘূৰি যাব লাগিব বুলি মন্তব্য কৰিছে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ প্ৰধান উপদেষ্টা মহম্মদ ইউনুছে। তেওঁ কয়, জুলাই-আগষ্ট মাহত সংঘটিত প্ৰতিটো হত্যা কাণ্ডৰ বিচাৰ হ’ব।

author-image
Asomiya Pratidin
New Update
মহম্মদ ইউনুছ

 

মাছুম বিল্লাহ ,ঢাকা স্বৈৰাছাৰী শ্বেইখ হাছিনা ভাৰতৰ পৰা বাংলাদেশলৈ ঘূৰি যাব লাগিব বুলি মন্তব্য কৰিছে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ প্ৰধান উপদেষ্টা মহম্মদ ইউনুছে। তেওঁ কয়, জুলাই-আগষ্ট মাহত সংঘটিত প্ৰতিটো হত্যা কাণ্ডৰ বিচাৰ হব। এই সংক্ৰান্তত সকলো কাম ভালকৈ আগবাঢ়িছে। বিচাৰৰ আওঁতাত স্বৈৰাছাৰী শ্বেইখ হাছিনাক ভাৰতৰ পৰা ঘূৰাই অনা হ'ব।

১৭ নৱেম্বৰ, দেওবাৰে অন্তৱৰ্তীকালীন চৰকাৰৰ ১০০ দিন সম্পূৰ্ণ হোৱাৰ উপলক্ষে সন্ধিয়া ৭ বজাত দেশবাসীক উদ্দেশ্য ভাষণ দিয়াৰ সময়ত এই কথা উল্লেখ কৰে ইউনুছে। তেওঁ কয়, কেৱল জুলাই-আগষ্ট মাহৰে হত্যাকাণ্ড নহয়, বিগত ১৫ বছৰৰ সকলো অপকৰ্মৰ বিচাৰ কৰা হব।

অসংখ্য মানুহ নিৰুদ্দিষ্ট হৈছে, হত্যাৰ বলি হৈছে এই সময়ত। আমি নিৰুদ্দিষ্টসকলৰ সন্ধানৰ বাবে এক কমিছন গঠন কৰিছো। এই কমিছনে আমাক জনাইছে অক্টোবৰ পৰ্যন্ত তেওঁলোকে ১৬০০ লোক সন্ধানহীন হোৱাৰ তথ্য লাভ কৰিছে। কমিছনৰ মতে সন্ধানহীন হোৱা লোকৰ সংখ্যা ৩৫০০ ৰো অধিক হব।

ইউনুছে কয়, কেৱল দেশৰ আদালততে নহয়, জুলাই-আগষ্ট মাহত হোৱা হত্যাকাণ্ডৰ বিচাৰ আমি আন্তৰ্জাতিক আদালতৰ কাষলৈয়ো লৈ যাম। ইণ্টাৰনেচনেল ক্ৰিমিনেল কৰ্টোৰ প্ৰধান বিষয়াৰ সৈতে আমাৰ কৰিম খানে এই বিষয়ে ইতিমধ্যে আলোচনা কৰিছে। 

যিসকল লোক সন্ধানহীন হৈছে তেওঁলোকৰ বিচাৰ প্ৰক্ৰিয়াৰ সন্দৰ্ভত ইউনুছে কয়, বহু লোকেই সন্ধানহীনসকলৰ বিষয়ে কমিছনৰ আগত অভিযোগ দিছে। বহুতেই অভিযোগ দিবলৈ ভয় কৰি আছে। মই আপোনালোকক আশ্বস্ত কৰিছো আপোনালোকে দ্বিধাহীনভাৱে কমিছনৰ আগত সন্ধানহীনসকলৰ অভিযোগ দাখিল কৰক।কোনেও আপোনালোকক ক্ষতি কৰিব নোৱাৰে। কোৰো সেই সাধ্য নাই।

ইউনুছে পুনৰ কয়, স্বৈৰাছাৰীৰ শাসনত বিপৰ্যস্ত এই দেশক আমি সকলোৱে মিলি পুনৰ গঠন কৰিব লাগিব। জুলাই-আগষ্ট বিপ্লৱৰ পাছত আমি এনে এখন দেশ হৈ পৰিলো য'ত সকলোতে কেৱল বিশৃংখলতা। স্বৈৰাচাৰী শাসন প্ৰতিষ্ঠাৰ বাবে আইন শৃংখলা বাহিনীক জনসাধাৰণৰ বিৰুদ্ধে ব্যৱহাৰ কৰা হৈছিল। বিপ্লৱৰ সময়ত প্ৰায় ডেৰ হাজাৰ ছাত্ৰ-শ্ৰমিক জনতা ছহিদ হৈছিল। 

শ্বেইখ হাছিনা মহম্মদ ইউনুছ