ঢাকাৰ ছহিদ মিনাৰত বৃহৎ সমাবেশঃ হিন্দুৰ সুৰক্ষা, শিক্ষা, ধৰ্মকে ধৰি ৮ দফীয়া দাবী...

হিন্দুক আক্ৰমণকৰীৰ বিৰুদ্ধে দ্ৰুত বিচাৰ প্ৰক্ৰিয়া চলাবলৈ ন্যায়াধিকৰণ গঠন কৰাৰ আহ্বান
ঢাকাৰ ছহিদ মিনাৰত বৃহৎ সমাবেশঃ হিন্দুৰ সুৰক্ষা, শিক্ষা, ধৰ্মকে ধৰি ৮ দফীয়া দাবী...
ঢাকাৰ ছহিদ মিনাৰত বৃহৎ সমাবেশঃ হিন্দুৰ সুৰক্ষা, শিক্ষা, ধৰ্মকে ধৰি ৮ দফীয়া দাবী...
Published on
Updated on

মাছুম বিল্লাহ, ঢাকাঃ বাংলাদেশত হোৱা হিন্দু নিৰ্যাতন আৰু মন্দিৰ আক্ৰমণৰ ঘটনাৰ দ্ৰুত বিচাৰৰ বাবে ন্যায়াধিকৰণ গঠন, দোষীৰ উপযুক্ত শাস্তি, ক্ষতিগ্ৰস্তক ক্ষতিপূৰণ প্ৰদান আৰু পুনৰ সংস্থাপনকে ধৰি মুঠ ৮ টা দাবীৰে আজি ঢাকাৰ কেন্দ্ৰীয় ছহিদ মিনাৰত এক গণ সমাবেশ অনুষ্ঠিত হয়। এই গণ সমাবেশ অনুষ্ঠিত কৰে বাংলাদেশ সন্মিলিত সংখ্যালঘু জোঁটে।

শুকুৰবাৰে পুৱা কেন্দ্ৰীয় ছহিদ মিনাৰ প্ৰাংগণত এই গণ সমাবেশত দলে দলে বিভিন্ন সনাতনী সংগঠনৰ বেনাৰত সংগবদ্ধ হয় আন্দোলনকাৰীসকল। শংখ বজাই আৰু জাতীয় সংগীত পৰিবেশনৰ মাধ্যমেৰে তেওঁলোকে এই সমাবেশ আৰম্ভ কৰে। সমাবেশত বাংলাদেশ সন্মিলিত সংখ্যালঘু জোঁটৰ প্ৰতিনিধি প্ৰদীপ ক্ৰান্তি দে'য়ে কয়স ৯ আগষ্টৰ পৰা আমি আন্দোলন কৰি আছো। আমাৰ ওপৰত যি অত্যাচাৰ হৈছে সেয়া বন্ধ কৰাৰ বাবে আমি সংগ্ৰাম কৰিছো। আমাৰ উদ্দেশ্য ক্ষমতালৈ অহা নহয়, দেশক অস্থিৰ কৰা নহয়। আমি কেৱল অধিকাৰৰ বাবে আহিছো। আমাৰ ৮ দফাৰ দাবী বাস্তৱায়িত কৰাৰ বাবেই আমি সংগ্ৰাম কৰিছো।

সমাবেশত এডভোকেট সুশান্ত অধিকাৰীয়ে কয়, চৰকাৰ পতনৰ পাছৰ পৰাই যিদৰে সংখ্যালঘুসকলৰ ওপৰত আক্ৰমণ, লুটপাক আৰম্ভ হৈছে তাত বুজিহ পাৰি এই দেশত সংখ্যালঘুসকল কিমান নিৰাপদ। সংখ্যালঘুসকলৰ নিৰাপত্তাৰ বাবে বিশেষ ব্যৱস্থাৰ প্ৰয়োজন। নহলে এই সমস্যা কেতিয়াও সমাধান নহ'ব। পূৰ্বৰ চৰকাৰে সংখ্যালঘুসকলক কৰা অবহেলা, বৈষম্য সৃষ্টি কৰিছিল। তেওঁলোকৰ পৰিণতি ভাল নহ'ল। বৰ্তমানৰ চৰকাৰে সেই বৈষম্য আঁতৰাই ৮ দফাৰ দাবী বাস্তৱায়িত কৰিব লাগিব।

সমাবেশত বাংলাদেশ জাতীয় হিন্দু মহাজোঁটৰ মহাসচিব আৰু মুখপাত্ৰ পলাশ কান্তি দে, হিন্দু যুৱ মহাজোঁটৰ সভাপতি গৌতম হালদাৰ প্ৰান্ত, বাংলাদেশৰ হিন্দু মহাজোঁটৰ সভাপতি আৰু বাংলাদেশ জাগৰণ মঞ্চৰ উপদেষ্টা এডভোকেট বিধান বিহাৰী গোস্বামী, বাংলাদেশ হিন্দু মহাজোঁটৰ সাধাৰণ সম্পাদক এডভোকেট সুশান্ত কুমাৰ চক্ৰৱৰ্তী দাস আদি উপস্থিত থাকি ভাষণ ৰাখে।

উল্লেখ্য যে, সন্মিলিত সংখ্যালঘু জোঁটৰ ৮ দফীয়া দাবীৰ ভিতৰত আছে ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ ওপৰত হোৱা প্ৰতিটো নিৰ্যাতনৰ বিচাৰ আৰু নিহত, আহত, ক্ষতিগ্ৰস্তৰ পৰিয়াললৈ ক্ষতিপূৰণ, হিন্দু সম্প্ৰদায়ৰ উচ্চ শিক্ষাৰ বাবে বৈদিক বিশ্ববিদ্যালয় স্থাপন, ধৰ্মীয় সংখ্যালঘু নিৰ্যাতন ৰোধ কৰিবলৈ সংখ্যালঘু সুৰক্ষা আইন প্ৰণয়ন, শাৰদীয় দুৰ্গা পূজাৰ চৰকাৰী ছুটি ৫ দিন ঘোষণা কৰা, সকলো শিক্ষা প্ৰতিষ্ঠানত সনাতনী হিন্দু শিক্ষাৰ্থীৰ বাবে ধৰ্মীয় উপাসনাস্থলী স্থাপন আৰু ৬৪ জিলাত মডেল মন্দিৰসহ সনাতনী কৃষ্টি, সভ্যতা আৰু সাংস্কৃতিক কেন্দ্ৰ নিৰ্মাণ।

ঢাকাৰ ছহিদ মিনাৰত বৃহৎ সমাবেশঃ হিন্দুৰ সুৰক্ষা, শিক্ষা, ধৰ্মকে ধৰি ৮ দফীয়া দাবী...
বনৰগাঁৱত ইউপিপিএলৰ বিশাল যোগদান কাৰ্যসূচী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in