ব্ৰাজিলত বাওঁপন্থী ৰাষ্ট্ৰপতি ! বন্ধ হ'ব পাৰে আমাজনৰ ধ্বংসলীলা...

author-image
Asomiya Pratidin
New Update
ব্ৰাজিলত বাওঁপন্থী ৰাষ্ট্ৰপতি ! বন্ধ হ'ব পাৰে আমাজনৰ ধ্বংসলীলা...

ডিজিটেল ডেস্ক : ব্ৰাজিলৰ ৰাষ্ট্ৰপতি পদৰ নিৰ্বাচনে ল'লে এক চাঞ্চল্যকৰ ৰূপ । সততেই পূঁজিপতিৰ চৰকাৰ বুলি আখ্যা পাই অহা ব্ৰাজিলে ৰাষ্ট্ৰপতি পদৰ বাবে নিৰ্বাচিত কৰিলে বাওঁপন্থী নেতা লুইক লুলা দা ছিলভাক । সামান্যতম ভোটৰ ব্যৱধানত জয়ী হোৱা লুলাই লাভ কৰা সৰ্বমুঠ ভোটৰ শতাংশ কেৱল ৫০.০৯ । কেৱল ০.৯ শতাংশ ভোটৰ বাবেই জনপ্ৰিয় সোপন্থী নেতা বোলচোনাৰোক পৰাস্ত কৰি ৰাষ্ট্ৰপতি ৰূপে সোমবাৰে নিৰ্বাচিত হয় লুলা ।

উল্লেখ্য যে, ২০১৮ বৰ্ষৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা আছিল লুলাৰ ওপৰত । ইয়াৰ ওপৰিও এটি ব্ৰাজিলৰ এটি নিৰ্মাণ উদ্যোগৰ পৰা ব্ৰাজিলিয়ান তৈল উদ্যোগ পেট্ৰ'বাছৰ ঠিকা প্ৰদানৰ নামত উৎকোচ লোৱাৰ অপৰাধত গ্ৰেপ্তাৰ কৰা হৈছিল লুলাক । তেনে এক ৰাজনৈতিক অৱস্থাৰ পৰা ব্ৰাজিলৰ ৰাষ্ট্ৰপতি হোৱাৰ যাত্ৰাই আচৰিত কৰি তুলিছে সকলোকে । অৱশ্যে পৰৱৰ্তী সময়ত লুলাক ৰেহাই দিয়া হয় সকলো আৰোপৰ পৰা । ৰাষ্ট্ৰপতি হিচাপে লুলাৰ এইটো প্ৰথম কাৰ্যকাল নহয়, ইয়াৰ পূৰ্বেও দুবাৰকৈ ৰাষ্ট্ৰপতিৰ আসন অধিগ্ৰহণ কৰিছিল লুলাই ।

আনহাতে, লুলাই ৰাষ্ট্ৰপতি ৰূপে নিৰ্বাচিত হোৱাৰ পাছত আটাইতকৈ বেছি সাময়িক সকাহ লাভ কৰিছে আমাজন বৰ্ষাৰণ্যই ।

ব্ৰাজিলৰ কুখ্যাত বনজুইৰ সময়ছোৱাত ৰাষ্ট্ৰপতিৰূপে কাৰ্যনিৰ্বাহ কৰি আছিল ৰাষ্ট্ৰপতি বেলচোনাৰোকে । তথ্য অনুসৰি, এক ব্যক্তিগত খণ্ডৰ উদ্যোগক আমাজন বৰ্ষাৰ্ণ্যৰ ভূমি মুকলি কৰি দিয়াৰ বাবেই কৃত্ৰিমভাৱে অগ্নি সংযোগ কৰা হৈছিল বৰ্ষাৰণ্যখনত । আৰু এই সমগ্ৰ ঘটনা সংঘটিত হৈছিল ৰাষ্ট্ৰপতি বেলচোনাৰোকৰ অনুমতি সাপেক্ষে ।যাৰ বাবে পৰৱৰ্তী সময়ত গণৰোষৰ বলিও হৈছিল ৰাষ্ট্ৰপতিগৰাকী ।

election brazil