ডিজিটেল ডেস্ক : বহু জল্পনা-কল্পনাৰ অন্ত পেলাই ঘোষণা হ’ল ব্ৰিটেইনৰ নতুন প্ৰধান মন্ত্ৰীৰ নাম । দীৰ্ঘদিন ধৰি চলি অহা ৰাজনৈতিক আলোচনা সমূহৰ অন্ত পেলাই ব্ৰিটেইনৰ নতুন প্ৰধান মন্ত্ৰী হ’ল লিজ ট্ৰাছ । ভাৰতীয় মূলৰ ঋষি চুনাকৰ প্ৰতিদ্বন্দী লিজ ট্ৰাছ বৈদেশিক, কমনৱেল্থ আৰু উন্নয়ন খণ্ডৰ সচিব আছিল।
প্ৰায় ৮ সপ্তাহজোৰা প্ৰতিদ্বন্দীতাৰ শেষত শুকুৰবাৰে বন্ধ কৰা হৈছিল টৰী লিডাৰশ্বিপ বেলট । এইবাৰৰ প্ৰতিদ্বন্দীতা বিশ্বজুৰি চৰ্চা হোৱাৰ অন্যতম কাৰণটো আছিল ভাৰতীয় মূলৰ ঋষি চুনাকৰ প্ৰধান মন্ত্ৰী পদৰ বাবে আগবঢ়োৱা পদক্ষেপ । আৰু দৃঢ় খোজেৰে কৰা এই আৰম্ভণি বৰ্তি থাকিল শুকুৰবাৰলৈ । প্ৰধান মন্ত্ৰী পদৰ দৌৰত অন্তিম পৰ্যায়লৈ দেখা গ’ল ঋষি চুনাকক ।