ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য হওক ভাৰত- আমেৰিকা যুক্তৰাষ্ট্ৰৰ পাছত ৰাষ্ট্ৰসংঘৰ মজিয়াতে পুনৰ এই দাবী উত্থাপন কৰিলে ব্ৰিটেইেন। বৃহস্পতিবাৰে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ সভাত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কিয়েৰ ষ্টাৰ্মাৰে স্পষ্টকৈ দাবী উত্থাপন কৰি কয়, নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যপদ ভাৰতসহ কেইবাখনো দেশে লাভ কৰা উচিত।
মন কৰিবলগীয়া যে, যোৱা বহু বছৰসমূহত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য হিচাপে ভাৰতক অন্তৰ্ভুক্ত কৰিবলৈ দাবী উত্থাপন হৈ আহিছে। পূৰ্বে মাৰ্কিন যুক্তৰাষ্ট্ৰয়ো ভাৰতক নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য কৰাৰ দাবী কৰিছিল।
এই প্ৰসংগত জু বাইডেনে মুকলিকৈ কৈছিল- ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সংশোধন জৰুৰী। ভাৰতক স্থায়ী সদস্য পদ দিয়াৰ সমৰ্থন কৰে আমেৰিকাই।
বাইডেনে জি-২০ আৰু গ্লোবেল ছাউথত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ভূমিকাক প্ৰশংসা কৰি সাম্প্ৰতিক পৰিস্থিতিত পোলেণ্ড, ইউক্ৰেইন ভ্ৰমণৰ বিষয়েও উল্লেখ কৰিছে। ভাৰতৰ এনে পদক্ষেপৰ বাবেই ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যপদ দিয়াৰ দাবী উত্থাপন কৰিছে বাইডেনে। বাইডেনৰ এই মন্তব্যক সমৰ্থন কৰিছে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনেও।
এইবাৰ ব্ৰিটেইনৰ দৰে এক শক্তিশালী ৰাষ্ট্ৰয়ো ভাৰতক ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য পদ দিবলৈ উত্থাপন কৰা দাবী স্বাভাৱিকতে গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতৰ উপৰিও আফ্ৰিকাৰ মহাদেশৰ পৰাও এখন দেশক স্থায়ী সদস্যপদ দিয়াৰ দাবী কৰিছে। তাৰোপৰি তেওঁ জাপান, ব্ৰাজি, জাৰ্মানীকো এই পদ দিয়াৰ দাবী জনাইছে।
মন কৰিবলগীয়া যে, ৰাষ্ট্ৰসংঘত বহু সংস্কাৰৰ দাবী দীৰ্ঘদিন ধৰি উত্থাপন হৈ আহিছে। ভাৰতেও ৰাষ্ট্ৰসংঘত সংস্কাৰৰ কথা কৈছে। দীৰ্ঘদিন ধৰি নিৰাপত্তা পৰিষদত পাঁচখন সদস্য ৰাষ্ট্ৰকে স্থায়ী সদস্য হিচাপে ৰখা হৈছে।
এই সংখ্যা বৃদ্ধি কৰিবলৈ দাবী উত্থাপন হৈ আহিছে। সদস্য বৃদ্ধিৰ ক্ষেত্ৰত প্ৰথমেই নাম উত্থাপন হৈ আহিছে ভাৰতৰ। ভাৰতক সমৰ্থন কৰিছে স্থায়ী সদস্য আমেৰিকা, ব্ৰিটেইন, ফ্ৰান্স, ৰাছিয়াই।
অৱশ্যে এই ক্ষেত্ৰত ভাৰতৰ সন্মুখত বাৰে বাৰে প্ৰত্যাহ্বান হিচাপে থিয় দি আহিছে চুবুৰীয়া চীন। কিন্তু এইবাৰ এই দাবী অধিক সক্ৰিয় হৈ পৰাত ভাৰতৰ স্থায়ী সদস্য পদ লাভৰ আশা সজীৱ হৈ পৰিছে।
Also Read: সোণাৰি আৰক্ষী থানাত জেৰা দালাল দুলালকঃ হাজিৰ কৰা হ'ব ন্যায়িক আদালতত...