ব্ৰিটিছ সাংসদ হাউছ অৱ কমনছত মণিপুৰ বিষয় উত্থাপন...

ব্ৰিটিছ সাংসদ হাউছ অৱ কমনছত মণিপুৰ বিষয় উত্থাপন...
ব্ৰিটিছ সাংসদ হাউছ অৱ কমনছত মণিপুৰ বিষয় উত্থাপন...
Published on
Updated on

ডিজিটেল সংবাদ বেকাজানঃ মণিপুৰৰ হিংসাত্মক পৰিস্থিতিৰ বিষয়ে উচ্চ সদন হাউছ অৱ কমনছত উত্থাপন কৰিছে এগৰাকী ব্ৰিটিছ সাংসদে। সাংসদগৰাকীয়ে মণিপুৰৰ বিষয় উত্থাপন কৰি ভাৰতত খ্ৰীষ্টানসকলৰ ওপৰত নীৰৱ আক্ৰমণ বুলি অভিহিত কৰিছে।

মংগলবাৰে ডেম’ক্ৰেটিক ইউনিয়নিষ্ট পাৰ্টিৰ সাংসদ জিম শ্বেননে ৱেষ্টমিনিষ্টাৰ হলত ​​ধৰ্ম আৰু বিশ্বাসৰ স্বাধীনতাৰ বিতৰ্কৰ সময়ত ভাৰত-প্ৰশান্ত মহাসাগৰীয় বিভাগৰ ব্ৰিটেইনৰ মন্ত্ৰী এন্নে-মেৰী ট্ৰেভেলিয়ানক বাৰে বাৰে প্ৰশ্ন কৰিছিল যে, জি -২০ শীৰ্ষ সন্মিলনৰ নতুন দিল্লী ভ্ৰমণৰ সময়ত ভাৰত চৰকাৰৰ সৈতে হোৱা যিকোনো আনুষ্ঠানিক আলোচনাত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি সুনাকে মণিপুৰত হিংসাত্মক পৰিস্থিতিৰ উত্থাপন কৰিছিল নেকি?

অৱশ্যে নৰেন্দ্ৰ মোদীৰ সৈতে ঋষি সুনাকৰ দ্বিপাক্ষিক বৈঠকত মণিপুৰৰ কথা উল্লেখ নাই হোৱা বুলি জনায়। শ্বেননে কয় যে, সাংবাদিক আৰু মানৱ অধিকাৰ নিৰীক্ষকৰ বাবে মণিপুৰলৈ যোৱাৰ বিষয়টোৰ এটা অংশ।

ভাৰতত ডাঙৰ সমস্যা আছে, আৰু আমাৰ প্ৰধানমন্ত্ৰীয়ে যদি ভাৰতত থকাৰ সময়ত সেই প্ৰশ্নবোৰ নকৰে তেন্তে কিবা এটা গুৰুতৰ ভুল হৈছে। মণিপুৰৰ পৰিঘটনাবোৰক জনজাতীয় যদিও মণিপুৰৰ হিংসাই ভাৰতৰ খ্ৰীষ্টানসকলৰ ওপৰত নীৰৱে আক্ৰমণ কৰি আহিছে।

তেওঁ পৰামৰ্শ দিয়ে- আমি ভাৰত আৰু পাকিস্তানক যথেষ্ট সাহায্য দিওঁ। যদি আমি সেইটো চৰ্তসাপেক্ষ কৰি লওঁ তেন্তে আমি কিছু পৰিৱৰ্তন সাধন কৰিব পাৰিম। আনহাতে ডাউনিং ষ্ট্ৰীটে প্ৰধানমন্ত্ৰী মোদীৰ সৈতে হোৱা বৈঠকত মণিপুৰৰ কথা উল্লেখ নাই বুলি আঙুলিয়াই দিয়ে ।

ব্ৰিটিছ সাংসদ হাউছ অৱ কমনছত মণিপুৰ বিষয় উত্থাপন...
গছপুলি ৰোপণৰ অভিলেখৰ সময়তে তৈলকূপ স্থাপনৰ নামত অবাধ বন ধ্বংস...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in