'চন্দ্ৰযান-৩’ বনাম ‘লুনা-২৫’ : চন্দ্ৰপৃষ্ঠত অৱতৰণৰ প্ৰতিযোগিতাত নামিছে ভাৰত-ৰাছিয়া..

'চন্দ্ৰযান-৩’ বনাম ‘লুনা-২৫’ : চন্দ্ৰপৃষ্ঠত অৱতৰণৰ প্ৰতিযোগিতাত নামিছে ভাৰত-ৰাছিয়া..
Published on
Updated on

 

ডিজিটেল ডেস্কঃ সমগ্ৰ ভাৰতবাসীৰ আশাৰ ভঁৰাল জোনবাইৰ দেশলৈ কঢ়িয়াই নিয়া চন্দ্ৰযান-৩ য়ে সফলতাৰে চন্দ্ৰৰ কক্ষপথত প্ৰৱেশ কৰাৰ পিছতেই উফুল্লিত হৈ পৰিছে দেশবাসী। যোৱা ১৪ জুলাইত অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ পৰা উক্ষেপন কৰা মহাকাশযানখনে ৫ আগষ্টত সফলতাৰে প্ৰৱেশ কৰে চন্দ্ৰৰ কক্ষপথত।

এইদৰে চন্দ্ৰযান-৩য়ে সফলতাৰে নিজৰ উদ্দেশ্যৰ দিশে আগবাঢ়ি গৈ থকাৰ সময়তে ৰাছিয়াই ১১ আগষ্টত চন্দ্ৰ অভিমুখে উক্ষেপন কৰে মহাকাশযান ‘লুনা-২৫’। ভাৰতৰ চন্দ্ৰ অভিযানৰ প্ৰায় এমাহ পিছত ৰাছিয়াই পঠিওৱা লুনা-২৫ মহাকাশযানখন চন্দ্ৰযান-৩ৰ পূৰ্বেই চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰাৰ সম্ভাৱনা প্ৰকাশ কৰা হৈছে।

চন্দ্ৰযান-৩ আৰু লুনা-২৫ দুয়োখন মহাকাশযানেই বৰ্তমান চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণৰ প্ৰতিযোগিতাত নামিছে। উল্লেখ্য যে, প্ৰায় ৫০ বছৰৰ পাছত লুনা-২৫ ৰাছিয়াৰ প্ৰথমটো চন্দ্ৰ অভিযান।

ৰয়টাৰৰ মতে, ৰস্কচমছে লুনা-২৫ৰ বাবে এক অভিলাষী সময়সীমাৰ ৰূপৰেখা দাঙি ধৰিছে। লুনা-২৫ক চন্দ্ৰৰ কক্ষপথত উপনীত হ’বলৈ পাঁচ দিন সময়ৰ প্ৰয়োজন হ’ব। তাৰ পিছত চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰাৰ আগতে আৰু পাঁচৰ পৰা সাত দিন সময় লাগিব। নিউয়ৰ্ক টাইমছৰ বাতৰি অনুসৰি,  ১৬ আগষ্টত লুনা-২৫ চন্দ্ৰৰ কক্ষপথত প্ৰৱেশ কৰিব আৰু ২১ আগষ্টৰ ভিতৰত চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰাৰ চেষ্টা কৰিব।

দুসপ্তাহৰ বাবে পৰীক্ষা-নিৰীক্ষা চলাবলৈ প্ৰস্তুত কৰা চন্দ্ৰযান-৩ ৰ বিপৰীতে লুনা-২৫য়ে প্ৰায় এবছৰৰ বাবে চন্দ্ৰপৃষ্ঠত পৰীক্ষা-নিৰীক্ষা চলাব। লুনা-২৫ৰ ওজন ১.৮ টন আৰু ই ৩১ কিলোগ্ৰাম (৬৮ পাউণ্ড) ওজনৰ বৈজ্ঞানিক যন্ত্ৰপাতি কঢ়িয়াই আছে। চন্দ্ৰযান-৩ক ই-লঞ্চ ভেহিকেল মাৰ্ক-৩ এম৪ ৰকেটেৰে উক্ষেপন কৰাৰ বিপৰীতে ছয়ুজ-২ ফ্ৰেগেট বুষ্টাৰ ব্যৱহাৰ কৰি লুনা-২৫ক উক্ষেপন কৰা হয়। ইয়াৰ লক্ষ্য হৈছে চন্দ্ৰ মেৰু ৰেগলিথ আৰু চন্দ্ৰ মেৰু বহিঃমণ্ডলৰ প্লাজমা আৰু ধূলিৰ উপাদানসমূহ পৰ্যবেক্ষণ কৰা।

ৰাছিয়াৰ এই চন্দ্ৰ অভিযানক আৰু লুনা-২৫ৰ সফল উক্ষেপনক  শুক্ৰবাৰে এক টুইটযোগে অভিনন্দন জ্ঞাপন কৰে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই।

বিশেষজ্ঞসকলৰ মতে চন্দ্ৰৰ দক্ষিণ মেৰুৰ প্ৰত্যাহ্বানমূলক ভূখণ্ডত নেভিগেট কৰাটো সহজ কাম নহ’ব, চন্দ্ৰযান-৩ আৰু লুনা-২৫ৰ অৱতৰণ স্থানৰ ওপৰতো বহু কথা নিৰ্ভৰ কৰিব।

'চন্দ্ৰযান-৩’ বনাম ‘লুনা-২৫’ : চন্দ্ৰপৃষ্ঠত অৱতৰণৰ প্ৰতিযোগিতাত নামিছে ভাৰত-ৰাছিয়া..
ঢকুৱাখনা জিলা হাইস্কুল শিক্ষক সংস্থাৰ  ৰাজ্যৰ শিক্ষা বিভাগক গৰিহণা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in