চীনৰ পুষ্পক বিমানঃ মাত্ৰ ২ ঘন্টাত পৃথিৱীৰ ইমূৰৰ পৰা সিমূৰলৈ...

বৰ্তমান দিল্লীৰ পৰা আমেৰিকালৈ উৰাজাহাজ চলাবলৈ ১৭ৰ পৰা ২০ঘণ্টা সময় লাগে। কল্পনা কৰকচোন, এই দূৰত্ব অতিক্ৰম কৰিবলৈ যদি মাত্ৰ ডেৰ ঘণ্টা সময় লাগে...
চীনৰ পুষ্পক বিমানঃ মাত্ৰ ২ ঘন্টাত পৃথিৱীৰ ইমূৰৰ পৰা সিমূৰলৈ...
Published on
Updated on

ডিজিটেল ডেস্কঃ শব্দৰ গতিতকৈ ৬গুণ বেছি দ্ৰুতগামী এখন বিমান, পৃথিৱীৰ যিকোনো স্থানত উপনীত হ’বলৈ যিখন বাহনে ল'ব মাত্ৰ ২ ঘণ্টা সময়, এনে এখন বিমান নিৰ্মাণৰ দিশে আগবাঢ়িছে চীন। দেশখন 'স্পেচ ট্ৰেন্সপ’ৰ্টেশ্যন' নামৰ এটা কোম্পানীয়ে নিৰ্মাণ কৰি আছে এখন উন্নত প্ৰযুক্তিৰ হাইপাৰছ’নিক বিমান। যিখন বিমানে আপোনাক মাত্ৰ ২ ঘণ্টাৰ ভিতৰতে পৃথিৱীৰ এটা মূৰৰ পৰা আনটো মূৰলৈ স্থানান্তৰ কৰিব পাৰিব।

এই বিমানখনৰ গতিবেগ মেক-৬ অৰ্থাৎ প্ৰতি ঘণ্টাত ৬৪৩৭ কিলোমিটাৰ বুলি কোৱা হয়। চীনৰ এটা কোম্পানীয়ে নিৰ্মাণ কৰি থকা এই হাইপাৰছ’নিক বিমানখনক ডেউকা থকা ৰকেট বুলিও কোৱা হৈছে।

তথ্য অনুসৰি, চীনে ২০২৩ চনতে হাইপাৰছ’নিক মিছাইলৰ সফল পৰীক্ষণ কৰিছিল। এতিয়া হাইপাৰছ’নিক বিমান নিৰ্মাণৰ কাম আৰম্ভ কৰিছে। ২০২৫ লৈ বিমানখনৰ পৰীক্ষণ কৰিব পৰা যাব। বিমানখনৰ এটা সৰু প্ৰ’ট’টাইপ পৰীক্ষাৰ পৰিকল্পনা কৰা হৈছে। ইয়াৰ বাবে দ্ৰুতগতিত প্ৰস্তুতি চলোৱা হৈছে।

চীনৰ পৰা পোৱা খবৰ অনুসৰি, মানৱবিহীন এই বিমানখনৰ ওজন মাত্ৰ ৫০০ কিলোগ্ৰাম। ২০৩৫ চনৰ পৰা বিমানখনৰ উৎপাদন আৰম্ভ কৰিব। স্পেচ ট্ৰেন্সপ’ৰ্টেশ্যন' নামৰ কোম্পানীটোৱে এই বিমানখনৰ সৈতে জড়িত এটা ভিডিঅ’ প্ৰকাশ কৰিছে, য’ত হাইপাৰছ’নিক বিমানখন নিজৰ উইংৰ পৰা পৃথক হোৱা দেখা পোৱা গৈছে।

কোম্পানীটোৱে জনোৱা মতে, বিমানখনে ৰকেটৰ জৰিয়তে এই গতি লাভ কৰিব। চীনৰ ৰাজধানী বেইজিঙৰ পৰা এঘণ্টাৰ ভিতৰতে আমেৰিকাৰ নিউয়ৰ্কত উপস্থিত হ’ব এই বিমানখন। কোম্পানীটোৱে জনাইছে যে চেটেলাইট কঢ়িওৱা ৰকেটৰ তুলনাত এই ৰকেটৰ মূল্য কম হ’ব। এই হাইপাৰছ’নিক বিমানখনৰ বাবে চীনে ইতিমধ্যে বহু টকা খৰচ কৰিছে। এনে পৰিস্থিতিত এই যাত্ৰীবাহী বিমানখনৰ টিকটৰ মূল্য কিমান হ’ব সেয়া অনুমান কৰিব পাৰি।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন, হাইপাৰছ’নিক বিমান নিৰ্মাণৰ কাম কৰা চীনে একমাত্ৰ দেশ নহয়। কিছুমান দেশে ছুপাৰছ’নিক বিমান নিৰ্মাণৰ দিশতো কাম কৰি আছে।

চীনৰ পুষ্পক বিমানঃ মাত্ৰ ২ ঘন্টাত পৃথিৱীৰ ইমূৰৰ পৰা সিমূৰলৈ...
বিশ্বনাথত ৰঙাঘৰৰ আলহী হ'ল পশ্চিমবংগৰ ফেৰীৱলা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in