পুনৰ কোৰোনাৰ ত্ৰাস! আকৌ লকডাউন ক’ত ?

পুনৰ কোৰোনাৰ ত্ৰাস! আকৌ লকডাউন ক’ত ?

author-image
asomiyapratidin
New Update
পুনৰ কোৰোনাৰ ত্ৰাস! আকৌ লকডাউন ক’ত ?

ডিজিটেল ডেস্ক: চীনত পুনৰ আৰম্ভ কোৰোনাৰ ত্ৰাস। কোৰোনাত আক্ৰান্তৰ সংখ্যা বৃদ্ধিৰ ওপৰত লক্ষ্য ৰাখিয়েই চীনৰ চাংগচুনৰ উত্তৰ-পূৱ উদ্যোগিক কেন্দ্ৰত লকডাউন ঘোষণা কৰা হৈছে। এই চহৰ খনত প্ৰায় ৯ লাখ লোক আছে। শুকুৰবাৰে জাৰি কৰা তথ্য অনুসৰি এই চহৰত লকডাউন ঘোষণা কৰা হৈছে, আৰম্ভ হৈছে ৱাৰ্ক ফৰ্ম হোম। শুকুৰবাৰে প্ৰায় ১,৩৬৯ জনকৈ লোক আক্ৰান্ত হয় কোৰোনাত।

নিৰ্দেশনা অনুসৰি এই চহৰখনত বন্ধ থাকিব স্কুল-কলেজ। তাৰ সলনি পুনৰ আৰম্ভ হ'ব অনলাইন পাঠ্যক্ৰম। অন্যহাতে কোনো জৰুৰীকালীন কামৰ বাহিৰে অন্য কাৰণত ঘৰৰ পৰা বাহিৰ ওলোৱাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। নিৰ্দেশনা অনুসৰি এই চহৰ খনত বন্ধ থাকিব সকলো ধৰণৰ ব্যৱসায়। কেৱল অত্যাৱশ্যকীয় সামগ্ৰীৰ দোকানহে থাকিব খোলা। লগতে বন্ধ কৰি দিয়া হৈছে যাতায়ত ব্যৱস্থাও। লগতে বাধ্যতামূলক কৰিছে কোৰোনাৰ পৰীক্ষা।

উল্লেখ্য যে, বৰ্তমান সময়ত ভাৰতবৰ্ষত ক্ৰমান্বয়ে কমি আহিছে কোৰোনাৰ ত্ৰাস। ইতিমধ্য়ে ৰাজ্যসমূহতো আঁতৰ কৰা হৈছে বিভিন্ন নিষেধাজ্ঞা। এই ক্ষেত্ৰত অসমৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই টুইট কৰি জনাই যে বৰ্তমান শেষ হৈছে কোৰোনাৰ ত্ৰাস। কিন্তু ইয়াৰ মাজতে পুনৰ কোৰোনাৰ উৎপত্তিস্থল চীনৰ এখন চহৰত দিয়া হৈছে লকডাউন। প্ৰায় ৯ মিলিয়ন বসতিপূৰ্ণ এই চহৰত আৰম্ভ হোৱা লকডাউনে পুনৰ সৃষ্টি কৰিছে উদ্বেগৰ। প্ৰথম বাৰৰ দৰে এইবাৰো চীনৰ পৰা অন্য দেশলৈ পুনৰ বিয়পিব নেকি কোৰোনা তাক লৈ চিন্তিত বহুতো।

china lockdown covid