ডিজিটেল ডেস্ক : ১৯৪৯ চনৰ আজিৰ দিনটোতে অৰ্থাৎ ১ অক্টোবৰত প্ৰতিষ্ঠা হৈছিল গণপ্ৰজাতন্ত্ৰী চীনৰ । পৃথিৱীৰ আটাইতকৈ শক্তিশালী দেশ সমূহৰ অন্যতম বুলি গণ্য কৰা চীনত আজিৰ দিনটো উদযাপন কৰা হয় ৰাষ্ট্ৰীয় দিৱস ৰূপে । সাম্যবাদী দলৰ অভ্যুত্থানৰ সৈতেই সৃষ্টি হৈছিল সমগ্ৰ বিশ্বই 'চুপাৰ পাৱাৰ' বুলি গণ্য কৰা দেশখনৰ ।
সেই চীনৰ বৰ্তমানৰ ৰাষ্ট্ৰপতি হৈছে ছি জিনপিং । ছি জিনপিং কেৱল চীনৰ ৰাষ্ট্ৰপতিয়েই নহয় বৰং চীনা সাম্যবাদী দলৰ সাধাৰণ সম্পাদল তথা কেন্দ্ৰীয় সামৰিক আয়োগৰো অধ্যক্ষ । এই সকলোবোৰৰে মুখ্য নেতা হোৱাৰ বাবেই ছি জিনপিঙক চীনত গণ্য কৰা হয় 'সৰ্বোচ্চ নেতা'ৰ ৰূপত ।
তেনেস্থলত ১৬ অক্টোবৰত দেশখনত ৫ বছৰ পাছত অনুষ্ঠিত হ'বলৈ গৈ থকা সাংসদ অধিৱেশনৰ পূৰ্বে যেন নিজৰ শক্তি প্ৰদৰ্শন কৰাটো এক প্ৰকাৰ নিশ্চিত নেতা গৰাকীৰ বাবে । আজি পুৱা ভাৰতীয় সময় অনুসৰি ৭.৩০ বজাত মিলিটেৰী পেৰেডৰ সন্মুখত নিজৰ ভাষ্য প্ৰকাশ কৰিব ছি জিনপিঙে । বিগত কিছুদিন ধৰি নেতা গৰাকী গৃহবন্দী হৈ থকাৰ উৰা বাতৰি প্ৰকাশ হোৱাৰ পাছত আজি নেতা গৰাকীয়ে নিজৰ শক্তি প্ৰদৰ্শন কৰাটো যেন খুবেই প্ৰয়োজনীয় সমগ্ৰ বিশ্বৰ সন্মুখত ।
ইয়াৰ লগতেই আজিৰে পৰা দেশখনত ঘোষণা কৰা হ'ব ১ সপ্তাহৰ আনুষ্ঠানিক বন্ধ।