অসুস্থ দালাই লামা ! কোন হ'ব পৰৱৰ্তী উত্তৰাধিকাৰী?

অসুস্থ দালাই লামা ! কোন হ'ব পৰৱৰ্তী উত্তৰাধিকাৰী?
অসুস্থ দালাই লামা ! কোন হ'ব পৰৱৰ্তী উত্তৰাধিকাৰী?
Published on
Updated on

ডিজিটেল ডেস্কঃ অৰুণাচল ভ্ৰমণ বাতিল কৰিলে দালাই লামাই। শাৰীৰিক অসুস্থাৰ দোহাই দি তেওঁৰ এই ভ্ৰমণ বাতিল কৰা বিষয়টোক লৈ ভাৰত, চীন আৰু তিব্বতৰ কূটনৈতিক বিশেষজ্ঞসকলৰ মাজত আৰম্ভ হৈছে বিশ্লেষণ। এই বিশ্লেষণ বিভিন্ন ধৰণে হৈছে যদিও মূলতঃ ভাৰত-চীনৰ তিক্ততাপূৰ্ণ সম্পৰ্কৰ বিষয়টোৱে যে অধিক গুৰুত্ব লাভ কৰিছে সেয়া প্ৰায় নিশ্চিত।

ইফালে দালাই লামাৰ শাৰীৰিক অসুস্থতাৰ বিষয়ে প্ৰকাশ পোৱাৰ লগে লগে ভাৰত, চীন, তিব্বত আদিৰ বৌদ্ধ ধৰ্মীয় লোকসকলৰ লগতে তেওঁৰ অনুগামি আৰু চৰকাৰৰ বাবে চিন্তাৰ কাৰণ হৈ পৰিছে। কিয়নো তেওঁৰ অনুপস্থিতিত কোন হ’ব তেওঁৰ উত্তৰাধিকাৰী, এই প্ৰশ্নৰ উত্তৰৰ সন্ধানত নামি পৰিছে বেইজিং আৰু দিল্লী। সেয়ে তেওঁৰ শাৰীৰিক দিশটোৰ প্ৰতি সচেতন হৈ আছে দিল্লী, বেইজিং।

মূলতঃ শাৰীৰিক অসুস্থতাৰ বাবেই অৰুণাচল ভ্ৰমণ দালাই লামাই বাতিল কৰিছে বুলি এক বিবৃতিত কোৱা হৈছে যদিও তেওঁৰ এই ভ্ৰমণ বাতিলৰ আঁৰত আৰু দুটা গুৰুতৰ কাৰণ আছে বুলি চৰ্চা আৰম্ভ হৈছে। তিব্বতৰ নিৰ্বাচিত চৰকাৰ তথা দালাই লামাৰ দপ্তৰৰ পৰা প্ৰকাশিত বিবৃতিত অৰুণাচল ভ্ৰমণ বাতিলৰ আঁৰত শাৰীৰিক অসুস্থতাৰ কথা কৈছে যদিও তেওঁৰ এই অসুস্থতা গুৰুতৰ নহয় বুলিও উল্লেখ কৰিছে।

সেয়ে বহুতৰ মতে ইয়াৰ আঁৰত লুকাই আছে অন্য এক কাৰণ। অৰুণাচলক কেন্দ্ৰ কৰি শেহতীয়াকৈ যথেষ্ট আক্ৰমণাত্মক হৈ পৰিছে চীন। চীনক বেইজিঙে তেওঁলোকৰ অংশ হিচাপে মেপ প্ৰকাশ কৰি দাবী কৰি আহিছে। তেওঁলোকে অৰুণাচলৰ নাম দিছে জাংনান। যাৰ অৰ্থ হৈছে দক্ষিণ তিব্বত। ইয়াৰোপৰি অৰুণাচলৰ গাওঁবোৰৰো নিজা নামাকৰণ কৰিছে।

চীনৰ বিদেশ মন্ত্ৰণালয়ৰ এনে কাৰ্যৰ বিৰোধিতা কৰিছে ভাৰত চৰকাৰে। ভাৰতে চীনৰ এই কাৰ্যৰ বিৰোধিতাৰে প্ৰেৰণ কৰিছে প্ৰতিবাদী বাৰ্তা। সেয়ে ভাৰত আৰু চীনৰ সম্পৰ্ক অধিক অৱনতি নোহোৱাৰ কথা চিন্তা কৰিয়েই দালাই লামাই অৰুণাচল ভ্ৰমণ বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি ধাৰণা কৰা হৈছে।

উল্লেখ্য, ১৯৫১ চনৰ পৰাই চীনৰ দ্বাৰা নিয়ন্ত্ৰিত তিব্বতত এখন পৃথক চৰকাৰৰ নেতৃত্ব আহিছে দালাই লামাই। চীনে তিব্বতৰ এই চৰকাৰক নাকচ কৰি দালাই লামাক গ্ৰেপ্তাৰৰ চেষ্টা চলাইছিল যদিও তেওঁ চীনৰ প্ৰশাসনৰ চকুত ধুঁলি ভাৰতলৈ পলাই আহিছিল। ১৯৫৯ ৰ পৰা ভাৰতে দালাই লামাক আশ্ৰয় দি আহিছে। সমান্তৰালকৈ তিব্বতৰ স্বাধীনতাৰ দাবীত সমগ্ৰ বিশ্বজুৰি প্ৰতিবাদ কৰি আহিছে তিব্বতৰ লোকসকলে।

আন এক চৰ্চা অনুসৰি আকৌ সাধাৰণ জ্বৰত আক্ৰান্ত বুলি কোৱা হৈছে যদিও দালাই লামাৰ শাৰীৰিক অৱস্থা সুস্থিৰ হৈ থকা নাই। তেওঁ অধীক অসুস্থ হোৱাৰ বাবেই বাতিল কৰিছে এই ভ্ৰমণ। যদি সেয়াই হয়, তেন্তে ৮৮ বছৰীয়া ধৰ্মগুৰু জনৰ অবৰ্তমানত কোন হ’ব পৰৱৰ্তী দালাই লামা?  এই প্ৰশ্নক লৈ এতিয়া ব্যস্ত হৈ পৰিছে বেইজিং প্ৰশাসন।

চতুৰ্দশ দালাই লামাৰ শাৰীৰিক অৱস্থা যদিহে গুৰুতৰ আৰু তেওঁ এই অৱস্থাৰ পৰা সুস্থ অৱস্থালৈ ঘূৰি আহিব নোৱাৰে তেন্তে কোন হ’ব পঞ্চদশ দালাই লামা? এই প্ৰশ্নৰ উত্তৰ সন্ধান কৰিছে নতুন দিল্লীয়েও। চতুৰ্দশ দালাই লামাৰ অনুপস্থিতিত চীনৰ অনুগত কোনো ধৰ্মীয় গুৰুক পঞ্চদশ দালাই লামা হিচাপে তুলি ধৰাৰ অংক কৰাত ব্যষ্ট বেইজিং।

অৱশ্যে তিব্বতীয় ধৰ্মী গুৰুৱে সেই সুযোগ চীনক দিবনে নাই তাক লৈও প্ৰশ্নৰ সৃষ্টি হৈছে। কাৰণ ভাৰতত বাস কৰা প্ৰায় ২০ হাজাৰ বৌদ্ধ ধৰ্মৰগুৰু দিল্লীৰ প্ৰতিহে অনুগত। তিব্বত চৰকাৰৰ নিৰ্বাসিত মুৰব্বী পেনপা জেৰিংয়ে ছেপ্টেম্বৰ মাহত কৈছিল, পৰৱৰ্তী দালাই লামালৈও নতুন দিল্লীয়ে এতিয়াৰ ধৰণেই সহায়ৰ হাত আগবঢ়াব।

তেওঁলোকে যে, চীনক ভৰসা নকৰে সেই ইংগিত ইতিমধ্যে পোৱা গৈছে।দালাই লামাই পূৰ্বে উল্লেখ কৰিছিল ১১৩ বছৰ জীয়াই থকাৰ সম্ভাৱনা আছে যদিও তেওঁ ৯০ বছৰ বয়সতে পৰৱৰ্তী উত্তৰাধিকাৰী নিৰ্বাচন কৰিব। যদি তেওঁৰ সেই কথা মানি লোৱা হয় তেন্তে দুটা বছৰৰ ভিতৰতে পৰৱৰ্তী দালাই লামাৰ নাম বিশ্বৰ সন্মুখলৈ আহিব। সেয়ে ভাৰত আৰু চীন এই বিষয়টোক লৈ সজাগ হৈ পৰিছে।

যোৱা এপ্ৰিল মাহত অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে দালাই লামাৰ অৰুণাচল ভ্ৰমণৰ কথা প্ৰথমবাৰৰ বাবে প্ৰকাশ কৰিছিল। অক্টোবৰৰ শেষৰ পৰা নৱেম্বৰৰ মাজলৈকে কোনো এক সময়ত দালাই লামাই অৰুণাচল ভ্ৰমণ কৰাৰ সূচী তৈয়াৰ কৰিছিল।

দালাই লামাৰ কাৰ্যালয়ৰ ফালৰ পৰা কোৱা হৈছে চিকিৎসকে বৌদ্ধ ধৰ্মীয় গুৰুজনক স্বাস্থ্যজনিত কিছু নীতি, নিৰ্দেশনা মানি চলাৰ পৰামৰ্শ দিছে। অৰুণাচল ভ্ৰমণ বাতিল কৰাৰ পূৰ্বে অৱশ্যে তেওঁ ১৬ আৰু ২২ অক্টোবৰত পূৰ্বে নিৰ্ধাৰিত ছিকিম আৰু বংগ ভ্ৰমণ বাতিল কৰিছিল।

ছিকিমৰ প্ৰাকৃতিক দুৰ্যোগ আৰু তেওঁৰ শাৰীৰিক অসুস্থতাৰ বাবে সেই ভ্ৰমণ বাতিল কৰিছিল। অৰুণাচল ভ্ৰমণ বাতিলৰ সন্দৰ্ভত অৱশ্যে তিব্বত চৰকাৰ এগৰাকী মুখপাত্ৰই দাবী কৰিছে দালাই লামাৰ অৰুণাচল ভ্ৰমণৰ কোনো আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাছিল।

অসুস্থ দালাই লামা ! কোন হ'ব পৰৱৰ্তী উত্তৰাধিকাৰী?
বিশ্বকাপৰ পৰা বাহিৰ পাণ্ডিয়াঃ ইডেন গাৰ্ডেনত প্ৰৱেশৰ পূৰ্বে ভাৰতীয় শিবিৰত মোক্ষম আঘাত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in