ডিজিটেল ডেস্কঃ আজি ঘোষণা হ’ল ২০২৪ বৰ্ষৰ অৰ্থনীতিৰ নোবেল বঁটা। ৰয়েল চুইডিছ একাডেমী অব চাইন্সে ঘোষণা কৰা অনুসৰি এইবাৰ এই বঁটা লাভ কৰিছে তিনি প্ৰসিদ্ধ অৰ্থনীতিবিদে। তেওঁলোক ক্ৰমে ডেৰণ এছিমোগলু, চাইমন জনছন আৰু জেমছ এ ৰবিনছন।
ইয়াৰে ডেৰণ এছিমোগলু এগৰাকী তুৰ্কীচ আমেৰিকান ব্যক্তি। চাইমন জনছন আৰু জেমছ এ ৰবিঞ্চন ব্ৰিটেইনৰ ব্যক্তি। এই তিনিও অৰ্থনীতিবিদে প্ৰতিষ্ঠানসমূহে কিদৰে অৰ্থনৈতিক সমৃদ্ধি গঢ়ি তোলে সেই বিষয়ে কৰা অধ্যয়ণৰ বাবে এই বঁটা আগবঢ়োৱা হৈছে। তেওঁলোকৰ গৱষেণাই এখন ৰাষ্ট্ৰৰ সম্পদ আৰু বিকাশৰ ক্ষেত্ৰত প্ৰতিষ্ঠানসমূহে কিদৰে ভূমিকা পালন কৰে সেই বিষয়ে বহল ব্যাখ্যা কৰা হৈছে।
আজি তেওঁলোকক নোবেল বঁটাৰ বাবে নিৰ্বাচিত কৰাৰ কথা ঘোষণা কৰি দ্য নোবেল প্ৰাইজে এক্সত লিখিছে এইদৰে- ৰয়েল চুইডিছ একাডেমী অফ চাইন্সে ২০২৪ চনত আলফ্ৰেড নোবেলৰ স্মৃতিত অৰ্থনৈতিক বিজ্ঞানত Sveriges Riksbank বঁটা ডেৰণ এছিমোগলু, চাইমন জনছন আৰু জেমছ এ ৰবিনছনক তেওঁলোকৰ “for studies of how institutions are formed and affect prosperity'' ৰ বাবে প্ৰদান কৰাৰ সিদ্ধান্ত লোৱা হৈছে।
BREAKING NEWS
The Royal Swedish Academy of Sciences has decided to award the 2024 Sveriges Riksbank Prize in Economic Sciences in Memory of Alfred Nobel to Daron Acemoglu, Simon Johnson and James A. Robinson “for studies of how institutions are formed and affect prosperity.”… pic.twitter.com/tuwIIgk393— The Nobel Prize (@NobelPrize) October 14, 2024