ডিজিটেল ডেস্ক: আমেৰিকা যুক্তৰাষ্ট্ৰ বিশ্বৰ এখন উন্নত ৰাষ্ট্ৰ। তথ্য-প্ৰযুক্তি অথবা বিজ্ঞান আদিৰ ক্ষেত্ৰত দেশখনৰ আছে এক সুকীয়া স্থান। বিশ্বৰ অন্যতম চহকী দেশ আমেৰিকাৰ এখন চহৰৰ নাম ফিল'ডেলফিয়া।
বহু ঐতিহ্য-ইতিহাস আদিৰে বিজড়িত ফিল'ডেলফিয়া চহৰ। পিচে এই চৰহখনত দিনক-দিনে,ভয়াৱহ হাৰত বৃদ্ধি পাইছে ড্ৰাগছ আসক্ত লোকৰ সংখ্যা। চহৰখনৰ একাংশ ড্ৰাগছ সেৱনকাৰীৰ জীৱন শৈলী দেখিলে বহু সচেতন লোকৰ চকু কপালত উঠিব।
তেওঁলোকৰ জীৰ্ণ-শীৰ্ণ হৈ পৰা শৰীৰটো কোনোমতে টানি-আজুৰি নিছে ইঠাইৰ পৰা সিঠাইলৈ। দৈনন্দিন জীৱন যাত্ৰাত বাৰে- বাৰে উজুটি খাবলগীয়া হৈছে। ফলত জীৱন যাত্ৰা হৈ পৰিছে বিপদাপন্ন।
ড্ৰাগছে কাঢ়ি নিছে জীৱনৰ সমস্ত সুখ-শান্তি। এই চহৰখনৰ একাংশ বাসিন্দাৰ দিনটো আৰম্ভ হয় ড্ৰাগছৰে আৰু শেষ হয় পুনৰ ড্ৰগছৰ মাজেৰে। ড্ৰাগছেই যেন তেওঁলোকৰ জীয়াই থকাৰ মূল আধাৰ। কোনো সুস্থ মানুহে হয়তো চাব নোৱাৰিব তেওঁলোকৰ জীৱনৰ অস্তগামী যাত্ৰা !
Also Read: কাজলগাঁৱত বিপিএফ দলৰ ৩ঘণ্টীয়া ধৰ্ণা