ডিজিটেল ডেস্কঃ ড'নাল্ড ট্ৰাম্প জুনিয়ৰ অৰ্থাৎ আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ পুত্ৰই ছ'চিয়েল মিডিয়াত কৰা কেইটামান পোষ্ট বিশেষ চৰ্চাত আছে। এটাৰ পাছত আন এটা আপত্তিজনক পোষ্ট শ্বেয়াৰ হৈছে তেওঁৰ একাউন্টৰ পৰা।
তেওঁৰ একাউন্টৰ পৰা শ্বেয়াৰ হোৱা এটা পোষ্টত লিখিছে যে- মোৰ পিতৃ ড'নাল্ড ট্ৰাম্পৰ মৃত্যু হ'ল। ২০২৪ চনত মই ৰাষ্ট্ৰপতি পদত প্ৰতিদ্বন্দ্বিতা কৰিম। অৱশ্যে এই পোষ্টটো ভুৱা।
দৰাচলতে ড'নাল্ড ট্ৰাম্প জুনিয়ৰৰ ছচিয়েল মিডিয়াৰ একাউন্ট হেক হৈছে। যাৰ বাবে এটাৰ পাছত আন এটা আপত্তিজনক পোষ্ট শ্বেয়াৰ হৈছে।
আমেৰিকাৰ ৰাষ্ট্ৰপতি জ' বাইডেনকো গালি পাৰি এই একাউন্টৰ পৰা পোষ্ট কৰিছে। কেৱল ইমানেই নহয়, এলেন মাস্কৰ বিৰুদ্ধেও আপত্তিজনক পোষ্ট শ্বেয়াৰ হৈছে।
একাউন্টটোত প্ৰায় ১০ মিলিয়ন ফলোৱাৰ আছে। উক্ত পোষ্ট সমূহ শ্বেয়াৰ কৰাৰ প্ৰায় ১ ঘন্টাৰ ভিতৰতে ডিলিট কৰি দিয়া হৈছিল। ইয়াৰোপৰি ড'নাল্ড ট্ৰাম্প জুনিয়ৰৰ মুখপাত্ৰই একাউন্ট হেক হোৱা বুলি সংবাদ মাধ্যমক জনাইছে।
Also Read: মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল দেৱব্ৰত শইকীয়াৰ