ডিজিটেল ডেস্কঃ সেনাৰ যুদ্ধ বিমানত দুই সেনা জোৱান যৌন সম্ভোগত লিপ্ত হোৱাৰ দৰে এক চূড়ান্ত উদ্ভট ঘটনা শেহতীয়াকৈ পোহৰলৈ আহিছে। এখন যুদ্ধ বিমান নিয়মীয়া তত্বাৱধানৰ সময়তে সংঘটিত হয় এই ঘটনা।
যুদ্ধ বিমানত যৌন সম্ভোগত লিপ্ত হোৱা এই দুই সেনা জোৱান সেই সময়ত আছিল সম্পূৰ্ণ সুৰাসক্ত অৱস্থাত। প্ৰকাশিত খবৰ অনুসৰি ব্ৰিটিছ সেনাৰ আপাচি যুদ্ধ বিমান নিয়মীয়া তত্বাৱধানৰ সময়ত ককপিটত এই অপকৰ্মত লিপ্ত হৈছিল সেনা জোৱান দুগৰাকী।
ব্ৰিটেইনৰ নৰ্থম্বৰলেণ্ডৰ অটাৰবাৰ্ণ ৰেঞ্জৰ অধীনৰ আছিল এই যুদ্ধ বিমান তথা সেনা জোৱান দুজন। সেই সময়ত ব্ৰিটিছ সেনাৰ গ্ৰাউণ্ড ক্ৰুৱে যুদ্ধ বিমানখনসমূহৰ নিয়মীয়া তত্বাৱধান চলাইছিল।
তেনে সময়তে এখন যুদ্ধ বিমানত এগৰাকী গ্ৰাউণ্ড ক্ৰু গৰাকীয়ে এক অস্বাভাৱিক দৃশ্য লক্ষ্য কৰে। বৰষুণৰ বতৰ হোৱাত তেওঁলোকে ততাতৈয়াকৈ নিয়মীয়া তত্বাৱধান সামৰাৰ সময়তে এখন এ এইছ-৬৪ গানশ্বিপ বা আপাচি বিমানৰ ককপিটত দুই সেনা জোৱান অপকৰ্ত লিপ্ত হোৱা তেওঁৰ দৃষ্টিত ধৰা পৰে।
ককপিটলৈ ভালকৈ মন কৰাত তেওঁৰ দৃষ্টিত ধৰা পৰে ককপিটত যৌন সম্ভোগত লিপ্ত হোৱা ব্ৰিটিছ সেনাৰ পুৰুষ আৰু মহিলা জোৱানগৰাকী অৰ্ধ উলংগ অৱস্থাত আছিল আৰু দুয়োৱে সেই সময়ত সুৰা সেৱান কৰি আছিল। এই ঘটনাই গ্ৰাউণ্ড ক্ৰুৰ সকলো সদস্যকে আচৰিত কৰি তুলিছিল।
পৰৱৰ্তী সময়ত দুয়োকে যুদ্ধ বিমানখনৰ পৰাই আটক কৰা হয়। দুয়োগৰাকী সেনা জোৱান আছিল দুটা ভিন্ন ইউনিটৰ। এগৰাকী সেই সময়ত সামৰিক পোচাকত আছিল যদিও মহিলা জোৱানগৰাকী আছিল অসামৰিক পোচাকত।
এই ঘটনাৰ পাছতে দুয়ো সেনা জোৱানৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হয় আৰু এনে ঘটনাৰ যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে কৰ্তৃপক্ষক এই যুদ্ধ বিমানসমূহৰ সুৰক্ষা নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়া হয়।
২০১৬ চনতে সংঘটিত হোৱা এই ঘটনা শেহতীয়াকৈ এক কম্পিউটাৰ বিজুতিৰ বাবে পুনৰ পোহৰলৈ আহিছে। এই ঘটনাৰ সবিশেষ ৮ বছৰৰ পাছত পুনৰ পোহৰলৈ অহাত বিশ্বজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। সেনাৰ নিয়মানুবৰ্তিতা, শৃংখলাবদ্ধতাক লৈয়ো প্ৰশ্ন উত্থাপন হৈছে।