মৰক্কোত বৰভূঁইকঁপ : সহস্ৰাধিক লোক নিহত

হাজাৰ-হাজাৰ পৰিয়াল গৃহহীন হৈ পৰে। চাৰিওফালে মৃত্যুৰ কিৰিলি
মৰক্কোত বৰভূঁইকঁপ : সহস্ৰাধিক লোক নিহত
Published on
Updated on

ডিজিটেল ডেস্ক : মৰক্কোত মূহুৰ্ততে আতংক সৃষ্টিকাৰী বৰভূঁইকঁপে প্ৰাণ কাঢ়িলে সহস্ৰাধিক লোকৰ। শনিবাৰে নিশা ১১-১১ বজাত অহা ৬.৮ প্ৰাবল্যৰ ভূমিকম্পটোত মুহূৰ্ততে তাচপাত দৰে খহি পৰে ঘৰ-দুৱাৰ।

বৰভূঁইকঁপৰ ধ্বংস যজ্ঞত হাজাৰ-হাজাৰ পৰিয়াল গৃহহীন হৈ পৰে। লগে লগে চাৰিওফালে সৃষ্টি হয় মৃত্যুৰ কিৰিলি। বহুসংখ্যক লোক আহত হয়।

প্ৰায় ২০ ছেকেণ্ড ধৰি অনুভূত কম্পনত নিমিষতে খহি পৰে বহুতো বাসভৱন। এই ভূমিকম্পটোৰ অভিকেন্দ্ৰ আছিল আটলাছ পৰ্বত। ইতিমধ্যে চৰকাৰে ক্ষতিগ্ৰস্ত অঞ্চলসমূহত উদ্ধাৰ আৰু সাহাৰ্য অভিযান অব্যাহত ৰাখিছে।

আনহাতে মৰক্কোৰ এনে পৰিস্থিতিত ভাৰত চৰকাৰে সম্ভৱপৰ সকলো সহায়-সাহাৰ্য আগবঢ়াব বুলি আশ্বাস দিয়ে। জি-২০ৰ সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নিহতসকলৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰি এই কথা উল্লেখ কৰে। উল্লেখযোগ্য যে, প্ৰায় ১২০ বছৰৰো অধিক কালত মৰক্কোত হোৱা এইটো হ'ল আটাইতকৈ শক্তিশালী ভূমিকম্প।

মৰক্কোত বৰভূঁইকঁপ : সহস্ৰাধিক লোক নিহত
দুৰ্গা পূজাৰ আগত আৰম্ভ হ'ব শিক্ষক বদলিৰ প্ৰক্ৰিয়া : শিক্ষামন্ত্ৰী ৰণোজ পেগু

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in