উপবাস ভাঙিল জয়শংকৰৰঃ পাকিস্তানত কৰিব লাগিব 'ডিনাৰ'...

ছাংহাই সংহযোগী সংস্থাৰ বৈঠকত অংশ ল'বলৈ পাকিস্তানলৈ যাত্ৰা এছ জয়শংকৰৰ
উপবাস ভাঙিল জয়শংকৰৰঃ পাকিস্তানত কৰিব লাগিব 'ডিনাৰ'...
উপবাস ভাঙিল জয়শংকৰৰঃ পাকিস্তানত কৰিব লাগিব 'ডিনাৰ'...
Published on
Updated on

ডিজিটেল ডেস্কঃ নৱৰাত্ৰি শেষ হ’ল। ভাৰতৰ বৈদেশিক মন্ত্ৰী ড০ এছ জয়শংকৰে পালন কৰা উপবাসো শেষ হ’ল। এতিয়া তেওঁ উপবাসৰ কথা কৈ 'ডিনাৰ' নকৰো বুলি কোৱাৰ পথ বন্ধ হ’ল।

কিং জম উন বা জৰ্জ ছ’ৰজৰ সৈতে উপবাসৰ বাবেই 'ডিনাৰ' নকৰো বুলি কোৱা জয়শংকৰে এতিয়া পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ ছৰিফৰ সৈতে 'ডিনাৰ' কৰিব নেকি? ক’ব নেকি শ্বেহবাজ ছৰিফৰ কান্ধত হাত থৈ ‘হাম ছাথ ছাথ হ্যে’ বুলি?

সুদীৰ্ঘ সময় ধৰি ভাৰত আৰু পাকিস্তানৰ সম্পৰ্ক তিক্ততাপূৰ্ণ। পাকিস্তানৰ মদদপুষ্ট সন্ত্ৰাসবাদী সংগঠনসমূহে ভাৰতত কূটাঘাতমূলক কাম-কাজ কৰি অহাৰ লগতে আভ্যন্তৰীণ শান্তি বিঘ্নিত কৰি আহিছে। তাৰোপৰি আছে কাশ্মীৰ প্ৰসংগও। পাকিস্তানৰ সৈতে সকলোধৰণৰ সম্পৰ্ক এৰি চলা ভাৰতৰ ৰাজনীতিৰো এক অন্যতম ইছ্যু পাকিস্তান।

নতুন দিল্লীত শেহতীয়াকৈ অনুষ্ঠিত হোৱা 'প্ৰতিদিন মিডিয়া নেটৱৰ্ক'ৰ 'দ্য কনক্লেভ-২০২৪' ত প্ৰতিদিন মিডিয়া নেটৱৰ্কৰ সঞ্চালক ঋষি বৰুৱাই এছ জয়শংকৰক ৰেপিড ফায়াৰত সুধিছিল এক প্ৰশ্ন। পাকিস্তানক তেওঁ কোনখন বলিউড চিনেমাৰ নাম দিবলৈ বিচাৰিব- 'হাম আপকে হ্যে কৌন' নে 'হাম ছাথ ছাত হ্যে'?

এই প্ৰশ্নত কিছু সময় চিন্তা কৰি বুদ্ধিদীপ্ত উত্তৰত জয়শংকৰে কৈছিল মই পাকিস্তানলৈ গৈ আছো। তাৰ পৰা আহি এই প্ৰশ্নৰ উত্তৰ দিম। সেই সময় এতিয়া আহি পাইছে। ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকী আজি পাকিস্তানত উপস্থিত হৈছেগৈ। কালিলৈ ইছলামাবাদত আছে ছাংহাই সহযোগী সংস্থাৰ বৈঠক।

এই বৈঠকৰ বাবে পাকিস্তানলৈ যোৱা জয়শংকৰে আজি নিশা শ্বাহবাজ ছৰিফে আয়োজন কৰা নৈশে ভোজত অংশগ্ৰহণ কৰিব। নৱৰাত্ৰিৰ উপবাসৰ অচিলাৰে তেওঁ এই নৈশ ভোজ এৰিবও নোৱাৰিব।

তাৰোপৰি সহযোগী ৰাষ্ট্ৰসমূহৰ নেতাৰ সৈতে তেওঁ কৰমৰ্দন কৰিব লাগিব। শ্বেহবাজ ছৰিফক তেওঁ কৰমৰ্দন কৰাৰ সময়ত মনত নিশ্চিতভাৱে হয়তো আহিব ঋষি বৰুৱাৰ সেই প্ৰশ্ন- 'হাম আপকে হ্যে কৌন' নে 'হাম ছাথ ছাথ হ্যে'?

এনে পৰিস্থিতিত এতিয়া মহা বিপদত পৰিছে এছ জয়শংকৰ। অস্বস্তিত পৰিছে ছাউথ ব্লকো। যদিও দিন হিচাপে দুদিন জয়শংকৰে পাকিস্তানত থাকিব ঘণ্টাৰ হিচাপত এই সময় ২৪ ঘণ্টাৰো কম। তেওঁ যিমান পাৰি সোনকালেই পাকিস্তান ত্যাগ কৰিব।

কূটনৈতিক মহলৰ মতে বিদেশ মন্ত্ৰী এছ জয়শংকৰক পাকিস্তানলৈ প্ৰেৰণ কৰাৰ বিষয়টো মোডী চৰকাৰৰ এক অতি তাৎপৰ্যপূৰ্ণ সিদ্ধান্ত। 'দ্য কনক্লেভ'তো তেওঁ অন্যান্য প্ৰতিবেশী ৰাষ্ট্ৰৰ দৰেই পাকিস্তানৰ সৈতেও সহজ সম্পৰ্ক ৰক্ষা কৰিব বিচাৰে বুলি উল্লেখ কৰিছিল।

ইয়াৰ বাবে তেওঁ সীমান্তৰ সিপাৰৰ পৰা পৰিচালিত হোৱা সন্ত্ৰাসবাদী কাৰ্যকলাপ বন্ধ কৰাৰ কথাও উল্লেখ কৰিছিল। ছাউথ ব্লকৰ মতে ছাংহাই কৰ্পোৰেচন অৰগেনাইজেছন সংস্থাৰ প্ৰতি ভাৰতৰ যি দায়বদ্ধতা আছে সেই দায়বদ্ধতাৰ বাবেই জয়শংকৰক পাকিস্তানলৈ প্ৰেৰণ কৰিছে।

ছাউথ ব্লকে বুজাব বিচাৰিছে দ্বিপাক্ষিক সম্পৰ্কৰ ওপৰত ভাৰতে বহু পাক্ষিক সম্পৰ্কক গুৰুত্ব দিয়ে। জয় শংকৰ মতে তেওঁ পাকিস্তানলৈ দ্বিপাক্ষিক সম্পৰ্কৰ বিষয়ে আলোচনা কৰিবলৈ যোৱা নাই, ছাংহাই সহযোগী সংস্থাৰ এক সদস্য হিচাপেহে এই ভ্ৰমণ কৰিছে।

দেওবাৰে পাকিস্তানৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ইছাক দাৰেও কৈছিল ভাৰতৰ বিদেশ মন্ত্ৰণালয়ৰ ফালৰ পৰা দ্বিপাক্ষিক বৈঠকৰ বাবে কোনো অনুৰোধ অহা নাই। আমিও এই বিষয়ে কোনো আবেদন কৰা নাই। প্ৰটোকল অনুসৰিয়েই সকলো দেশৰ নেতাকে আদৰণি জনোৱা হ’ব।

উল্লেখ্য যে, ২০১৫ চনতেই শেষবাৰৰ বাবে তদানীন্তন বিদেশ মন্ত্ৰী সুষমা স্বৰাজে আফগানিস্তানত এক সন্মিলনত অংশগ্ৰহণ কৰি ইছলামাবাদলৈ গৈছিল। তাৰ পাছত পাকিস্তানত অনুষ্ঠিত হোৱা ছাৰ্কৰ বৈঠকত অংশগ্ৰহণ কৰিবলৈ বিদেশ মন্ত্ৰী ৰাজনাথ সিঙে পাকিস্তান ভ্ৰমণ কৰিছিল। সেয়াই আছিল ভাৰতৰ বিদেশ মন্ত্ৰীৰ অন্তিম পাকিস্তান ভ্ৰমণ।

তাৰ পাছত প্ৰায় ৯ বছৰৰ অন্তত পাকিস্তানলৈ গৈছে ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়ংশকৰ। এই ভ্ৰমণৰ সময়ত যদিও আনুষ্ঠানিক ভাৱে দুয়ো ৰাষ্ট্ৰৰ মাজত কোনো আলোচনা অনুষ্ঠিত নহয় তথাপিও দুয়ো দেশৰ কূটনৈতিক সম্পৰ্ক উন্নত হোৱাৰ ক্ষেত্ৰত এক আলোচনাৰ বাট মুকলি হোৱাৰ পৰিবেশ হয়তো গঢ় লৈ উঠিব পাৰে। অৱশ্যে সেয়া সকলো নিৰ্ভৰ কৰিব পাকিস্তানৰ সন্ত্ৰাসবাদী প্ৰীতি ভূমিকাৰ পৰিবৰ্তন হয় নে নহয় তাৰ ওপৰতহে।

উপবাস ভাঙিল জয়শংকৰৰঃ পাকিস্তানত কৰিব লাগিব 'ডিনাৰ'...
দিল্লীৰ পৰা ভূপেন বৰাই ক'লে- সলনি নহয় APCC ৰ সভাপতি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in