ভুৱা এনকাউণ্টাৰঃ চাৰি আৰক্ষী বিষয়াক মৃত্যুদণ্ডৰ শাস্তি...

ছবছৰ পূৰ্বে সংঘটিত হৈছিল দুই ছাত্ৰক ভুৱা এনকাউণ্টাৰৰ জৰিয়তে হত্যাৰ ঘটনা

author-image
Asomiya Pratidin
New Update
ভুৱা এনকাউণ্টাৰঃ চাৰি আৰক্ষী বিষয়াক মৃত্যুদণ্ডৰ শাস্তি...

ভুৱা এনকাউণ্টাৰঃ চাৰি আৰক্ষী বিষয়াক মৃত্যুদণ্ডৰ শাস্তি...

ডিজিটেল ডেস্কঃ ক্ষমতাৰ বলত ভুৱা এনকাউণ্টাৰৰ সংঘটিত কৰা চাৰিগৰাকী আৰক্ষী বিষয়াক মৃত্যুদণ্ডৰ শাস্তি বিহা হৈছে। অভিযোগ অনুসৰি নিৰপৰাধী দুই ছাত্ৰক গুলীয়াই হত্যা কৰা হৈছিল। সেই হত্যাকাণ্ডৰ লুকুৱাই ৰাখিবলৈ আৰক্ষী বিষয়া কেইগৰাকীয়ে ইয়াক এনকাউণ্টাৰৰ ৰূপ দিছিল।

ছবছৰ পূৰ্বে সংঘটিত হোৱা এই ঘটনাৰ বাবে অৱশেষত ন্যায়ালয়ে আৰক্ষী বিষয়া কেইগৰাকীক প্ৰমাণৰ ভিত্তিত দোষী সাব্যস্ত কৰে আৰু মৃত্যুদণ্ডৰ শাস্তি বিহিছে। ন্যায়ালয়ে এই আৰক্ষী বিষয়াকেইগৰাকীৰ দোষ ক্ষমাৰ অযোগ্য বুলিও উল্লেখ কৰিছে।

আৰক্ষীৰ গুলীত নিহত হোৱা দুই ছাত্ৰ আছিল আৰছালাম আৰু উছমান। মৃত্যুৰ সময়ত দুয়োৰে বয়স আছিল ১৯ বছৰ। ২০১৮ চনত লাহোৰৰ পৰা ১৩০ কিলোমিটাৰ আঁতৰৰ পঞ্জাৱ প্ৰদেশৰ ফৈছলবাদ এলেকাত আৰক্ষীৰ গুলীত তেওঁলোক দুয়ো নিহত হৈছিল।

এই ঘটনাক লৈ নিহত দুই ছাত্ৰৰ পৰিয়াল আইনৰ কাষ চাপিছিল। তেওঁলোকৰ অধিবক্তাই ন্যায়ালয়ক এই বিষয়ত অৱগত কৰি কৈছিল সেই দিনা নিশা বাইকেৰে খেতি পথাৰলৈ গৈছিল দুই যুৱক। পাছত বাইকৰ সৈতেই ঘৰলৈ ঘূৰিছিল তেওঁলোক।

পথত এঠাইত আৰক্ষীয়ে এক তালাচী চকী বহাইছিল। তাতেই তেওঁলোকক ৰখোৱা হৈছিল। কিন্তু আৰক্ষীৰ কথা নুশুনি তেওঁলোক নৰখি আগুৱাই যায়। তেতিয়াই তেওঁলোকক গুলীয়াই হত্যা কৰা হয়।

পাছত আৰক্ষীৰ দলটোৱে এই ঘটনাক গাপ দিছিল। তেওঁলোকে দাবী কৰিছিল যুৱক দুজনে ডকাইতি কৰি পলাই গৈছিল। সেয়ে আৰক্ষীয়ে তেওঁলোকক এনকাউণ্টাৰ কৰিছিল। আৰক্ষীয়ে লগতে কয় যে, পূৰ্বে দুয়োৱে অপৰাধমূলক কাম কৰাৰ ইতিহাস আছিল। দৰাচলতে এয়া আছিল আৰক্ষীৰ অসত্য অভিযোগ।

পাকিস্তানৰ পঞ্জাৱৰ নিম্ন আদালতে ছবছৰীয়া বিচাৰ প্ৰক্ৰিয়াৰ অন্তত চাৰিজন অভিযুক্ত আৰক্ষী বিষয়াক মৃত্যুদণ্ড দিছে। তেওঁলোকক পাকিস্তানী মুদ্ৰাত ১০ লাখ টকাৰ জৰিমনাও বিহা হৈছে। মৃত ছাত্ৰ-ছাত্ৰীৰ পৰিয়ালে সেই জৰিমনাৰ ধন লাভ কৰিব।চাৰি দোষী আৰক্ষী বিষয়া হৈছে আজগৰ আলী, ফলক শ্বেৰ, ফৈজল আৰু ৱাকাছ।

Also Read: বিজুলী ভৱনত প্ৰাক দেৱালী উদযাপনৰ বিৰুদ্ধে তিতাবৰ APDCL ৰ কাৰ্যালয়ত কৃষক মুক্তিৰ ধৰ্ণা কাৰ্যসূচী...

পাকিস্তান ভুৱা এনকাউণ্টাৰ