কেৰিয়াৰৰ অন্তিম খেলত পৰাস্ত হৈও সমগ্ৰ বিশ্বক জিনি গ'ল ফেডাৰাৰে

ইয়াৰ সৈতেই অৱসান ঘটে এটা যুগৰ...

author-image
Asomiya Pratidin
New Update
কেৰিয়াৰৰ অন্তিম খেলত পৰাস্ত হৈও সমগ্ৰ বিশ্বক জিনি গ'ল ফেডাৰাৰে

ডিজিটেল ডেস্ক : অৱশেষত টেনিছ জগতৰ পৰা বিদায় মাগিলে যাদুকৰ ফেডাৰাৰে । ১৯৯৫ চনত পেছাগত টেনিছ প্ৰতিযোগিতাত অংশ লোৱাৰে পৰা এই সুদীৰ্ঘ কাল প্ৰতি জন দৰ্শক, ক্ৰীড়ানুৰাগীক নিজৰ মায়াৰ জালত বন্দী কৰি ৰাখিছিল খেলুৱৈ জনে । কেৰিয়াৰৰ অন্তিম খেলত চিৰবৈৰী ৰাফেল নাডালৰ সৈতে যুটি বান্ধি লাভেৰ কাপৰ ডাবলছত পৰাস্ত হ'লেও জিনিবলৈ সক্ষম হয় সমগ্ৰ বিশ্বক । ৪১ বছৰীয়া খেলুৱৈ জনৰ অৱসৰত উচুপি উঠে ষ্টেডিয়ামত উপস্থিত প্ৰত্যেক জন দৰ্শকে । ফেডাৰাৰৰ পিতৃ-মাতৃ , পত্নী সকলোৰে চকুত দেখা যায় চকুপানী ।

নিজৰ কেৰিয়াৰত ১৫০০ খন খেলত অংশগ্ৰহণ কৰি ২০ বাৰ গ্ৰেণ্ডশ্লেমৰ খিতাপ অৰ্জন কৰা খেলুৱৈ গৰাকীক ইয়াৰ পূৰ্বে অন্তিমবাৰ দেখা গৈছিল ২০২১ চনৰ গ্ৰেণ্ডশ্লেমৰ কোৱাৰ্টাৰ ফাইনেলত । তাৰ পাছৰে পৰা আঠুৰ আঘাতৰ বাবে বিশ্ৰামত আছিল ফেডাৰাৰ ।

প্ৰায় দুটা দশক জুৰি মুখ্য প্ৰতিদ্বন্দী আছিল ৰজাৰ ফেডাৰাৰ আৰু ৰাফেল নাডাল । পুৰুষৰ টেনিছৰ সোণালী যুগ বুলি গণ্য কৰা এই সময়ছোৱাতে দুয়োজন খেলুৱৈয়ে দখল কৰিছিল সৰ্বমুঠ ৪২টা গ্ৰেণ্ডশ্লেমৰ খিতাপ । এই দুয়োগৰাকী মহাৰথী প্ৰথমবাৰ মুখামুখি হৈছিল ২০০৪ চনত । তাৰ পাচত গ্ৰীণ কোৰ্টত ফেডাৰাৰ আৰু ক্লে কোৰ্টত নাডালৰ আধিপত্যই মোহাছন্ন কৰি ৰাখিছিল দৰ্শকক । কিন্তু শুক্ৰবাৰে কোৰ্টত একেলগে দেখা গ'ল দুয়োজন খেলুৱৈক । প্ৰায় ২৫ বছৰীয়া পেছাগত খেলুৱৈ জীৱনৰ অৱসান ঘটাই শেষবাৰৰ বাবে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিলে ফেডাৰাৰে ।

এই খেল সমাপ্ত হোৱাৰ পাছতেই ষ্টেডিয়ামত দেখা গ'ল পুৰুষৰ টেনিছৰ 'বিগ ফ'ৰ' অৰ্থাৎ ফেডাৰাৰ, নাডাল, জোকোভিছ আৰু মুৰেক । যেন যাদুকৰৰ শেষ প্ৰদৰ্শনীৰ চাৰি অশ্বাৰোহী । চকুলোৰ মাজতেই ষ্টেডিয়ামৰ সমগ্ৰ অনুৰাগীয়ে ফেডাৰাৰক জনাই শেষ অভিবাদন । ইয়াৰ সৈতেই অৱসান ঘটে এটা যুগৰ ।

tennis Roger Federer