বাংলাদেশত দুৰ্গা পূজাৰ চৰকাৰী বন্ধৰ দিন বৃদ্ধি কৰিলে অন্তৱৰ্তীকালীন চৰকাৰে...

দেশখনত এইবাৰ পূজাৰ ছুটি পাব ৪ দিন

author-image
Asomiya Pratidin
New Update
বাংলাদেশত দুৰ্গা পূজাৰ চৰকাৰী বন্ধৰ দিন বৃদ্ধি কৰিলে অন্তৱৰ্তীকালীন চৰকাৰে...

বাংলাদেশত দুৰ্গা পূজাৰ চৰকাৰী বন্ধৰ দিন বৃদ্ধি কৰিলে অন্তৱৰ্তীকালীন চৰকাৰে...

মাছুম বিল্লাহ ,ঢাকাঃ বাংলাদেশৰ সংখ্যালঘু হিন্দু লোকসকলৰ দীৰ্ঘদিনীয়া দাবী অনুসৰি দুৰ্গা পূজাৰ ছুটিৰ দিন বৃদ্ধি কৰিলে অন্তৱৰ্তীকালীন মহম্মদ ইউনুছৰ চৰকাৰে। আজি এই কথা ঘোষণা কৰিছে মহম্মদ ইউনুছৰ বিশেষ সহকাৰী মাহফুজ আলমে।

তেওঁ কয়, পূজাৰ ছুটি এদিন বৃদ্ধি কৰা হৈছে। বৃহস্পতিবাৰেও সকলোৱে পূজাৰ ছুটি লাভ কৰিব। আজিয়েই এই সংক্ৰান্তিয় নিৰ্দেশনা জাৰি কৰা হ'ব।

আজি বাংলাদেশৰ ঐতিহ্যমণ্ডিত ঢাকেশ্বৰী মন্দিৰৰ দুৰ্গা পূজাৰ প্ৰস্তুতি পৰিদৰ্শন কৰি এই কথা ঘোষণা কৰিছে। মাহফুজ আলমে কয়, বহু দিন ধৰি সনাতন ধৰ্মাৱলম্বী লোকসকলৰ দাবী আছিল দুৰ্গা পূজাৰ ছুটি বৃদ্ধি কৰিব লাগে। তেওঁলোকে ষষ্ঠীৰ পৰা দশমীলৈকে আনন্দ উদযাপনৰ বাবে এই ছুটি বৃদ্ধিৰ আবেদন কৰি আহিছিল। এইবাৰ দুৰ্গা পূজা দশমীৰ পূৰ্বে শুকুৰ আৰু শনিবাৰে পৰিছে।

সেয়ে তেওঁ কয়, চৰকাৰে চিন্তা কৰিছে এইবাৰ বৃহস্পতিবাৰ (১০ অক্টোবৰ)ৰ দিনটোতো ছুটি দি দুৰ্গা পূজাৰ ছুটি এটা দিন বৃদ্ধি কৰা হৈছে। উল্লেখ্য যে, যোৱা ২ অক্টোবৰত মহালয়াৰ পৰাই দেৱী দুৰ্গা মৰ্ত্যলৈ আগমণ ঘটিছে। ৯ অক্টোবৰত ষষ্ঠি, ১০ অক্টোবৰত সপ্তমী, ১১ অক্টোবৰত অষ্টমী, ১২ অক্টোবৰত নৱমী আৰু ১৩ অক্টোবৰত দশমী।

১৩ অক্টোবৰ দেওবাৰ হোৱাৰ বাবে চৰকাৰী বন্ধ থাকিব। তাৰ পূৰ্বে শুকুৰ আৰু শনিবাৰে চৰকাৰী বন্ধ। এতিয়া চৰকাৰে লোৱা সিদ্ধান্ত অনুসৰি বৃহস্পতিবাৰেও চৰকাৰী বন্ধ থাকিব।

উল্লেখ্য যে, পূজাৰ পূৰ্বেই প্ৰতিমা ধ্বংস কৰাৰ একাধিক ঘটনা সংঘটিত হৈছে দেশখনত। তাৰোপৰি অস্থিৰ ৰাজনৈতিক পৰিস্থিতিত সংখ্যালঘু হিন্দুসকলৰ ওপৰত আক্ৰমণো হৈছে। এনে সময়তে এই সিদ্ধান্ত অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে।

Also Read: অসমৰ NRCকে ধৰি কেইবাটাও বিষয়ত শীঘ্ৰেই উচ্চতম ন্যায়ালয়ে দিব চূড়ান্ত ৰায়...

দুৰ্গা পূজা বাংলাদেশ