৩৩ নহয়, ৮ ঘণ্টাতে ত্ৰিপুৰাৰ পৰা পাবগৈ কলকাতাঃ মোডী-হাছিনাই উদ্বোধন কৰিব আগৰতলা-আখউড়া ৰে'ল পথ...

৩৩ নহয়, ৮ ঘণ্টাতে ত্ৰিপুৰাৰ পৰা পাবগৈ কলকাতাঃ মোডী-হাছিনাই উদ্বোধন কৰিব আগৰতলা-আখউড়া ৰে'ল পথ...
৩৩ নহয়, ৮ ঘণ্টাতে ত্ৰিপুৰাৰ পৰা পাবগৈ কলকাতাঃ মোডী-হাছিনাই উদ্বোধন কৰিব আগৰতলা-আখউড়া ৰে'ল পথ...
Published on
Updated on

ডিজিটেল সংবাদ ঢাকাঃ উত্তৰ-পূব ভাৰত আৰু বাংলাদেশৰ মাজৰ ৰে'ল সংযোগে নতুন দিগন্তৰ সূচনা কৰিবলৈ আগবাঢ়িছে। ১ নৱেম্বৰ, বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু বাংলাদেশৰ প্ৰধানমন্ত্ৰী ছেখ হাছিনাই ভাৰ্ছুৱেলী যৌথভাৱে আগৰতলা আৰু আখাউড়া ৰে'ল সংযোগ ব্যৱস্থা উদ্বোধন কৰিব। ইয়াৰোপৰি একেটা দিনতে ভাৰতীয় পুঁজিৰে নিৰ্মিত খুলনা-মংলা বন্দৰ ৰে’ল সংযোগ লাইনো উদ্বোধন কৰিব এই দুই নেতাই।

এই দুই প্ৰকল্পই চুবুৰীয়া ৰাষ্ট্ৰ দুখনৰ আন্তঃদেশীয় বাণিজ্যত বৈপ্লৱিক পৰৱৰ্তন আহিব বুলি আশা কৰা হৈছে। প্ৰায় ১৫ কিলোমিটাৰ দুৰত্বৰ আগৰতলা আৰু আখাউড়া ৰে'ল সংযোগৰ বাবেই উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণৰ মাজলৈ যুগান্তকাৰী পৰিৱৰ্তন আহিব বুলি ধাৰণা কৰা হৈছে। আন্তঃদেশীয় ব্যৱসায়, বাণিজ্যৰ ক্ষেত্ৰত আহিব যথেষ্ট পৰিৱৰ্তন।

উত্তৰ পূবৰ ৰাজ্য ত্ৰিপুৰাৰ লোকসকলে পূৰ্বে ৰে'ল বা ৰাজপথৰ জৰিয়তে কলকাতা বা দিল্লীলৈ যোৱাৰ বাবে যি সময়ৰ প্ৰয়োজন হৈছিল সেই সময় এতিয়া এক তৃতীয়াংশ হ্ৰাস পাব। পূৰ্বে আগৰতলাৰ পৰা কলকাতা যাবলৈ সময়ৰ প্ৰয়োজন হৈছিল ৩৩ ঘণ্টা। কিন্তু এতিয়া বাংলাদেশৰ মাজৰে এই যাত্ৰা আৰম্ভ হোৱাত সময়ৰ প্ৰয়োজন হ'ব মাত্ৰ ৮ ঘণ্টাৰ।  

এই ৰে'ল পথৰ বাবে দীৰ্ঘদিন ধৰি অপেক্ষাত আছিল ত্ৰিপুৰাৰ জনসাধাৰণ। ইয়াৰোপৰি উত্তৰ পূৰ্বাঞ্চলৰ সৈতে বাংলাদেশৰ নাগৰিকো যোগাযোগ আৰু বাণিজ্যৰ আশাত অপেক্ষাত আছিল। সেই দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্ত পেলাই এতিয়া মুকলি হ'বলৈ আগবাঢ়িছে আগৰতলা-আখাউড়া লিংক ৰে'ল ব্যৱস্থা।

এই লিংক ৰে'ল ব্যৱস্থাৰ মুঠ দূৰত্ব প্ৰায় ১৫ কিলোমিটাৰ। ২০১৮ চনৰ জুলাই মাহত বাংলাদেশৰ আখাউড়াৰ পৰা আগৰতলাৰ নিচিন্তপুৰলৈকে প্ৰায় ১২.২৪ কিলোমিটাৰ ডুৱেল গজ ৰে'লপথৰ নিৰ্মাণৰ কাম আৰম্ভ হৈছিল। এই ৰে'লপথৰ ৬.৭৮ কিলোমিটাৰ বাংলাদেশৰ অন্তৰ্ভুক্ত।

এই প্ৰকল্পৰ নিৰ্মাণ কাৰ্য বাস্তবায়িত কৰিছে ভাৰতীয় ঠিকাদাৰী প্ৰতিষ্ঠান টেক্সমেকো ৰেল এণ্ড ইঞ্জিনীয়াৰিং লিমিটেডে।বাংলাদেশ অংশৰ ৰে'ল পথ নিৰ্মাণৰ ব্যয় প্ৰায় ২৪১ কোটি হ'ব বুলি অনুমান কৰা হৈছে। বাংলাদেশৰ ৰে'ল মন্ত্ৰণালয়ে যোৱা বাজেটত ইয়াৰ বাবে ১৫৩ কোটি টকা ঘোষণা কৰিছিল।

২০২০ তে এই নিৰ্মাণকাৰ্য শেষ হোৱাৰ কথা আছিল যদিও কোৰোনা মহামাৰিৰ বাবে এই কাম শেষ হোৱাত যথেষ্ট পলম হয়। ইয়াৰোপৰি প্ৰকল্পটো কেইবাটাও পৰ্যায়ত সম্প্ৰসাৰিত কৰা হৈছে। যাত্ৰী আৰু সামগ্ৰী পৰিবহনৰ বাবে আগৰতলাৰ কাষৰ নিচিন্তপুৰ ষ্টেচনত অত্যাধুনিক আন্তঃগাঁথনি স্থাপন কৰা হৈছে।

দুয়োখন দেশৰ প্ৰধানমন্ত্ৰীৰ উদ্বোধনৰ পূৰ্বে ৩০ অক্টোবৰ, সোমবাৰে ৰে'লপথটোত চূড়ান্ত পৰীক্ষণ চলোৱা হয়। দুপৰীয়া ১২:২০ বজাত বাংলাদেশৰ ব্ৰহ্মনব্ৰিয়াৰ আখাউৰাৰ গংগাসাগৰ ৰে'ল ষ্টেচনৰ পৰা পাঁচটা খালী ডবা থকা এখন ৰে'লে যাত্ৰা আৰম্ভ কৰে। ৩৫ মিনিটৰ যাত্ৰাৰ পিছত, ৰে'লখন আগৰতলাৰ নিচিন্তপুৰ ৰে'ল ষ্টেচনত দুপৰীয়া ১২:৫৫ বজাত প্ৰৱেশ কৰে। দুয়োখন দেশৰ সীমান্তৰ শূণ্য ৰেখাত ভাৰতৰ উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ বিষয়াসকলে ৰে'লখনক আদৰণি জনায়।

ইয়াৰ পূৰ্বে, আখাউৰা-আগৰতলা ৰে'ল প্ৰকল্পৰ সঞ্চালক আবু জাফৰ মিয়া, টেক্সমেকো ৰে'ল এণ্ড ইঞ্জিনিয়াৰিং লিমিটেডৰ কাণ্ট্ৰী মেনেজাৰ শৰত শৰ্মা, প্ৰকল্প প্ৰৱন্ধক ভাস্কৰ বক্সী আৰু ৰে'ল বিষয়াসকলে গংগাসাগৰত ৰে'লখনৰ যাত্ৰাৰ শুভাৰম্ভণি কৰে।

আখাউৰা-আগৰতলা ৰে'ল প্ৰকল্পৰ সঞ্চালক আবু জাফৰ মিয়াই জনোৱা অনুসৰি প্ৰকল্পৰ কাম প্ৰায় শেষ হৈছে। এতিয়া কেৱল প্লেটফৰ্মৰ কাম বাকী আছে। ৰে'ল চলাচলত কোনো ধৰণৰ সমস্যা নাই। এই ৰে'ল পথৰ জৰিয়তে দুয়ো দেশৰ সামগ্ৰী আমদানি-ৰপ্তানি বাণিজ্য আৰু অধিক সম্প্ৰসাৰিত হ'ব। বৃদ্ধি পাব ৰে'ল ৰাজহো।

ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু বাংলাদেশৰ প্ৰধানমন্ত্ৰী ছেখ হাছিনাই ১ নৱেম্বৰত খুলনা-মংলা ৰে'লপথো উদ্বোধন কৰিব। সামগ্ৰী পৰিবহনৰ সুবিধাৰ বাবে খুলনাৰ পৰা বাগেৰহাটৰ মংলা বন্দৰলৈ নিৰ্মাণ কৰা এই ৰে'লপথত সোমবাৰে পৰীক্ষাণ সম্পূৰ্ণ হয়।

এই ৰে'লপথৰ জৰিয়তে উত্তৰ-পূব ভাৰতৰ জনসাধাৰণে মংলা বন্দৰ ব্যৱহাৰ কৰি বিশ্বৰ বিভিন্ন দেশলৈ আমদানি আৰু ৰপ্তানি কৰিবলৈ সক্ষম হ'ব। এই খুলনা-মংলা ৰেলপথৰ নিৰ্মাণ ২০১৬ চনৰ ছেপ্টেম্বৰত আৰম্ভ হৈছিল। ৰেলপথটোৰ দৈৰ্ঘ্য প্ৰায় ৯০ কিলোমিটাৰ। প্ৰকল্পটো নিৰ্মাণত জড়িত হৈ আছে ভাৰতীয় ঠিকাদাৰী প্ৰতিষ্ঠান লাৰ্চেন এণ্ড টুব্ৰো আৰু ইৰকন ইণ্টাৰনেচনেল। প্ৰকল্পটোত ব্যয় কৰা হৈছে ৪,২৬০ কোটি টকা।

৩৩ নহয়, ৮ ঘণ্টাতে ত্ৰিপুৰাৰ পৰা পাবগৈ কলকাতাঃ মোডী-হাছিনাই উদ্বোধন কৰিব আগৰতলা-আখউড়া ৰে'ল পথ...
উচ্চতম ন্যায়ালয়ত নিৰ্বাচনী বণ্ডৰ বিষয়ে তথ্য দিবলৈ অনিচ্ছুক কেন্দ্ৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in