শতাধিক শিশুৰ প্ৰাণ ৰক্ষা কৰা দামাছ আৰু নাই...

author-image
Asomiya Pratidin
New Update
শতাধিক শিশুৰ প্ৰাণ ৰক্ষা কৰা দামাছ আৰু নাই...

ডিজিটেল ডেস্ক : ৰোৱাণ্ডাৰ গৃহযুদ্ধ সম্পৰ্কে হয়তো বিশ্বৰ অধিক সংখ্যক লোকেই জ্ঞাত । কিদৰে যুদ্ধৰ নামত ৮ লাখতকৈও অধিক লোকক হত্যা কৰা হৈছিল প্ৰায় ১০০ দিনৰ ভিতৰতেই । এই ভয়াৱহতাই কপাই গৈছিল সমগ্ৰ বিশ্ববাসীক । কিন্তু আফ্ৰিকা বুলি ক'লেই যেন সকলোৱে অৱহেলা কৰে এনে ধৰণৰ কথাত । সেয়াই হ'ল ৰোৱাণ্ডাৰ সৈতেও । নিজেই নিজৰ সাহস আৰু শক্তি হৈ থিয় হ'ব লগীয়া হ'ল এই সময়ছোৱাত ।

তেনে এক জৰুৰীকালীন অৱস্থাতেই মানুহৰূপী ভগৱান হৈ দেখা দিছিল ৰোৱাণ্ডাৰেই দামাছ গিচিম্বা আৰু তেখেতৰ ভাতৃয়ে ।

উল্লেখ্য যে, ১৯৯৪ চনৰ গৃহযুদ্ধৰ সময়ছোৱাত ৰোৱাণ্ডাত এখন অনাথ আশ্ৰমৰ দায়িত্বত আছিল দামাছ‍া । ৰোৱাণ্ডাৰ ৰাষ্ট্ৰপতিৰ মৃত্যুৰ পাছত আৰম্ভ হোৱা গৃহযুদ্ধৰ সময়ছোৱাত দামাছা আৰু তেখেতৰ ভাতৃয়ে প্ৰায় ৪০০ শিশুক আশ্ৰয় প্ৰদান কৰিছিল অনাথ আশ্ৰমখনত ।মূলত: হুটু আৰু টুটছি সম্প্ৰদায়ৰ মাজত হোৱা এই সংঘৰ্ষত টুটছি সম্প্ৰদায়ৰ লোকসকলৰ ওপৰত আৰম্ভ হোৱা ধাৰাবাহিক আক্ৰমণৰ পৰা সাৰি যোৱা নাছিল শিশুসকলো । তেনে সময়তেই টুটছি সম্প্ৰদায়ৰ শিশুসকলক ৰক্ষণা-বেক্ষণ দি পৰৱৰ্তী সময়ত শিক্ষাও প্ৰদান কৰিছিল দামাছাই । প্ৰকৃতাৰ্থত মানৱ সেৱা আগবঢ়োৱা দামাছাৰ ত্যাগৰ স্বীকৃতি পৰৱৰ্তী সময়ত সমগ্ৰ ৰোৱাণ্ডাই দিছিল । দামাছা নাথাকিলে সেই সময়ত শিশুসহ বহু কেইটা পৰিয়াল সম্পূৰ্ণৰূপে নিচিহ্ন হৈ পৰিল হয় সেই হত্যালীলাৰ মাজত ।

ৰে'ড ক্ৰ'ছৰ পৰা যোগান ধৰা নূন্যতম পৰিমাণৰ খাদ্য আৰু আন ৰেচনৰ জৰিয়তেই মাহৰ পাছত মাহ এই শিশুসকলক জীয়াই ৰাখিছিল দামাছাই । কেৱল এয়াই নহয় বৰং পৰৱৰ্তী সময়ত প্ৰতিবাদকাৰীসকলৰ সৈতে শান্তি আলোচনাৰ ক্ষেত্ৰতো মুখ্য ভূমিকা গ্ৰহণ কৰিছিল দামাছাই ।

এই সমগ্ৰ কাৰ্যৰ বাবে কেইবাবাৰো নিশ্চিত মৃত্যুৰ মুখৰ পৰাও বাচি আহিছিল দামাছা । কিন্তু একোৱাই দুৰ্বল কৰিব নোৱাৰিলে দামাছাৰ সংকল্প ।

গৃহযুদ্ধৰ পাছতো বহু অনাথ শিশুৱে আশ্ৰয়ৰ বাবে দামাছাৰ অনাথ আশ্ৰমকেই বিচাৰি লৈছিল, যাৰ বাবে সময়ে সময়ে ভয়ংকৰ আৰ্থি সংকটৰো সন্মুখীন হৈ আহিছিল দামাছা । কিন্তু এই সকলোবোৰ বাধা নেওচি সকলো শিশুৰেই লালন-পালন আৰু আনুষ্ঠানিক শিক্ষাৰ ব্যৱস্থা কৰিছিল দামাছাই ।

সেই দামাছাৰেই ৰবিবাৰে নিশা মৃত্যু ঘটে, যি দামাছাই যুদ্ধৰ মাজতো শতাধিক শিশুক প্ৰাণদান কৰিলে ।

Also Read: বিজেপি নেত্ৰীক ধৰ্ষণ কৰি হত্যা ! নিশা পেলাই থৈ গ'ল ৰাজপথত...

africa rwanda