মধ্যপ্ৰাচ্যত পুনৰ যুদ্ধ উত্তেজনাঃ ইজৰাইলত জৰুৰী অৱস্থা ঘোষণা, বাতিল বিমান সেৱা

ইজৰাইলৰ সামৰিক ঘাটিত ৩২০ টা ৰকেট নিক্ষেপৰ দাবী হিজবুল্লাহৰ
মধ্যপ্ৰাচ্যত পুনৰ যুদ্ধ উত্তেজনাঃ ইজৰাইলত জৰুৰী অৱস্থা ঘোষণা, বাতিল বিমান সেৱা
মধ্যপ্ৰাচ্যত পুনৰ যুদ্ধ উত্তেজনাঃ ইজৰাইলত জৰুৰী অৱস্থা ঘোষণা, বাতিল বিমান সেৱা
Published on
Updated on

ডিজিটেল ডেস্কঃ পুনৰ উত্তপ্ত হৈ পৰিছে মধ্যপ্ৰাচ্য। উকমুনকি ঘটিছে আন এখন নতুন যুদ্ধৰ। এইবাৰ যুদ্ধৰস্থলী ইজৰাই আলু লেবানন। লেবাননত ঘাটি পাতি থকা সন্ত্ৰাসবাদী সংগঠন হিজবুল্লাহৰ ওপৰত ইজৰাইলৰ সামৰিক বাহিনীয়ে আক্ৰমণ কৰাৰ পাছতে পৰিস্থিতি জটিল হৈ পৰিছে। এক বিবৃতি জাৰি কৰি হিজবুল্লাহে দাবী কৰিছে ইজৰাইলৰ একাধিক সামৰিক ঘাটিত অতি কমেও ৩২০ টা কাতিয়াউচা ৰকেট নিক্ষেপ কৰিছে।

হিজবুল্লাহে ইজৰাইলৰ ওপৰত আক্ৰমণ কৰাৰ পাছতে দেওবাৰে পুৱাৰে পৰা হিজবুল্লাহৰ ঘাটিত ইজৰাইলে প্ৰতিৰক্ষামূলক ৰকেট আক্ৰমণ চলাইছে অব্যাহত ৰাখিছে। এই মুহূৰ্তত মধ্য প্ৰাচ্যত যুদ্ধৰ ভয়াৱহতা অব্যাহত আছে।

মধ্যপ্ৰাচ্যৰ ইজৰাইল আৰু ইৰাণৰ মাজত চলি আছে প্ৰত্যক্ষ যুদ্ধ। উগ্ৰপন্থী সংগঠন হামাছ আৰু হিজবুল্লাহ আদিয়ে এই যুদ্ধত ইৰাণৰ পক্ষত অৱস্থান কৰিছে আৰু ইজৰাইলৰ ওপৰত জপিয়াই পৰিছে।

ইয়াৰ মাজতে ইৰাণ সমৰ্থিত উগ্ৰপন্থী সংগঠনটোৱে এক বিবৃতি জাৰি কৰি কয় যে, তেওঁলোকে ইজৰাইলৰ একাধিক সামৰিক ঘাটিত কমেও ৩২০ টা ৰকেট নিক্ষেপ কৰিছে।  

ইজৰাইলৰ প্ৰতীৰক্ষা বিভাগৰ ফালৰ পৰা দাবী কৰা অনুসৰি দেওবাৰে পুৱাৰে পৰা লেবাননত থকা হিজবুল্লাহৰ ঘাটি লক্ষ্য কৰি ইজৰাইলী সেনাই আক্ৰমণ চলাইছে। যিহেতু হিজবুল্লাহৰ ফালৰ পৰা বৃহৎ আক্ৰমণৰ প্ৰস্তুতি চলাইছিল সেয়ে আত্মৰক্ষাৰ বাবে ইজৰাইলে এই আক্ৰমণ কৰিছে।

অৱশ্যে ইজৰাইলে কিদৰে আক্ৰমণ চলাইছে সেয়া এতিয়াও স্পষ্ট হোৱা নাই। হিজবুল্লাহৰ দ্বাৰা নিক্ষেপ কৰা ৰকেট প্ৰতিহত কৰিবলৈ বিশেষ বিমান মোতায়েন কৰা হৈছে। মূলতঃ ইজৰাইলৰ সাধাৰণ নাগৰিক ৰক্ষাৰ বাবেই এই পদক্ষেপ বুলি জানিব পৰা গৈছে।

ইজৰাইল আৰু ইৰাণৰ যুদ্ধৰ মাজতে সৃষ্টি হোৱা পুনৰ এক যুদ্ধকালীন পৰিস্থিতিত ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে কেবিনেট বৈঠকত বহিছে। ৪৮ ঘণ্টাৰ বাবে সমগ্ৰ দেশত জৰুৰী অৱস্থাৰ ঘোষণা কৰিছে। আংশিকভাৱে বন্ধ কৰা হৈছে বিমান চলাচল।

মধ্যপ্ৰাচ্যত পুনৰ যুদ্ধ উত্তেজনাঃ ইজৰাইলত জৰুৰী অৱস্থা ঘোষণা, বাতিল বিমান সেৱা
পৰ্যাপ্ত বৰষুণৰ অভাৱত বজালীৰ পথাৰত চিৰাল ফাট...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in