অধিক উত্তপ্ত হৈ উঠিছে মধ্যপ্ৰাচ্যঃ ইজৰাইলৰ ৰকেট আক্ৰমণত হিজবুল্লাহৰ মুৰব্বীৰ কন্যা নিহত...

লেবাননত এই পৰ্যন্ত ৮০০ ৰো অধিক লোক নিহত

author-image
Asomiya Pratidin
New Update
অধিক উত্তপ্ত হৈ উঠিছে মধ্যপ্ৰাচ্যঃ ইজৰাইলৰ ৰকেট আক্ৰমণত হিজবুল্লাহৰ মুৰব্বীৰ কন্যা নিহত...

অধিক উত্তপ্ত হৈ উঠিছে মধ্যপ্ৰাচ্যঃ ইজৰাইলৰ ৰকেট আক্ৰমণত হিজবুল্লাহৰ মুৰব্বীৰ কন্যা নিহত...

ডিজিটেল ডেস্কঃ লেবাননৰ ৰাজধানী বেইৰুতত ইজৰাইলৰ আক্ৰমণ অব্যাহত আছে। শুকুৰবাৰে নিশা বেইৰুতত ইজৰাইলে ৰকেট আৰু মিছাইল আক্ৰমণ কৰাৰ ফলত ধ্বংসলীলাৰ সৃষ্টি হৈছে।

ইজৰাইলী সামৰিক বাহিনীয়ে দাবী কৰিছে তেওঁলোকে হিজবুল্লাহৰ মুৰব্বী হাছান নাছৰুল্লাৰ সদৰ দপ্তৰ চিনাক্ত কৰাৰ পাছত এই আক্ৰমণ কৰা হৈছে। তেওঁলোকে দাবী কৰা অনুসৰি এই আক্ৰমণত হাছান নাছৰুল্লাৰ কন্যা জাইনাবৰ মৃত্যু হৈছে।

ইতিমধ্যে ধ্বংসাৱশেষৰ পৰা তেওঁৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। অৱশ্যে হিজবুল্লাহৰ ফালৰ পৰা এতিয়ালৈকে এই সন্দৰ্ভত কোনো প্ৰতিক্ৰিয়া অহা নাই। ইয়াৰ বিপৰীতে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে হিজবুল্লাহৰ বিৰুদ্ধে অভিযান অব্যাহত থাকিব বুলি জনাইছে।

বিবিচিৰ বাতৰি অনুসৰি সোমবাৰৰ পৰা লেবাননত হোৱা ইজৰাইলৰ এই আক্ৰমণত নিহতৰ সংখ্যা ৮০০ ৰো অধিক। এইসকল নিহতৰ ভিতৰত আছে হিজবুল্লাহৰ ড্ৰোণ বাহিনীৰ প্ৰধান মহম্মদ হুছেইন শ্ৰৌৰ আৰু অন্যতম কামাণ্ডাৰ ইব্ৰাহিম মহম্মদ কোৱাবিচি।

উল্লেখ্য যে, ১৯৮০ ৰ দশকত লেবাননৰ গৃহযুদ্ধৰ মাজতেই হিজবুল্লাহ নামৰ এই সংগঠনৰ জন্ম হৈছিল। ১৯৯২ ৰ পৰা এই সংগঠনৰ নেতৃত্বত আছে ধৰ্মীয়গুৰু তথা ৰাজনৈতিক নেতা হাছান নাছৰুল্লা।

যোৱা ৭ অক্টোবৰত গাজাৰ পৰা ইজৰাইললৈ হামাছৰ ৰকেট আক্ৰমণৰ পাছতে পেলেষ্টাইনৰ এই সন্ত্ৰাসবাদী সংগঠনক শুভেচ্ছা জনাইছিল হিজবুল্লাহে। তাৰোপৰি দক্ষিণ লেবাননৰ পৰা ইজৰাইলৰ ভূখণ্ডলৈ তিনিটাকৈ ৰকেট নিক্ষেপ কৰি প্ৰতীকি আক্ৰমণ কৰিছিল হিজবুল্লাহে।

তাৰ পাছৰ পৰাই ইজৰাইলে আক্ৰমণ অব্যাহত ৰাখিছে। অতি শেহতীয়াকৈ হাছান নাছৰুল্লাৰ কন্যা নিহত হোৱাৰ খবৰে মধ্যপ্ৰাচ্যৰ সংঘাতময় পৰিস্থিতিক আৰু অধিক উত্তপ্ত কৰি তোলাৰ সম্ভাৱনা আছে। ইজৰাইলক শক্তিশালী প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ দিছে লেবাননে।

Also Read: নিযুক্তি পৰীক্ষাৰ পৰীক্ষাৰ্থীৰ সুবিধাৰ্থে উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ ৬ খন বিশেষ ৰে'ল...

ইজৰাইল লেবানন মধ্যপ্ৰাচ্য