পূজাৰ পূৰ্বে দুৰ্গা প্ৰতিমা ধ্বংসঃ আৱামী লীগৰ নেতাক গ্ৰেপ্তাৰ...

বাংলাদেশত পূজাৰ পূৰ্বে পুনৰ অপ্ৰীতিকৰ পৰিস্থিতি

author-image
Asomiya Pratidin
New Update
পূজাৰ পূৰ্বে দুৰ্গা প্ৰতিমা ধ্বংসঃ আৱামী লীগৰ নেতাক গ্ৰেপ্তাৰ...

পূজাৰ পূৰ্বে দুৰ্গা প্ৰতিমা ধ্বংসঃ আৱামী লীগৰ নেতাক গ্ৰেপ্তাৰ...

মাছুম বিল্লাহ ,ঢাকাঃ দুৰ্গা পূজাৰ প্ৰাকক্ষণত উত্তৰ বাংলাদেশৰ চাপাইনাৱাবগঞ্জ জিলাৰ এটা মন্দিৰত এক দুৰ্গাৰ মূৰ্তি ধ্বংস কৰাৰ ঘটনা সংঘটিত হৈছে। শনিবাৰে নিশা চাপাইনাৱাবগঞ্জ পৌৰসভাৰ বাটলা হাটৰ মা ভৱানী দুৰ্গা আৰু কালিমা মন্দিৰত সংঘটিত হৈছে এই ঘটনা।

জিলা পূজা উদযাপান পৰিষদৰ সভাপতি ডাবলু কুমাৰ ঘোষে জনোৱা অনুসৰি দুৰ্বৃত্তই মূৰ্তিবোৰৰ বিভিন্ন অংশ ভাঙি পেলাইছে। দেওবাৰে পুৱা, মন্দিৰ কৰ্তৃপক্ষই এইসমূহ দেখি প্ৰশাসনক অৱগত কৰে।

পিছত, জিলা আৰক্ষী আৰু উপজিলা প্ৰশাসনে ঘটনাস্থলী পৰিদৰ্শন কৰে। তেওঁলোকে পূজা উদযাপান পৰিষদৰ নেতা আৰু অঞ্চলটোৰ হিন্দু লোকসকলৰ সৈতেও বিষয়টোৰ সন্দৰ্ভত আলোচনা কৰে।

অতিৰিক্ত আৰক্ষী অধীক্ষক আবুল কালাম শ্বাহিদে এই প্ৰসংগত কয় যে, ঘটনাৰ তদন্তৰ পাছত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হ'ব। ইফালে, পাবনাৰ সুজানগৰত দুৰ্গা পূজাৰ মূৰ্তি ধ্বংস কৰাৰ সন্দৰ্ভত আৰক্ষীয়ে যুৱ লীগৰ এজন কৰ্মীক গ্ৰেপ্তাৰ কৰে। দেওবাৰে আবেলি ৰাজবাৰীৰ গোৱালন্দা আৰক্ষী থানাৰ অন্তৰ্গত গোৱালন্দা ঘাট অঞ্চলৰ পৰা তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে।

গ্ৰেপ্তাৰ কৰা ব্যক্তিজনৰ নাম বাচ্চু আলমগীৰ ওৰফে আগুন বাচ্চু (৩৪)। তেওঁ সুজানগৰ পৌৰসভাৰ মছজিদ অঞ্চলৰ বাসিন্দা তথা লোকমান প্ৰমানিকৰ পুত্ৰ। তেওঁৰ সৰু ভায়েক ৰেডৱান নয়ন সুজানগৰ নিজাম উদ্দিন আজগৰ আলী মহাবিদ্যালয় গোট বি চি এলৰ সভাপতি।

পাবনা আৰক্ষী অধীক্ষক মোৰ্তাজা আলী খানে সোমবাৰে আবেলি এক সংবাদমেলত গ্ৰেপ্তাৰ হোৱাটো নিশ্চিত কৰি কয় যে, গোপন তথ্যৰ ভিত্তিত দেওবাৰে ৰাজবাৰী জিলাৰ গোৱালন্দা আৰক্ষী থানাৰ সহায়ত বাচ্চুক গ্ৰেপ্তাৰ কৰা হয়।

ইয়াৰ পূৰ্বে মঙলবাৰে নিশা মানিকদী পৌৰসভাৰ পালপাৰাত আৰু তাৰ তিনিদিন আগতে পৌৰসভাৰ নিশিপাৰাত দুৰ্গা পূজাৰ মূৰ্তি ধ্বংস কৰা হৈছিল। ঘটনাৰ মানিকদী (পালপাৰা) মন্দিৰ সমিতিৰ সভাপতি বিজন কুমাৰ পালে সুজানগৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰে। তাৰোপৰি তেওঁ কয়, আৱামী লীগৰ যুৱ সংগঠন যুৱ লীগৰ কৰ্মী বাচ্চুক আলমগীৰে ১৬৪ ধাৰাৰ অধীনত গ্ৰেপ্তাৰ কৰি দণ্ডাধীশৰ ওচৰত হাজিৰ কৰাই আৰু তেওঁ মূৰ্তি ধ্বংস কৰাৰ কথা স্বীকাৰ কৰিছে।

Also Read: বোকাজান আৰক্ষীৰ অভিযানত নিষিদ্ধ দ্ৰব্যসহ তিনিজনক আটক...

দুৰ্গা পূজা বাংলাদেশ