ডিজিটেল ডেস্কঃ ইণ্ডোনেছিয়া, য’ত ১৭ হাজাৰতকৈয়ো অধিক দ্বীপপুঞ্জ, ৭ শতকৈয়ো অধিক ভাষা, ১৩৪০টাতকৈয়ো অধিক জাতি-গোটে বসবাস কৰে। যি ঠাই পৰিচিত হৈ আহিছে পৃথিৱীৰ অন্যতম বৈচিত্ৰপূৰ্ণ ঠাই হিচাবে। ইয়াৰ দ্বীপপুঞ্জৰ কলা-সংস্কৃতি এছিয়া মহাদেশৰ ভাৰত আৰু চীনৰ সভ্যতাৰ ওপৰত প্ৰভাৱিত হোৱা দেখা যায়। পিছে বিশ্বৰ সৰ্বাধিক মুছলমান থকা দেশখনত কি দৰে ভাৰতীয় ভাষা-সংস্কৃতি প্ৰভাৱ পৰিছিল সেয়া বাৰু আপুনি জানেনে ?
ইতিহাস খুচৰিলে দেখা যায় যে, ইণ্ডোনেছিয়াত খ্ৰীষ্টপূৰ্ব ২৯০ চনৰ পৰা ১৫ শতিকাৰ ভিতৰত ভাৰতীয় সাংস্কৃতিক প্ৰভাৱ বাৰুকৈয়ে পৰিছিল। এই সময়ছোৱাত, হিন্দু আৰু বৌদ্ধ ধৰ্মই ইণ্ডোনেছিয়াৰ স্থানীয় ৰাজনৈতিক ব্যৱস্থাৰ ওপৰতো প্ৰভাৱ পেলাইছিল।
ভাৰতীয় উপ-মহাদেশৰ দক্ষিণ-পূবত থকা ৰাজবংশসমূহে, বিশেষকৈ চোল সাম্ৰাজ্যই (খ্ৰীষ্টপূৰ্ব ৩০০ ৰ পৰা ১২৭৯ খ্ৰীষ্টাব্দলৈ) জাভা শাসন কৰা ৰজাসকলৰ সৈতে বাণিজ্যিক, সাংস্কৃতিক আৰু ৰাজনৈতিক সম্পৰ্ক স্থাপন কৰিছিল। আৰু ইয়াৰ বাবেই ইণ্ডোনেছিয়াৰ দ্বীপসমূহত ভাৰতীয় তথা ভাৰতীয় সংস্কৃতি প্ৰভাৱ পৰিছিল বুলি বহু সমলত উল্লেখ আছে।
ইণ্ডোনেছিয়াত ভাৰতীয় ভাষাৰ যে প্ৰভাৱ আছে সেই কথা পুৰণি জাভা উপভাষাৰ শব্দভাণ্ডাৰ আৰু ইয়াক লিখাৰ সমগ্ৰ প্ৰণালী অৰ্থাৎ জাভাৰ আখৰ (লিপি আৰু আখৰ) আদিৰ পৰাই বুজিব পাৰি। এইবোৰ যে প্ৰাচীন ভাৰতীয় ভাষাৰ ওপৰত আধাৰিত সেয়া পুৰণি সমলসমূহত পোৱা যায়।
পুৰণি জাভা ভাষাৰ প্ৰতিটো লিখিত ধাৰা যেনে- সাহিত্য, প্ৰাৰ্থনা আৰু শিলালিপি আদি প্ৰাচীন ভাৰতীয় ভাষাৰ পৰা লোৱা হৈছে। উদাহৰণ স্বৰূপে, কাকাভিন (পুৰণি জাভা ভাষাত বৰ্ণনা কৰিবলৈ বিশেষভাৱে লিখা কবিতা, সংস্কৃত কবিতাৰ দৰে শ্লোকত লিখা), পৰ্ব (সংস্কৃত মহাভাৰত আৰু ৰামায়ণৰ গদ্য সংকলন), মন্ত্ৰ (বিভিন্ন প্ৰকাৰৰ প্ৰাৰ্থনা আৰু উপাসনা মন্ত্ৰ), আৰু প্ৰশস্তি (ব্ৰঞ্জ আৰু শিলৰ ওপৰত খোদিত ডিক্ৰী) আদি।
বৰ্তমান ইণ্ডোনেছিয়াৰ মূলমন্ত্ৰ হৈছে ভিনেকা তুঙ্গল ইকা (সকলোবোৰ পৃথক কিন্তু এক, অৰ্থাৎ বৈচিত্ৰ্যৰ মাজত একতা), যি ভাৰতীয় ধৰ্ম হিন্দু আৰু বৌদ্ধ ধৰ্মৰ দ্বাৰা অনুপ্ৰাণিত।
ইণ্ডোনেছিয়াত বিভিন্ন সময়ত বৌদ্ধ আৰু হিন্দু ৰজা-ৰাণীসকলে শাসন কৰিছিল। যেনে মহাৰাণী গায়ত্ৰী, কেৰ্তাৰাজাচা জয়ৱৰ্দনাৰ পত্নী তথা তেওঁৰ নাতি হায়াম ভুৰুক আদি। এওঁলোকৰ শাসনৰ বাবেও ইণ্ডোনেছিয়াত ভাৰতীয় ভাষা-সংস্কৃতিৰ প্ৰভাৱ বিষ্টাৰ হোৱা বুলি ক’ব পাৰি।
উল্লেখ্য যেতিয়া ৰবীন্দ্ৰনাথ ঠাকুৰে ইণ্ডোনেছিয়াৰ জাভা ভ্ৰমণ কৰিছিল (১৯২৯ চন) তেতিয়া জাভাৰ সংস্কৃতিক সুক্ষ্মভাৱে পৰ্যবেক্ষণ কৰিছিল। ঠাকুৰে জাভাৰ প্ৰতিটো কোণত ভাৰতীয় সভ্যতাৰ চাপ দেখিছিল।
ব্ৰিটিছ শাসন (১৮১১-১৬) তথা ইয়াৰ উত্তৰাধিকাৰীয়ে ইণ্ডোনেছিয়াত চলোৱা শাসনৰ বাবেই ভাৰতীয় সভ্যতাৰ প্ৰভাৱ দৃশ্যমান বুলি কোনো কোনোৱে দাবী কৰে। আকৌ ভাৰতীয় সৈন্যসকল যেতিয়া ইণ্ডোনেছিয়াৰ এক যুদ্ধৰ অংশ হৈছিল সেই যুদ্ধৰ প্ৰভাৱতো ভাৰতীয় ভাষা-সংস্কৃতিৰ প্ৰভাৱ ইণ্ডোনেছিয়াত ৰৈ যোৱাৰ কথা ইতিহাসত পোৱা যায়। ইয়াৰ উপৰিও বংগৰ সৈন্যৰ বিদ্ৰোহৰ বাবেও ভাৰতীয় ভাষা-সংস্কৃতিৰ প্ৰভাৱ ইণ্ডোনেছিয়াত পৰে। আধুনিক যুগতো কেইবাটাও ঘটনাৰ প্ৰতিফলন ঘটি ভাৰতীয়ৰ প্ৰভাৱ ইণ্ডোনেছিয়াত বিদ্যমান।
পিছে বৰ্তমান ইণ্ডোনেছিয়াত বাস কৰা ভাৰতীয় মূলৰ লোকৰ সংখ্যা যথেষ্ট কম। ইণ্ডোনেছিয়াৰ ২৮০ নিযুত জনসংখ্যাৰ ভিতৰত বৰ্তমান ১২০,০০০ ভাৰতীয় বংশোদ্ভৱ জনসংখ্যা পোৱা যায়।
ইপিনে চীনা আৰু আৰৱ মূলৰ মিশ্ৰিত জাতিৰ ইণ্ডোনেচিয়ান নাগৰিকৰ বৰ্তমান মুঠ জনসংখ্যাৰ ৩.২ শতাংশ।
Also Read: জঘণ্য; বৃদ্ধৰ কামনাৰ বলি ১৩ বছৰীয়া কিশোৰী