ডিজিটেল ডেস্ক : আজি মেলব'ৰ্ণ ক্ৰিকেট গ্ৰাউণ্ডত সন্মুখীন হ'ব খেলপথাৰৰ চীৰবৈৰী ভাৰত আৰু পাকিস্তান । টি-২০ বিশ্বকাপৰ চুপাৰ-১২ খেলত সন্মুখীন হ'ব লগীয়া দল দুটা সম্পূৰ্ণৰূপে সাজু এই ৰণৰ বাবে । মেলব'ৰ্ণৰ হঠাৎ সলনি হোৱা বতৰৰ বাবে বৰষুণে খেলখনত ব্যাঘাত জন্মোৱাৰ সম্ভাৱনা আছে যদিও তাৰ পাছতো প্ৰস্তুতি তুংগত দল দুটাৰ ।
উল্লেখ্য যে, খেলৰ পূৰ্বেই জয়ী হোৱাৰ সম্ভাৱনীয়তাৰ দিশত দৰ্শকৰ সমৰ্থন দেখা গৈছে ভাৰতৰ বাবে । অৱশ্যে ইয়াৰ পূৰ্বে টি-২০ বিশ্বকাপত মুঠ ৬ বাৰ সন্মুখীন হৈছিল দল দুটি আৰু ৫ বাৰ জয়ী হৈছিল ভাৰতেই ।
ভাৰতৰ অপেনাৰদ্বয় ৰোহিত শৰ্মা আৰু কে এল ৰাহুলৰ ওপৰিও মিডল অৰ্ডাৰত বিৰাট কোহলি, সূৰ্য্যকুমাৰ যাদৱ, হাৰ্ডিক পাণ্ডিয়া আৰু দীনেশ কাৰ্তিকৰ সৈতে শক্তিশালী অৱস্থানত ৰৈছে ভাৰতীয় বেটিং পৰাক্ৰম । আনহাতে, যশপ্ৰীত বুমৰাহৰ আঘাতৰ পাছত দূৰ্বল হৈ পৰিছে ভাৰতীয় পেছ বলিং । এক দীৰ্ঘ সময়ৰ বিৰতিৰ পাছত দললৈ প্ৰত্যাৱৰ্তন ঘটিছে মহম্মদ ছামীৰ । আনহাতে, ফৰ্মৰ সৈতে যুজিঁ থকা দেখা গৈছে আন বলাৰ কেইজনকো । তেনেক্ষেত্ৰত অষ্ট্ৰেলিয়াৰ পেছ বলিং পিটছত ভাৰতীয় বলাৰৰ সফলতা সন্দেহজনক ।
অৱশ্যে, বলিঙত বৈচিত্ৰতা আনিবলৈ সক্ষম হোৱা পাকিস্তানী বলাৰৰ বলিঙত নাই কোনো খুঁত । পেছ বলিঙেৰে বিপৰীত পক্ষক ধৰাশায়ী কৰিবলৈ সক্ষম হোৱা পাকিস্তানে শেহতীয়া শৃংখলাত পৰাস্ত কৰি আহিছে নিউজিলেণ্ডক । কিন্তু দুৰ্বল মিডল অৰ্ডাৰৰ সৈতে যুজি থকা পাকিস্তানৰ অপেনাৰদ্বয়ক পেভিলিয়নলৈ উভতাই পঠাব পাৰিলেই সকাহ পাব ভাৰতে ।