ডিজিটেল ডেস্ক : বিশ্ব স্বাস্থ্য সংস্থাৰ কাৰ্যবাহী কমিটিৰ আমেৰিকাৰ প্ৰতিনিধিৰ দ্বায়িত্বভাৰ গ্ৰহণ কৰিব ভাৰতীয় মূলৰ বিবেক মুৰ্থীয়ে । এই দ্বায়িত্বভাৰ শল্য চিকিৎসক গৰাকীক অৰ্পণ কৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ' বিদেনে ।
এই সন্দৰ্ভত, হুৱাইট হাউছে সংবাদ মাধ্যমৰ সন্মুখত দিয়া মন্তব্য অনুসৰি বিবেক মুৰ্থীয়ে এতিয়াৰে পৰা আমেৰিকাৰ চাৰ্জন জেনেৰেলৰ ওপৰিও আমেৰিকাৰ প্ৰতিনিধিৰূপে সেৱা আগবঢ়াব চিকিৎসক গৰাকীয়ে ।
২০২১ বৰ্ষত আমেৰিকাৰ সংসদে ২১ তম চাৰ্জন জেনেৰেল ৰূপে নিযুক্তি দিছিল চিকিৎসক গৰাকীক । ইয়াৰ পূৰ্বেও ১৯তম চাৰ্জন জেনেৰেল ৰূপে বাৰাক অবামা ৰাষ্ট্ৰপতি ৰূপে থকা সময়ছোৱাতো চাৰ্জন জেনেৰেল আছিল বিবেক মুৰ্থী । সমগ্ৰ যুক্তৰাষ্ট্ৰৰে চাৰ্জন জেনেৰেল হোৱাৰ বাবে, দেশখনৰ স্বাস্থ্যৰ ভেটি আৰু গাঢ় কৰি তুলিব লাগিব চিকিৎসক গৰাকীয়ে ।