ডিজিটেল ডেস্ক: ভাৰত,ফ্ৰান্স আৰু সংযুক্ত আৰৱ আমিৰাতৰ মাজত হোৱা ত্ৰিপাক্ষিক চুক্তিৰ অধিনত বৃহস্পতিবাৰে ভাৰত-প্ৰশান্ত মহাসাগৰৰ সম্ভাব্য ক্ষেত্ৰসমূহৰ ওপৰত এক আলোচনাত মিলিত হয় । তিনিওখন দেশে ভাৰত-প্ৰশান্ত মহাসাগৰত চিহ্নিত কৰা সামুদ্ৰিক সুৰক্ষা , আঞ্চলিক সুৰক্ষা , খাদ্য, শক্তি , যোগান ব্যৱস্থাৰ ওপৰত আলোচনা কৰে ।
এই আলোচনা সন্দৰ্ভত ভাৰতৰ বিদেশ মন্ত্ৰালয়ে কয় যে , "ভাৰত,ফ্ৰান্স আৰু সংযুক্ত আৰৱ আমিৰাতৰ মাজত হোৱা এই আলোচনাত ভাৰত-প্ৰশান্ত মহাসাগৰত চীনৰ বৰ্ধিত শক্তি সন্দৰ্ভত আলোচনা কৰা হয় । এই ক্ষেত্ৰত এই তিনিখন দেখে ইখনে সিখনক সহযোগিতা আগবঢ়াই যাব ।"
বিদেশ মন্ত্ৰালয়ে লগতে কয় যে , "তিনিওখন দেশে সামুদ্ৰিক সুৰক্ষা , মানবীয় সহায়, দুৰ্যোগ সহায় আদি কৰি বিভিন্ন দিশত সহযোগিতা আগবঢ়াই যোৱাৰ লগতে ভাৰত-প্ৰশান্ত মহাসাগৰ ক্ষেত্ৰক ত্ৰিপাক্ষিক সম্ভাব্য ক্ষেত্ৰ হিচাপে গঢ়ি তুলিব ।"
আৰু পঢ়ক :ক'হিমাৰ পৰা মণিপুৰৰ সেনাপতি জিলালৈ পাঁচ শতাধিক লোকৰ নগা সংহতি পদযাত্ৰা