প্ৰায় ২০০ টা ড্ৰোনেৰে ইজৰাইলৰ ওপৰত আক্ৰমণ ইৰানৰ...

পুনৰ এক যুদ্ধৰ আকংশাই দেখা দিছে বিশ্বত। নিশা ইজৰাইজলৰ ওপৰত ড্ৰোণ আৰু মিছাইলেৰে আক্ৰমণ কৰে ইৰানে।

author-image
Asomiya Pratidin
New Update
প্ৰায় ২০০ টা ড্ৰোনেৰে ইজৰাইলৰ ওপৰত আক্ৰমণ ইৰানৰ...

ডিজিটেল ডেস্কঃ পুনৰ এক যুদ্ধৰ আকংশাই দেখা দিছে বিশ্বত। নিশা ইজৰাইজলৰ ওপৰত ড্ৰোণ আৰু মিছাইলেৰে আক্ৰমণ কৰে ইৰানে। ইতিমধ্যেই দুখন যুদ্ধৰ বাবে বিশ্বত উদ্বেগজনক পৰিস্থিতিৰ সৃষ্টি হৈ আছে।

ছিৰিয়াত বাণিজ্যিত দূতবাসত কৰা আক্ৰমণৰ প্ৰত্যুত্তৰ ৰূপে ইৰানে প্ৰায় ২০০ টা ড্ৰোনেৰে ইজৰাইলক আক্ৰমণ কৰে। এই সন্দৰ্ভত ইৰানে কৈছে যে এক বিশেষ লক্ষ্য কৰি তেওঁলোকে এই আক্ৰমণ কৰিছিল। অৱশ্যে আক্ৰমণৰ সময়ত আমেৰিকা আৰু ব্ৰিটেইনে কেইবাখনো ইৰানী ড্ৰোন ধ্বংস কৰে।

এই আক্ৰমণৰ পাছতে ইজৰাইলত জৰুৰীকালীন বৈঠক অনুষ্ঠিত হয়। ইজৰাইল চৰকাৰৰ এজন মুখপাত্ৰই কৈছে যে ইৰাণৰ আক্ৰমণৰ প্ৰতি ইজৰাইলৰ সঁহাৰি স্পষ্ট আৰু নিৰ্ণায়ক হ'ব।

আনহাতে এই আক্ৰমণৰ ওপৰত হোৱাইট হাউছে এক বিবৃতি দি কয় যে তেওঁলোক ইজৰাইলৰ সুৰক্ষাৰ বাবে দৃঢ় প্ৰতিজ্ঞ। লগতে কয়, আমেৰিকা ইজৰাইলৰ লগত থিয় দি আছে আৰু ইৰাণৰ এই ভাবুকিৰ পৰা তেওঁলোকক সুৰক্ষা দিবলৈ প্ৰতিশ্ৰুতিবদ্ধ ।

হোৱাইট হাউচৰ এজন মুখপাত্ৰই কয় যে, "ইৰাণে ইজৰাইলৰ বিৰুদ্ধে বিমান আক্ৰমণ আৰম্ভ কৰিছে আৰু ৰাষ্ট্ৰপতি জো বিডেনৰ এটা দলে ইজৰাইল কৰ্তৃপক্ষৰ লগতে অন্যান্য মিত্ৰশক্তি আৰু অংশীদাৰসকলৰ সৈতে নিৰন্তৰ সম্পৰ্কত আছে। ইজৰাইৰ সুৰক্ষাৰ বাবে আমেৰিকা দৃঢ় প্ৰতিজ্ঞ।

ইয়াৰোপৰি ব্ৰিটেইনৰ লগতে আৰু কেইবাখনো দেশ ওলাই আহিছে ইজৰাইলৰ পক্ষত। গতিকে পৰৱৰ্তী সময়ত এই যুদ্ধই কি ৰূপ লয় সেয়া লক্ষণীয় হ'ব।

Also Read: অভিনেতা ছলমান খানৰ বাসগৃহৰ সন্মুখত গুলীচালনা

Israel iran